1. News

৩৫ বিঘা মাটিত বিভিন্ন শাক-পাচলিৰ খেতি কৰি চৰ্চাত জনপ্ৰতিনিধি

Mrigakshi Phukan
Mrigakshi Phukan
farmer
farmer

বঙাইগাঁও জিলাৰ সিদলসতীৰ এগৰাকী ব্যতিক্ৰমী জনপ্ৰতিনিধি৷ বিভিন্ন সামাজিক কাম-কাজত জড়িত হৈ থকাৰ লগতে ব্যক্তিগৰাকী কাকৈজানা গাঁও পঞ্চায়তৰ সভাপতিৰ দৰে সন্মানীয় আসনৰ দায়িত্বতো আছে। সামাজিক কাম-কাজৰ বাবে ইতিমধ্যে তেওঁ ৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰিছে৷ কিন্তু এইগৰাকী জনপ্ৰতিনিধিৰ আছে অন্য এক চিনাকি৷ বিগত ৩০-৩৫ বছৰ ধৰি অঞ্চলটোত এগৰাকী আদৰ্শ খেতিয়ক হিচাপেও তেওঁ পৰিচিত৷ বিভিন্ন সময়ত বিভিন্ন খেতি উৎপাদন কৰি, বজাৰত বিক্ৰী কৰি আৰ্থিকভাৱে লাভৱান হোৱাৰ লগতে অন্য পাঁচটা পৰিয়ালকো আৰ্থিকভাৱে সকাহ দি আহিছে এইগৰাকী খেতিয়ক তথা জনপ্ৰতিনিধিয়ে৷

তেওঁৰ নাম ধনেশ্বৰ বৰ্মন৷ তেওঁ শাসকীয় দলৰ এজন জনপ্ৰতিনিধি৷ কৃষি বিপ্লৱ তথা বজাৰ আমাৰ পথাৰ আমাৰ সংস্কৃতিৰে পথাৰত নামিছে তেওঁ৷ অঞ্চলটোত কৰ্মসংস্কৃতি গঢ়ি তোলাৰ বাবে পথাৰত ব্যস্ত হৈ পৰে এইগৰাকী বিশেষ ব্যক্তিয়ে৷ নিজ ঘৰৰ পৰা প্ৰায় দুই কিলোমিটাৰ আঁতৰৰ আই নদীৰ ওচৰৰ নাচনগুৰি গাঁৱত মুঠ ৩৫ বিঘা মাটিত বিভিন্ন খেতি কৰি তেওঁ হৈ পৰিছে এগৰাকী আদৰ্শ খেতিয়ক তথা পদ প্ৰদৰ্শক। অন্য যুৱক-যুৱতীৰ বাবে তেওঁ এক আদৰ্শ৷ নাচনগুৰিৰ পথাৰত এতিয়া যেনিয়ে চায় তেনিয়ে দেখিব কেৱল সেউজীয়া আৰু সেউজীয়া৷ পথাৰ ভৰি আছে বিভিন্ন শাক-পাচলিৰে৷

এফালে যদি বন্ধাকবি-ফুলকবি, অন্যফালে ব্ৰকলি, বেঙেনা, জলকীয়া, বিলাহী, আলু, সৰিয়হ, কচু আদি৷ নাচনগুৰীৰ এই অঞ্চলত বিভিন্ন খেতিৰে ভৰি আছে খেতিপথাৰত৷ এক নান্দনিক পৰিৱেশ৷ জৈৱিক সাৰ আৰু গোৱৰ সাৰেৰে প্ৰায় ৩০ বিঘা মাটিত বিভিন্ন পাচলিৰ বাগানৰ লগতে ৫ বিঘা মাটিত সৰিয়হ খেতি কৰিছে তেওঁ৷ পাঁচটা পৰিয়ালৰ লোকক খেতিত নিয়োগ কৰি আৰ্থিকভাৱে স্বাৱলম্বী কৰি তুলিছে আদৰ্শৱান ব্যক্তি ধনেশ্বৰ বৰ্মনে৷ বিভিন্ন সামাজিক কাম-কাজ, সভা-সমিতিৰ মাজতো সময় উলিয়াই খেতিডৰাত সময় দি যায় এইজন লোকে৷ দেউতাক আৰু ককাদেউতাকৰ আদৰ্শ সৰোগত কৰি তেওলোকৰ আদৰ্শ জীয়াই ৰখাৰ স্বাৰ্থত এনেদৰে প্ৰতিবছৰে বিভিন্ন সময়ত বিভিন্ন খেতি কৰি অহা বুলি প্ৰকাশ কৰে ব্যক্তিগৰাকীয়ে৷

খেতিডৰাৰ পৰা বিভিন্ন শাক-পাচলিসমূহ বঙাইগাঁও, অভয়াপুৰী, টুলুঙীয়া, ছিপনছিলা, বিজনী, চিদলী আদি ঠাইৰ বজাৰত বিক্ৰী কৰাৰ কথা প্ৰকাশ কৰি তেওঁ খেতিয়ক হিচাপে যিমান কষ্ট কৰে সিমান মূল্য নাপায় বুলি কয়৷ অসমীয়া যুৱকক খেতিপথাৰত নামিবলৈকো আহ্বান জনায় এই জন ব্যক্তিয়ে । কষ্ট কৰিলে ফল পোৱা বুলি প্ৰকাশ কৰি খেতিৰদ্বাৰা অসমত কৰ্মসংস্কৃতি গঢ়ি তুলিবলৈ আহ্বান খেতিয়কগৰাকীৰ৷ খেতি কৰিও আৰ্থিকভাৱে লাভৱান হোৱাৰ লগতে সুন্দৰভাৱে পৰিয়াল চলাব পৰা যায় বুলি কয় তেওঁ৷ শ শ বিঘা মাটি চন পেলাই নাৰাখি অসমীয়া যুৱকক খেতিত মনোনিৱেশ কৰিবলৈ আহবান জনায় এইগৰাকী আদৰ্শবান খেতিয়ক তথা জনপ্ৰতিনিধিয়ে৷

লগতে পঢ়কঃ একেলগে ৫২,০০০০ মহিলাৰ বাবে চাকৰিৰ সুযোগ

প্ৰেৰকঃ দ্বীপজ্যোতি ৰায়, বঙাইগাওঁ

English Summary: Panchayat precedent appreciated for farming in 35 bighas of land

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.