
ৰাজ্যত বৃদ্ধি পাই অহা ছোৱাইন ফ্লুৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে শেহতীয়াকৈ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। ইতিমধ্যে ছোৱাইন ফ্লুত আক্ৰান্ত অঞ্চলৰ সুস্থ গাহৰিসমূহকো নিধন কৰাৰ নিৰ্দেশনা জাৰি আছে লগতে নিধন কৰা গাহৰিসমূহৰ বিনিময়ত ১০ দিনৰ ভিতৰত গাহৰি পালকসকলক আৰ্থিক সকাহ দিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰিছে। তদুপৰি ৰোগ প্ৰতিৰোধৰ প্ৰতিৰোধৰ বাবে পশুপালন আৰু পশু চিকিৎসা বিভাগে তৎপৰতাৰে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে।
এই ব্যৱস্থাসমূহে গাহৰিপালকসকলক সাময়িক সকাহ দিয়াৰ লগতে উক্ত ৰোগৰ সংক্ৰমণ ৰোধ কৰাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি উল্লেখ কৰিছে কৃষি তথা ৰাজ্যৰ পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাই। বিগত দিনত ৰাজ্যৰ গাহৰি পালকসকলৰ বাবে ৰাজ্যৰ পশুপালন বিভাগে কৰা কামৰ এক খতিয়ান প্ৰকাশ কৰিছে। পশুপালন বিভাগৰ প্ৰতিবেদন অনুসৰি-

- ৰাইজৰ মাজত ব্যাপক সজাগতা বৃদ্ধিৰ বাবে বিভিন্ন প্ৰচাৰ মাধ্যমত বিজ্ঞাপন প্ৰচাৰৰ লগতে লৈ গোহাৰি জনোৱ হৈছে
- সংক্রমিত এলেকাসমূহত স্থানীয় প্রশাসনৰ জৰিয়তে ছেনিটাইজেচনৰ ব্যৱস্থা কৰা হৈছে ।
- ৪২৭ টা উদ্ধাৰ আৰু সাহায্য দল ( RRT ) গঠন কৰা হৈছে ।
- আক্রান্ত গাহৰি পামসমূহত ৰোগৰ লক্ষণ দেখা দিয়া বা সন্দেহজনক গাহৰিৰ নিধন তথা নিষ্পত্তিকৰণৰ বাবে বিভাগে বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰিছে ।
- আক্রান্ত বা সন্দেহজনক গাহৰিৰ তেজৰ নমুনা পৰীক্ষাণাৰত জমা দিয়াৰ তিনিদিনৰ ভিতৰত ফলাফল যোগান ধৰাৰ লগতে চৰকাৰীভাৱে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

- সংক্ৰমিত এলেকাত চৰকাৰীভাৱে নিধন কৰা গাহৰিসমূহৰ ক্ষতিপূৰণ ১০ দিনৰ ভিতৰত গাহৰিৰ গৰাকীক আদায় দিয়াৰ ব্যৱস্থা কৰা হৈছে ।
- এই ৰোগৰ বিভিন্ন বিষয়ত সিদ্ধান্ত ল'বৰ বাবে এক উচ্চস্তৰীয় সমিতি গঠন কৰা হৈছে , য'ত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ বিজ্ঞান গুৰু , ৰাষ্ট্ৰীয় গাহৰি গৱেষণা কেন্দ্ৰৰ সঞ্চালক আৰু বিভাগৰ বিষয়া জড়িত হৈ আছে ৷
উল্লেখ্য যে পশুপালন বিভাগৰ এই প্ৰতিবেদন অনুসৰি চৰকাৰীভাৱে যিপদক্ষেপ গ্ৰহণ কৰা হৈছে সেয়া প্ৰশংসনীয়। কিন্তু কাৰ্যক্ষেত্ৰত ই কিমান প্ৰযোজ্য হৈছে সেয়া লক্ষ্যণীয়। চৰকাৰীভাৱে গাহৰি নিধন কৰা মাহ অতিক্ৰম কৰিবলৈ হল কিন্তু এতিয়াও গাহৰিপালকসকলে লাভ কৰা নাই তেওঁলোকৰ ক্ষতিপূৰণ। কিন্তু চৰকাৰী প্ৰতিবেদনত দহদিনতেই লাভ কৰাৰ বিষয়ে প্ৰকাশ কৰিছে।
লগতে পঢ়ক- গাহৰি পালকৰ ভৱিষ্যত সন্দৰ্ভত কি ক’লে মন্ত্ৰী অতুল বৰাই !
Share your comments