1. এগ্ৰিপেডিয়া

চ’ত মাহৰ আৰম্ভণিতে কৰক এই জাতসমহূৰ মগুমাহ আৰু মাটিমাহ খেতি

PANKAJ KHANIKAR
PANKAJ KHANIKAR

মগুমাহ আৰু মাটি মাহ বছৰত দুবাৰ কৰিব পাৰি। বছৰটোৰ ভাদ-আহিন আৰু ফাগুণ-চ’তত  মাটিমাহৰ খেতি কৰিব পাৰি। অৱশ্যে আজি আমি এই আলোচনাত ফাগুণ-চ’ত মাহত কৰা মাটিমাহৰ বিষয়েহে আলোচনা কৰিম। সম্প্ৰতি ৰাজ্যৰ বহু কৃষকে মাটিমাহৰ খেতি আৰম্ভ কৰিছেই। মগুমাহ আৰু মাটিডৰা চহাই-মৈয়াই সমান কৰাৰ পাছতে বীজ সিঁচিব পাৰে কৃষকসকলে।

বীজৰ পৰিমাণঃ

গ্ৰীস্মকালীন মাটিমাহ শাৰী শাৰীকৈ সিঁচিলে বিঘাই প্ৰতি ৩-৩.৩ কিলোগ্ৰাম বীজ লাগিব। গ্ৰীষ্মকালীন মগুমাহৰ ক্ষেত্ৰত এ এ ইউ- ৩৪ আৰু ৩৯ৰ বাবে বীজ লাগিব বিঘাই প্ৰতি ২.৭-৩ কিলোগ্ৰাম (শাৰী শাৰীকৈ সিঁচিলে), এনেয়ে সিঁচিলে লাগিব ৩.৬ কিলোগ্ৰাম। বাকীবোৰ জাতৰ ক্ষেত্ৰত শাৰী শাৰীকৈ সিঁচিলে ২-২.৫ কিলোগ্ৰাম আৰু এনেয়ে সিঁচিলে ২.৭-৩ কিলোগ্ৰাম বীজ বিঘাই প্ৰতি প্ৰয়োজন হ’ব।

জৈৱসাৰ প্ৰয়োগঃ

মাটিত জৈৱসাৰ প্ৰয়োগ কৰিব পাৰিলে মাটিৰ উৰ্বৰতা আৰু গুণাগুণ বৃদ্ধি পায়। সেয়ে মাটিত যথেষ্ট পৰিমাণে জৈৱসাৰ প্ৰয়োগ কৰিব লাগে। মগু আৰু মাটিমাহৰ বাবে বিঘাই প্ৰতি ১.৩ কুইণ্টল জৈৱসাৰ প্ৰয়োগ কৰিব পাৰিলে ভাল হয়।

ৰাসায়নিক সাৰ প্ৰয়োগঃ

মাটিত অকল জৈৱসাৰ বা বীজৰ লগত জীৱাণুসাৰ দিলেই দাইলজাতীয় শস্যৰ উৎপাদন বৃদ্ধি নহয়। তাৰ বাবে ৰাসায়নিক সাৰো প্ৰয়োগ কৰিব লাগে। যদিহে আমাৰ কৃষকে জীৱাণুসাৰ প্ৰয়োগ কৰে তেন্তে বিঘাই প্ৰতি ৩ কিলোগ্ৰাম ইউৰিয়া আৰু ৩০ কিলোগ্ৰাম ছিংগল ছুপাৰ ফছফেট সাৰ প্ৰয়োগ কৰিব লাগে। গোটেইখিনি সাৰ মাটি শেষবাৰ চহোৱাৰ আগে আগে প্ৰয়োগ কৰা দৰকাৰ। কোনো কৃষকে যদি ডি এ পি সাৰ ব্যৱহাৰ কৰিব ইচ্ছা কৰে তেনেহ’লে জীৱাণুসাৰ প্ৰয়োগ নকৰি বিঘাই প্ৰতি ১০ কিলোগ্ৰাম ডি এ পি সাৰ প্ৰয়োগ কৰিব পাৰে। এনেক্ষেত্ৰত ইউৰিয়া আৰু ছিংগল ছুপাৰ ফছফেট সাৰ দিব নালাগে।

লগতে পঢ়ক- 

প্ৰকৃত কৃষক হৈয়ো যদি PMKSAN ৰ ধন পোৱা নাই তেনেহ’লে এইকেইটা কাম কৰক

বীজ সিঁচাঃ

বীজ শাৰী শাৰীকৈ সিঁচিলে দুটা শাৰীৰ মাজত দুৰত্ব হ’ব লাগে ৩০ ছেণ্টিমিটাৰ আৰু এডাল গছৰ পৰা আন এডাল গছৰ দূৰত্ব হ’ব লাগে ১০ ছেণ্টিমিটাৰ।

পৰিচৰ্যাঃ

মগু আৰু মাটিমাহত এবাৰ অপতৃণ নিৰ্মূল কৰাৰ বাদে বিশেষ আৰু পৰিচৰ্যা কৰিব লগা নহয়। অৱশ্যে ৰোগ পোকৰ আক্ৰমণ হ’লে তাৰ প্ৰতিকাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

পাতত দাগ পৰা ৰোগঃ

এই ৰোগৰ আৱিৰ্ভাৱ হ’লে কপাৰ অক্সিক্ল’ৰাইড ঔষধ ৭-১০ দিনৰ অন্তৰত স্প্ৰে’ কৰিব লাগে। ইয়াৰ বাবে এবিঘা মাটিৰ বাবে ২৭০ গ্ৰাম ঔষধ ৮০-৯০ লিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে। এই ঔষধ নাপালে কাৰ্বেনডাইজিম ঔষধো ১২-১৫ দিনৰ অন্তৰত স্প্ৰে’ কৰিব পাৰি। এইক্ষেত্ৰত প্ৰতি বিঘাৰ বাবে ৪০-৪৫ গ্ৰাম ঔষধ ৮০-৯০ লিটাৰ পানীত মিহলাব লাগিব।

ব্লাইট ৰোগঃ

এই ৰোগৰ বাবে কাৰ্বেনডাইজিন ঔষধ বিঘাই প্ৰতি ৪০-৪৫ গ্ৰাম ৮০-৯০ লিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে। এই ঔষধে পাউদাৰ মিহলাই ৰোগো নিয়ন্ত্ৰণ কৰিব পাৰি।

পোকঃ

সাধাৰণতে মগু আৰু মাটিমাহৰ শস্যত হোৱা পোকবোৰ মালাথিয়ান ৫০ ইঞ্চি ঔষধৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পাৰি। তাৰ বাবে বিঘাই প্ৰতি ১৩০-২০০ মিঃ লিঃ ঔষধ ৬০-৯০ লিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে।

ফচল কটাঃ

জাতভেদে ৬৫-৭০ দিনৰ ভিতৰত প্ৰথমবাৰ শস্য চপাব পৰা যায়। ইয়াৰ পাছত ১০-১৫ দিন পাছত অধিকাংশ ছেঁই পূৰঠ হৈ শুকাই যায়। ছেঁইবোৰ ২-৩ বাৰ ছিঙিব পাৰি। তাৰ পাছত গছ কাটি মাটিত হালবাই মিহলাই দিলে মাটিৰ উৰ্বৰতা বৃদ্ধি হয়।

উল্লেখ্য যে বীজ মাটিমাহৰ বীজ শোধন কৰাটো অত্যন্ত প্ৰয়োজনীয়। বীজ শোধনে বীজখিনিক বীজাণুমুক্ত কৰাৰ উপৰি শস্যডৰাক পৰবৰ্তী সময়ত কীট-পতংগ তথা বিভিন্ন ৰোগৰ পৰা মুক্ত কৰিব পৰা যায়। বীজ-শোধন প্ৰক্ৰিয়াৰ লাভালাভ সন্দৰ্ভত মাজুলী জিলাৰ কমলাবাৰী কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া অনুপম দত্তই কয়- মগুমাহ আৰু মাটিমাহৰ বীজ শোধনৰ বাবে টাইকৌডাম অনুমানিক অনুপাতত পানীত মিহলাই বীজবোৰ ধুৱ লাগে অৰ্থাত ৫-৬ মিনিট টাইকৌডাম মিশ্ৰিত পানীত ডুবাই থৈ সিচিব লাগে। এনে কৰিলে বীজত থকা বীজাণুসমূহ মৰি যায় আনহাতে বীজ সিঁচাৰ পাছত মাটিৰ পৰা লাগিব লগা বীজাণু আৰু পোক পৰুৱাক আঁতৰাই ৰাখে।

লগতে পঢ়ক- 

নৰা বগৰীৰ কৃষি পদ্ধতি

English Summary: Black lentil Farming & its benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.