1. News

শীঘ্ৰেই নাজিৰাত স্থাপন হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ বৃহত্তম গাহৰি মাংস সংসাধন প্রকল্প

PANKAJ KHANIKAR
PANKAJ KHANIKAR
কৃষিমন্ত্ৰীৰ উত্তৰ-পূৰ্বাঞ্চলৰ বৃহত্তম গাহৰি মাংস সংসাধন প্রকল্প সন্দৰ্ভত আলোচনা
কৃষিমন্ত্ৰীৰ উত্তৰ-পূৰ্বাঞ্চলৰ বৃহত্তম গাহৰি মাংস সংসাধন প্রকল্প সন্দৰ্ভত আলোচনা

বৰ্তমান ৰাজ্যৰ গাহৰি পালকসকলৰ অৱস্থা তথৈবছ। চকুৰ সন্মুখতে ছৱাইন ফ্লুত  মৃত্যু হোৱা গাহৰিসমূহ চাই থকাৰ বাহিৰে উপায় নাই অসহায় গাহৰি পালকসকলৰ। ধাৰ-ঋণ লৈ পুহি থকা গাহৰিকেইটা এনেদৰে চকুৰ সন্মুখতে পোক-পৰুৱাৰ দৰে মৃত্যু হোৱা দৃশ্য দেখি লক্ষ্যবিহীন হৈ পৰিছে গাহৰিপালকসকল। কাৰণ ৰাজ্যৰ অধিকাংশ গাহৰি পালকেই  ঋণ লৈ গাহৰি পালন কৰিছিল। গাহৰিসমূহ মৰি যোৱাৰ পাছতেই এতিয়া ঋণ ঘূৰাই দিয়াৰ চিন্তাই খুলি খুলি খাইছে গাহৰি পালকসকলক। ইয়াৰ মাজতে অৱশ্যে ছৱাইন ফ্লুত মৃত্যু হোৱা গাহৰিপালকসকলৰ প্ৰতি চৰকাৰেই গ্ৰহণ কৰিছে পদক্ষেপ।  

এই সন্দৰ্ভত পশুপাল বিভাগে  জনাইছে যে গাহৰি পালকক ক্ষতিপূৰণ হিচাপে ১৫ কিলোগ্ৰাম পৰ্যন্ত গাহৰিৰ বিনিময়ত ২,২০০ টকা১৫ কেজিৰ পৰা ৪০ কেজি পৰ্যন্ত গাহৰিৰ বিনিময়ত ৫,৮০০ টকাপ্ৰাপ্তবয়স্ক প্ৰজননক্ষম ৪০ ৰ পৰা ৭০ কেজি ওজনৰ গাহৰিৰ বিনিময়ত ৮,৪০০ টকা৭০ ৰ পৰা ১০০ কেজি ওজনৰ গাহৰিৰ বিনিময়ত ১,২০০০ আৰু ১০০ কেজিৰো অধিক প্ৰজননক্ষম ওজনৰ গাহৰিৰ বিনিময়ত ১৫,০০০ টকাকৈ প্ৰদান কৰা হব।

পশু পালন বিভাগৰ মন্ত্ৰী অতুল বৰা  আৰু বিভাগীয়  বিষয়াৰে বৈঠক
পশু পালন বিভাগৰ মন্ত্ৰী অতুল বৰা আৰু বিভাগীয় বিষয়াৰে বৈঠক

ইফালে গাহৰি পালকসকলৰ এই দুৰ্দিন চলি থকাৰ মাজতে এটা ভাল খবৰো আহিছে।  নাজিৰাত  উত্তৰ-পূৰ্বাঞ্চলৰ বৃহত্তম গাহৰি মাংস সংসাধন প্রকল্প এটা স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। প্রকল্পটোৱে দক্ষিণ-পূব এছিয়াৰ গাহৰি মাংসৰ বজাৰখনত আধিপত্য বিস্তাৰ কৰি বিদেশী মুদ্ৰা অৰ্জনৰ লগতে বহু নিবনুৱা যুৱক-যুৱতীৰ আত্মসংস্থাপনৰ পথ প্ৰশস্ত কৰিব বুলি জানিবলৈ দিয়ে ৰাজ্যৰ পশু পালন বিভাগৰ মন্ত্ৰী অতুল বৰাই।  ইফালে সংসাধনৰ বাবে সম্পূৰ্ণ সাজু হৈ থকা উদ্যোগটো শীঘ্ৰেই কাৰ্যক্ষম কৰিবৰ বাবে ল'বলগীয়া বিভাগীয় ব্যৱস্থাৱলী তথা উদ্যোগটোৰ আনুষংগিক দিশসমূহ আলোচনাৰ উদ্দেশ্যে  ২০ জুনত জনতা ভৱনত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হোৱাৰ বিষয়েও টুইটযোগে জানিবলৈ দিয়ে কৃষিমন্ত্ৰী অতুল বৰাই।

পশু পালন বিভাগৰ মন্ত্ৰী অতুল বৰা  আৰু বিভাগীয়  বিষয়াৰে বৈঠক
পশু পালন বিভাগৰ মন্ত্ৰী অতুল বৰা আৰু বিভাগীয় বিষয়াৰে বৈঠক

বৈঠকত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ আয়ুক্ত-সচিব জয়ন্ত নাৰ্লিকাৰ, সচিব তথা সঞ্চালিকা ইন্দিৰা কলিতা, যুটীয়া সচিব অঞ্জনাভ চলিহা, অসম পশুধন আৰু হাঁহ-কুকুৰা নিগম পৰিসীমিতৰ পৰিচালন সঞ্চালিকা, দীপালী দেৱী প্ৰমু্খ্যে আন বিষয়াসকল উপস্থিত থাকে। উল্লেখ্য যে কৃষিমন্ত্ৰী অতুল বৰাই উত্তৰ-পূৰ্বাঞ্চলৰ বৃহত্তম গাহৰি মাংস সংসাধন প্রকল্পই মন্তব্য ৰখাৰ দৰেই যদি কথাবোৰ হৈ যায় তেতিয়া নিশ্চিতভাৱে ৰাজ্যৰ নিৱনুৱাসকলৰ বাবে এটা ভাল খবৰ। কিন্তু বৰ্তমান সময়ত ভাৰতৰ বৃহত্তৰ, উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তৰ, বিশ্বৰ বৃহত্তম আদি বিশেষণবোৰ প্ৰয়োগ কৰি ৰাজ্য জনসাধাৰণক আভুৱা ভৰাই ভৰাই আহিছে ৰাজ্য চৰকাৰখনে। গতিকে সচেতন মহলে আশা কৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ বৃহত্তম গাহৰি মাংস সংসাধন প্রকল্পটো জনসাধাৰণক আঁভুৱা ভৰা এটা প্ৰকল্প হৈ নুঠক। প্ৰকল্পটোৰ স্থাপনে ৰাজ্যখনৰ বাবে নতুন বাৰ্তা এটা কঢ়িয়াই আনক।

লগতে পঢ়ক- গাহৰি পালকৰ ভৱিষ্যত সন্দৰ্ভত কি ক’লে মন্ত্ৰী অতুল বৰাই !

English Summary: Largest pork processing project in Northeast in soon

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.