যিসময়ত অসমৰ যুৱ-প্ৰজন্মই কামৰ সন্ধানত বহি:ৰাজ্যলৈ ঢাপলি মেলিছে। বহিঃৰাজ্যত গৈ থলুৱা লোকৰ নগুৰ-নাকটিৰ সন্মুখীন হৈছে তেনেসময়তে উত্তৰ প্ৰদেশৰ পৰা আহি অসমৰ মাটিত কৃষিকাৰ্যত ব্যস্ত ৬০ গৰাকীকৈ যুৱ কৃষক। জনীয়াৰ শওঁপুৰত বেঁকী নদীৰ চৰত মাটি লীজত লৈ কৃষকসকলে কৰিছে তৰমুজ, ৰঙালাওৰ খেতি।
চৰৰ মাজত জুপুৰি সাজি বাস কৰি খেতিত ব্যস্ত হৈছে এই ৬০ গৰাকীকৈ কৃষক। বছৰ বছৰ ধৰি ছন পৰি থকা এই বালিচৰত তৰমুজ খেতিৰে লাভৱান হ’ব বুলি আশাবাদী কৃষকসকল।
লগতে পঢ়ক-
বংগত আফিং খেতি কৰিবলৈ অনুমোদন বিচাৰি কেন্দ্ৰলৈ পত্ৰ মমতা বেনাৰ্জীৰ
ককাক-দেউতাকৰ আদৰ্শ আগত ৰাখিয়েই এই কৃষকসকলে এনেদৰে খেতি আহিছে বুলি জানিবলৈ দিছে কৃষককেইগৰাকীয়ে। কৃষকসকলৰ সৈতে হোৱা কথা বতৰাত তেওঁলোকে কয় - মাটি সাৰুৱা, যদি খেতি ভাল হয় মালিক পইচা দিব। খেতি ভালেই হৈছে । প্ৰায় ১০০-১৫০ মাটিত কৰিছো। লাভ কিমান হয় নাজানো কিন্তু পইচা খৰচ কৰি আছো।
উল্লেখ্য যে অসমৰ যুৱ-প্ৰজন্ম খেতি প্ৰতি আগ্ৰহ কমাৰ সময়তে এনেদৰে বহিঃৰাজ্যৰ পৰা আহি কৃষিত মনোনিৱেশ কৰিছে এইসকল যুৱ প্ৰজন্ম। সম্প্ৰতি অসমৰ উদ্যোগ, বাণিজ্য খণ্ডদুটা বহি:ৰাগতৰ হাতোৰাত খেতি আৰু পশুপালন খণ্ডটো ছেগা-চোৰাকাকৈ অসমীয়াৰ হাতত। ইফালে, বৰ্তমান পশুপালন খণ্ডটোলৈয়ো বহি:ৰাগত উপদ্ৰৱত শেষ হোৱাৰ দিশত। কাৰণ আজিকালি গাহৰি, বয়লা আদি বহিঃৰাজ্যৰ পৰাই আহিব ধৰিছে। আনফালে, কৃষিখণ্ডটো অসমীয়া মানুহৰ অৱহেলাৰ বাবে এইসকলোকে হাত কৰি লয় তেতিয়া কিন্তু পুনৰ অসমীয়া মানুহে কান্দিব লাগিব।
লগতে পঢ়ক-