1. News

২০২৫ ৰ ভিতৰত প্ৰতিখন পথাৰত জলসিঞ্চন ব্যৱস্থাৰ নিৰ্দেশ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Nitish kumar
Nitish kumar

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ অধ্যক্ষতাত हर खेत तक सिंचाई का पानी निश्चय योजना  সন্দৰ্ভত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকতে বিভাগীয় কৰ্তৃপক্ষৰ বিহাৰৰ ৰাজ্য চৰকাৰ গ্ৰহণ কৰা সংকল্প-৭ৰ অগ্ৰগতি বুজ লয় মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। অনুষ্ঠানতে নীতিশ কুমাৰে কয় যে ৰাজ্য চৰকাৰে ২০২১ চনৰ ৮ জানুৱাৰীত এক বৈঠকত Har Khet Tak Irrigation Ka Pani’ ৰ আঁচনি গ্ৰহণ কৰিছিল।

এই আঁচনি সফল ৰূপায়নৰ বাবে জল সম্পদ বিভাগক দায়িত্ব প্ৰদান কৰা হৈছে। যদিও এই দায়িত্ব জলসিঞ্চন বিভাগত দিয়া হৈছে আন বিভাগসমূহৰ সহযোগিতা  অতি গুৰুত্বপূৰ্ণ। উল্লেখ্য যে অতিৰিক্ত মুখ্য সচিব, ক্ষুদ্ৰ জলসম্পদ বিভাগৰ অতিৰিক্ত মুখ্য সচিব পাৰমাৰ ৰবি মনুভাই, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ প্ৰধান সচিব অৰবিন্দ কুমাৰ চৌধুৰী, শক্তি বিভাগৰ প্ৰধান সচিব সঞ্জয় আগৰৱালা, সঞ্জীৱ হংস আৰু কৃষি সঞ্চালকে ধৰি বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থি থাকে।

 বৈঠকতে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয় যে আমি জল সম্পদ বিভাগক বান ব্যৱস্থাপনা আৰু জলসিঞ্চনৰ বাবে দুটা ভাগত বিভক্ত কৰিছো যাতে ২০২৫ চনৰ ভিতৰত ৰাজ্য চৰকাৰৰ Har Khet Tak Irrigation Ka Pani’ আঁচনিৰ অধীনত বিহাৰৰ প্ৰতিখন পথাৰত জলসিঞ্চনৰ পানী পৰে।

লগতে মুখ্যমন্ত্ৰী নীতিশ কুমাৰ যাদবে অতি সোণকালেই অভিযন্তাসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰি ২০২৫ চনৰ ভিতৰত এই পৰিকল্পনাটো সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে।

লগতে পঢ়ক- কেন্দ্ৰীয় মন্ত্ৰী পুৰুষোত্তম ৰূপালাই অনুষ্ঠানিকভাৱে মুকলি কৰিলে AJAI ৰ LOGO

English Summary: Complete irrigation projects by 2025

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.