1. News

ডুবাইৰ লুলু হাইপাৰমাৰ্কেটত অসমৰ অনাৰস

PANKAJ KHANIKAR
PANKAJ KHANIKAR
অতুল বৰাৰ ফেচবুক পোষ্ট
অতুল বৰাৰ ফেচবুক পোষ্ট

অসমৰ অনাৰস খেতিয়কসকলৰ বাবে ভালখবৰ। অসমৰ অনাৰসৰ চাহিদা বাঢ়িছে দেশী-বিদেশী বজাৰত। বহিঃৰাজ্যৰ পাছতে এইবাৰ ডুবাইৰ লুলু হাইপাৰ মাৰ্কেটত দেখিবলৈ পোৱা গল অসমৰ অনাৰস। কৃষিমন্ত্ৰী অতুল বৰাই ফেচবুকত জনোৱা মতে  জৈৱিকভাৱে উৎপাদিত এই মাটকঁঠালসমূহ অসমৰ কাছাৰ জিলাৰ।

মন্ত্ৰী বৰাই কয়- অসমৰ কাছাৰ জিলাৰ ৰসাল, সুস্বাদু আনাৰস সুদূৰ ডুবাইৰ লুলু হাইপাৰমাৰ্কেটত বিক্ৰী হোৱাৰ দৃশ্য দেখিবলৈ পাই অত্যন্ত সুখী হৈছোঁ। এয়া আমাৰ কৃষকসকলৰ বাবে অতি উৎসাহজনক আৰু আনন্দৰ বতৰা।

বিশ্বৰ অতি উত্তম মানৰ আনাৰস হিচাপে গণ্য কৰা কাছাৰ জিলাৰ এই আনাৰসসমূহ কৃষি আৰু সংসাধিত খাদ্য সামগ্ৰী ৰপ্তানি বিকাশ প্ৰাধিকৰণ (APEDA)ৰ জৰিয়তে ডুবাইলৈ প্ৰেৰণ কৰা হৈছিল। ৰপ্তানি তথা উৎপাদন কাৰ্যৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিক এইছেগতে মই আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অনাগত দিনসমূহতো এই ধাৰা অব্যাহত থাকক, তাৰেই কামনা কৰিলোঁ।

Assam's Pineapple at Lulu Hypermarket in Dubai
Assam's Pineapple at Lulu Hypermarket in Dubai

উল্লেখ্য যে ইয়াৰ পূৰ্বে  অসমৰ অনাৰসে মন মুহিছে দিল্লী, কৰ্ণাটক আদি ৰাজ্যৰ লোকৰ মন।  ইফালে ৯ জুলাই তাৰিখে  ১২ মেট্ৰিক টন জৈৱিক পদ্ধতিৰে কৰা অনাৰস কৰ্ণাটকলৈ প্ৰেৰণ কৰিছে অসমৰ খেতিয়কে। এই প্ৰশংসনীয় কাৰ্যৰ বাবেও মুখ্যমন্ত্ৰীয়ে উৎসাহ জনাই সামাজিক মাধ্যমত প্ৰশংসাৰে উপচায় পেলায় অনাৰস খেতিয়কসকলক।

লগতে পঢ়ক- অসমৰ অনাৰসৰ দিল্লী, কৰ্ণাটকলৈ যাত্ৰা : সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ প্ৰশংসা

English Summary: Assam's Pineapple at Lulu Hypermarket in Dubai

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.