1. News

২০১৪ চনৰ পৰাহে ভাৰতত কৃষকে উপযুক্ত সন্মান জনাইছে : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Narendra Singh Tomar
Narendra Singh Tomar

দেশৰ খেতিয়কসকল দৰিদ্ৰ, ভোকাতুৰ বা শতাশাগ্ৰস্ত নহয়। এই ধাৰণাৰ পৰা আমি আমাক আঁতৰাই ৰখাৰ প্ৰয়োজন। তদুপৰি বহু সময়ত কৃষকসলক নিম্ন শ্ৰেণীৰ লোক বুলি জ্ঞান কৰা হয় ( যিহেতু আমাৰ সমাজত  এজন চাকৰিয়ালক যি সন্মান প্ৰদান কৰা হয় সেই একে সন্মান এজন কৃষকে নাপায়)। আপোনালোক জনা উচিত যে কৃষকজন দৰিদ্ৰ হ'ব পাৰে, তেওঁৰ খেতিপথাৰখন সৰু হ'ব পাৰে, অথচ কৃষকজনে কেৱল তেওঁৰ পৰিয়ালক পোহপাল দিয়াই নহয় দেশৰ অৰ্থনীতিতো অৰিহণা যোগায় আহিছে। গতিকে কৃষকসকলেই প্ৰকৃত সন্মানৰ পাত্ৰ। এই সন্মান কিন্তু দেশে স্বাধীনতা লাভ কৰাৰ পাছতো কৃষকক প্ৰদান কৰা হোৱা নাছিল। কিন্তু নৰেন্দ্ৰ মোডীয়ে কেন্দ্ৰত চৰকাৰ গঠনৰ পাছতেই কৃষকসকলক প্ৰকৃত সন্মান জনাবলৈ সক্ষম হৈছে।

আমি গৌৰৱান্বিত যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকসকলক তেওঁলোকৰ উপাৰ্জনত সহায় কৰাৰ পৰিকল্পনা অব্যাহত ৰাখিছে বিভিন্ন কৃষি আৰু কৃষকৰ উন্নয়ন সাধনৰ উদ্দেশ্য গ্ৰহণ কৰা আঁচনিসমূহে। ভাৰতীয় কৃষক সন্থা আৰু ভাৰতীয় কৃষি-অৰ্থনৈতিক গৱেষণা কেন্দ্ৰই ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ (আইচিএআৰ) সহযোগত স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে "খিলঞ্জীয়া আৰু গোলকীয় সমৃদ্ধিলৈ ভাৰতীয় কৃষিৰ অৱদান" শীৰ্ষক দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ উদ্বোধনী ভাষণত এই মন্তব্য কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰৰ।

লগতে তেওঁ বিগত দিনত কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ কৰি অহা কামৰ খতিয়ান দাঙি ধৰি কয় যে কেন্দ্ৰীয় চৰকাৰৰ কিষাণ সন্মান নিধি আঁচনিৰ অধীনত  প্ৰতি বছৰে কৃষকসকলক ৬ হাজাৰ টকাকৈ প্ৰদান কৰি অহা হৈছে। বৰ্তমানলৈ এই আঁচনিৰ জড়িয়তে  প্ৰায় ১১.৫ কোটি কৃষক এই আঁচনিৰ অধীনত  ২ লাখ কোটি টকা জমা কৰা হৈছে। স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে এনেদৰে কৃষকক এনে সন্মান প্ৰদান কৰা হৈছে।

কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৃষকৰ
কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৃষকৰ

সন্মিলনখনত মৰিচাছৰ কৃষি উদ্যোগ আৰু খাদ্য সুৰক্ষা মন্ত্ৰী মনীষ গোবিন, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যনিৰ্বাহক দত্তত্ৰয় হোচাবালে,  আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওহাইঅ' ষ্টেট ইউনিভাৰ্চিটিৰ অধ্যাপক ড০ প্ৰফেচৰ ৰতনলাল, আইচিএআৰৰ সঞ্চালক প্ৰধান ড০ ত্ৰিলোচন মহাপাত্ৰ, উপ-সঞ্চালক প্ৰধান ড০ এ.কে. ভাৰতীয় কিষাণ কেন্দ্ৰীয় সংঘৰ আয়োজক মন্ত্ৰী দীনেশ কুলকাৰ্ণী, ভাৰতীয় কৃষি-অৰ্থনৈতিক গৱেষণা কেন্দ্ৰৰ সভাপতি ড০ জলপতিৰাও আৰু সাধাৰণ সম্পাদক প্ৰমোদ চৌধুৰী, আয়োজক সম্পাদক ড০ মকৰন্দ কাৰকাৰে আৰু অন্যান্যসকল উপস্থিত থাকে।

নতুন দিল্লীৰ পুছাত আয়োজিত বৈঠকতে তেওঁ পুনৰ কয় যে প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত ভাৰত চৰকাৰে দেশখনক এখন সৱল আৰু আগশাৰীৰ ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে বিভিন্ন দিশত কাম কৰি আছে। এইক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে গ্ৰামাঞ্চলৰ দৰিদ্ৰ কৃষকসকলক অগ্ৰাধিকাৰ দিছে। গাওঁসমূহৰ উন্নয়ন, দৰিদ্ৰতা নিৰ্মূল, বৈষম্য দূৰীকৰণ, কৃষকসকলৰ উপাৰ্জন বৃদ্ধি আৰু কৃষিখণ্ডত উন্নত ৰূপ দিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। ফলস্বৰূপে, ভাৰত দিনে দিনে সমৃদ্ধিৰ দিশে আগবাঢ়িছে।  এইক্ষেত্ৰত কৃষকসকলৰ যি সঁহাৰিয়ে সকলো সম্ভৱ কৰি তুলিছে।  প্ৰধামন্ত্ৰী  মোডীয়ে চৰকাৰ গঠন কৰিয়েই কৃষকসকলৰ উপাৰ্জন বৃদ্ধি দুগুণ, কৃষকসকলক শোষণৰ পৰা মুক্তিৰ প্ৰতিশ্ৰুতি দিছিল সেই সন্দৰ্ভতো মন্তব্য আগবঢ়ায় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে।

লগতে পঢ়ক- ২০২৫ ৰ ভিতৰত প্ৰতিখন পথাৰত জলসিঞ্চন ব্যৱস্থাৰ নিৰ্দেশ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ

English Summary: After 2014 farmers have been given due respect : Narendra Singh Tomar

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.