1. News

ৰাজ্যত নতুনকৈ দিয়া হ'ব ৫২ লাখ ৰেচন কাৰ্ড। ভাৰাতীয়াসকলেও ভাৰাঘৰৰ কাষতে লাভ কৰিব ৰেচনৰ সুবিধা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
5.2 million new ration cards will be issued in the state
5.2 million new ration cards will be issued in the state

ৰাজ্যত নতুনকৈ ৫২ লাখ লোকক ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা হাতত লৈছে যোগান বিভাগে। ধুবুৰীত আজি এই কথা ঘোষণা কৰে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। আঢ্যৱন্ত লোকক ৰেচন কাৰ্ড পৰিহাৰ কৰাৰ বাবে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই বহু লোকে ৰেচন কার্ড পৰিহাৰ কৰা বুলিও সদৰী কৰে মন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বানৰ প্ৰতি ইতিবাচক সঁহাৰিৰে ৰাজ্যৰ প্রায় আঢ়ৈ লাখ আঢ্যৱন্তই নিজৰ নিজৰ ৰেচন কাৰ্ড পৰিহাৰ কৰা বুলিও জনায় মন্ত্রী দাসে। সমগ্র ৰাজ্যত দৰিদ্র পৰিয়ালক সকাহ দিয়াৰ বাবে চৰকাৰে নতুনকৈ দিবলগীয়া ৫২ লাখ ৰেচন কাৰ্ডৰ ২ লাখ ১২ হাজাৰ ৰেচন কাৰ্ড দিয়া হ'ব ধুবুৰী জিলাৰ দৰিদ্ৰ পৰিয়ালক । ধুবুৰীস্থিত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি আয়োজিত এক বিশেষ অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থকা মন্ত্ৰী দাসে অসম মাইক্ৰ'ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনি, ২০২১'ৰ অধীনত হিতাধিকাৰীসকলক চেক বিতৰণ কৰে। এই আঁচনিৰ অধীনত জিলাখনৰ মুঠ ১,৪৮৩গৰাকী হিতাধিকাৰীক সৰ্বমুঠ ২,৪৮,১৩,১৮৬ টকাৰ চেক আজি বিতৰণ কৰা হয়।

লগতে পঢ়ক- 

ব্যৱসায় আৰু উদ্যোগিক দৃষ্টিকোণেৰে এৰী পলু পালনৰ লাভালাভ

উল্লেখ্য যে শেহতীয়াকৈ ইউআইডিএআই (UDIA)য়ে দেশৰ ৰেচনকাৰ্ডধাৰীসকলৰ বাবে লৈ আহিছে এটা ভাল খবৰ। দেশৰ যিকোনো কোণত থাকি ৰেচনৰ সুবিধা লাভ কৰিব পাৰিৰ হিতাধিকাৰীসকলে। ঘৰৰ পৰা আঁতৰত অৰ্থাত ভাড়া ঘৰ থকা ঠাইতে লাভ কৰিব ৰেচনৰ সামগ্ৰী। কেৱল আধাৰ কাৰ্ড দেখুৱাই চৰকাৰী ৰেচনৰ দোকানৰ পৰা যিকোনো ঠাইতে ৰেচন লাভ কৰিব পাৰিব।

ইউআইডিএআইয়ে "ৱান নেচন, ৱান ৰেচন কাৰ্ড" অভিযানৰ অধীনত নিজৰ অফিচিয়েল টুইটাৰ একাউণ্টত এই খবৰ ঘোষণা কৰিছে, "আধাৰৰ সহায়ত আপুনি দেশৰ যিকোনো ঠাইতে ৰেচন ল'ব পাৰিব"। ইয়াৰ বাবে আপুনি মাত্ৰ আপোনাৰ ওচৰৰ যিকোনো আধাৰ কেন্দ্ৰলৈ গৈ আধাৰ আপডেট কৰিব লাগিব।

লগতে পঢ়ক- 

PhonePe জৰিয়তে ঘৰত বহি কেনেদৰে উপাৰ্জন কৰিব পাৰি প্ৰতিদিনে ১০০০ টকা?

English Summary: 5.2 million new ration cards will be issued in the state.

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.