1. স্বাস্হ্য আৰু জীৱন

Finger Millet, মৰুৱা ধান বা ৰাগীৰ বিবিধ ব্যঞ্জন আৰু ইয়াৰ উপকাৰিতা

Mrigakshi Phukan
Mrigakshi Phukan
Ragi / মৰুৱা ধান
Ragi / মৰুৱা ধান

মৰুৱা ধান দেখাত প্ৰায় সৰিয়হৰ দৰে। ইয়াক ৰাগি বুলিও কোৱা হয়। চাউল, ঘেঁহু আদিৰ দৰে ই এবিধ শস্য যাৰ বহু গুণাগুণ আছে। মৰুৱাধান ইথিয়’পিয়াৰ উচ্চ অঞ্চলৰপৰা অহা বুলি জনা যায়। ভাৰতলৈ প্ৰায় চাৰি হাজাৰ বছৰৰ পূৰ্বে ৰাগী বা মৰুৱাধানৰ সঁচ অনা হৈছিল। ভাৰতৰ কৰ্ণাটক, তামিলনাডু, ছিকিম, অৰুণাচল প্ৰদেশ, হিমাচল প্ৰদেশ, ঝাৰখণ্ড আদিত মৰুৱা ধানৰ খেতি ব্যাপকভাৱে কৰা হয়। ইয়াক মৰুৱা, ৰাগি, নাছনি বা ফিংগাৰ মিলেট হিচাপে জনা যায়। শৰীৰৰ বাবে প্ৰয়োজনীয় একাধিক পোষক দ্ৰব্যৰে ভৰপুৰ মৰুৱা ধান। ইয়াত কেলচিয়াম, জিংক, মেগনেছিয়াম, পটাচিয়াম, ভিটামিন B3 আদি থাকে।

ৰুটী, হালোৱা, ইডলী, ডোচা, বৰফি, চুপ, উপমা আদি ৰান্ধিবলৈ ৰাগি বা মৰুৱা ধান ব্যৱহাৰ কৰিব পাৰি। মেদবহুলতা বা ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত মৰুৱা ধানেৰে তৈয়াৰী খাদ্যক উপযোগী বুলি গণ্য কৰা হয়। ওজন কমাব খোজা লোকসকলক বগা চাউলৰ ভাত বা ঘেঁহুৰ আটাৰ ৰুটীৰ পৰিৱৰ্তে ৰাগিৰ বা মৰুৱা ধানেৰে তৈয়াৰী খাদ্য খাবলৈ পৰামৰ্শ দিয়া হয়।

ঘেঁহুৰ আটাৰ সৈতে ৰাগি, বাজৰা, বেচন আদি মিহলাই মাল্টি গ্ৰেইন আটা তৈয়াৰ কৰিব পাৰি, যি যথেষ্ট পুষ্টিকৰ উপাদানেৰে ভৰপূৰ। মৰুৱা ভানত পোৱা ট্ৰিপ্ট’ফেন নামৰ উপাদানে ভোক উপশম কৰে আৰু ইয়াত থকা ভাইবাৰে দীৰ্ঘ সময় ধৰি পেট ভৰাই ৰখাত সহায় কৰে। যাৰ ফলত ওজন কম কৰা সহজ হৈ পৰে। বগা চাউলৰ তুলনাত ৰাগি বা মৰুৱা ধানত বেছি পৰিমাণে ফাইবাৰ বা আঁহ থাকে। এই আঁহে খাদ্যৰ পচনত সহায় কৰে আৰু পচন তন্ত্ৰ মজবুত কৰি তোলে। ৰাগিত থকা লেচিথিন আৰু মেথিউনিন নামৰ এমিন’ এচিডে লিভাৰৰপৰা চৰ্বী দূৰ কৰে। লগতে কলেষ্টেৰলৰ মাত্ৰা কম কৰি হৃদযন্ত্ৰক সুস্থ কৰি ৰখাত সহায় কৰে।

শৰীৰত কেলচিয়ামৰ অভাৱ হ’লে হাড় আৰু মাংসপেশী দুৰ্বল হ’ব পাৰে, শিশুৰ উচ্চতা বৃদ্ধি কম হ’ব পাৰে, স্মৃতিশক্তি কম হ’ব পাৰে আৰু চুলি সৰা সমস্যাই দেখা দিব পাৰে। এনে ক্ষেত্ৰত কেলচিয়ামৰ উৎস হিচাপে ৰাগি বা মৰুৱা ধান ব্যৱহাৰ কৰিব পাৰি। এনিমিয়া বা হিম’গ্ল’বিন কম হ’লেও ৰাগিৰে তৈয়াৰী খাদ্য খালে শৰীৰত তেজ বৃদ্ধি হয়। অংকুৰিত মৰুৱা ধানত প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায়। যি শৰীৰৰ বাবে অত্যন্ত প্ৰয়োজনীয়। ৰাগিত পোৱা এমিন’ এচিডে দুঃচিন্তা, অনিদ্ৰা, মূৰৰ বিষ আদিৰ সমস্যা দূৰ কৰাত সহায় কৰে। লগতে ইয়াত থকা ট্ৰিপ্ট’ফেনে অৱসাদ দূৰ কৰি শৰীৰৰ কৰ্মক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।

ৰাগিৰ গ্লাইচেমিক ইণ্ডেক্সৰ মাত্ৰা কম হোৱাৰ বাবে ই শৰীৰত গ্লুক’জৰ ভাৰসাম্য ৰক্ষাত সহায় হয়। সেয়ে ডায়েবেটিক ৰোগীৰ বাবে ৰাগি বা মৰুৱা ধান যথেষ্ট উপযোগী। শিশুসকলকো ৰাগিৰে প্ৰস্তুত কৰা খাদ্য খুৱালে স্বাস্থ্য ভাল হয়। স্তনপান কৰোৱা মহিলাৰ বাবেও ই এক উপকাৰী খাদ্য। সৌন্দৰ্য ৰক্ষাতো ৰাগিয়ে সহায় কৰে। মুখৰ শালমইনা, দাগ আদি দূৰ কৰাত ই সহায়ক হয়। শৰীৰৰ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাতো সহায় কৰে ৰাগিয়ে। অৱশ্যে ৰাগি সীমিত পৰিমাণেহে গ্ৰহণ কৰিব লাগে। অত্যধিক পৰিমাণে ৰাগি খালে ইয়াত পোৱা অক্সালেটে কিডনী ষ্ট’নৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে কিডনীৰ পাথৰৰ সমস্যাত ভোগাসকলক মৰুৱা ধান বা ৰাগিৰে তৈয়াৰী খাদ্য গ্ৰহণৰ পৰা বিৰত থাকিবলৈ কোৱা হয়।

লগতে পঢ়কঃ মিলেট : স্বাস্থ্য আৰু পুষ্টিগত সুৰক্ষাৰ এক সমাধান

English Summary: Benefits of having finger millet or moruwa dhan

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.