1. এগ্ৰিপেডিয়া

Ridge gourd farming : জানুৱাৰী-ফেব্ৰুৱাৰীতে আগতীয়াকৈ আৰম্ভ কৰক জিকাৰ খেতি!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Ridge gourd farming in assam
Ridge gourd farming in assam

বাৰিষা কালৰ এবিধ অন্যতম পাচলি জিকা। জিকা বাৰিষা কালৰ যদিও অসমৰ কৃষকসকলে জানুৱাৰী-ফেব্ৰুৱাৰীতে আগতীয়াকৈ এই খেতি কৰি লাভান্বিত যথেষ্ট স্থল আছে। আগতীয়াকৈ যদি বজাৰত জিকাসমূহ উলিয়াব পাৰে দুগুণ দামত বিক্ৰিব কৰিব পাৰে । আলু চপোৱাৰ পাছতে কৃষকসকলে আলু তলিসমূহতো কৃষকসকলে জিকাৰ খেতি কৰিব পাৰে। জিকাৰ ভাল উতপাদনৰ বাবে উন্নত মানৰ সঁচৰ ভূমিকা বহুত। গতিকে কৃষকসকলে খেতি আৰম্ভ কৰাৰ পূৰ্বে কি সঁচৰ খেতি কৰিব আৰু সঁচবিধৰ বাবে কেনেকুৱাধৰণৰ মাটি উপযোগী ইত্যাদি কথাবোৰ অভিজ্ঞতা থকা লোকৰ পৰা জানি লোৱা অতি প্ৰয়োজন। থোৰতে আমাৰ লেখাটো দুটামান জিকা খেতিৰ বিষয়ে উল্লেখ কৰিম।

জিকা খেতি
জিকা খেতি

অসম কৃষি বিশ্বিবদ্যালয়ে অসমৰ মাটি আৰু জলবায়ুৰ উপযোগী দুবিধ সঁচৰ বিষয়ে উল্লেখ কৰিছে। এই সঁচ দুবিধ হ’ল-

১) পুচা নাছদাৰ : এজোপা গছত ১৫-২০ টাকৈ জিকা লাগে, দীঘল হয়, সেউজীয়া ৰঙৰ । গছত ৬০ দিনৰ ভিতৰত বীজ লাগিবলৈ ধৰে আৰু ৭০-৭৫ দিনত ফলবোৰ চিঙিব পৰা হয়।

২) এএ ইউ জে ১ : এজোপা গছত ১৫-২০ টাকৈ জিকা লাগে, জিকাবোৰ দীঘল আৰু সেউজীয়া ৬০-৬৮ দিনৰ ভিতৰত জিকা চিঙিব পৰা হয়। গড় হিচাবে হেক্টৰে প্রতি ১১০ কুইন্টল মান উত্পাদন হয়। উল্লেখ্য যে এই দুইবিধ সঁচ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, মে এই চাৰিওটা মাহত কৰিব পাৰি।

 

লগতে পঢ়ক-

বান্দৰৰ উপদ্ৰৱ থকা অঞ্চলৰ কৃষকসকলে কৰক পাচাউলিৰ খেতি

জিকা খেতি
জিকা খেতি

জিকা খেতিৰ বাবে পানী জমা নোহোৱা বালিয়া আৰু পলসুৱা মাটি উপযোগী। অসমৰ কৃষকসকলে নদীপাৰৰ পাৰৰ সাৰুৱা তথা বালি অহীয়া মাটিত এই খেতি কৰিব পাৰে। যিবিলাকত সাধাৰণতে ধান খেতি ভাল নহয়। ধান ভাল নোহোৱা বাম ঠাইবোৰত জিকাৰ লগতে অন্যান্য গ্ৰীষ্মকালীন শাক-পাচলিসমূহৰ বিজ্ঞানসন্মত পদ্ধতিৰে খেতি কৰি ধান খেতিতকৈ দুগুণ লাভ উঠাব পাৰে।

সাৰ প্ৰয়োগ, জলসিঞ্চন, বীজৰ পৰিমাণ আদি কথাবোৰ কৃষকসকলে খেতি কৰাৰ মাটি আৰু ইয়াৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰিব। জিকাবোৰ জেঙত নে হেণ্ডালীত বগাব দিব তাক নিৰ্ধাৰণ কৰি শাৰীবোৰৰ মাজত ব্যৱধান কৰিব। সাধাৰণতে জিকাৰ এটা শাৰীৰ পৰা আন এটা শাৰীলৈ ডেৰমিটাৰ ব্যৱধান থাকিব লাগে। শাৰীৰবোৰৰ মাজত ব্যৱধান বেছি থাকিলে সময়মতে সাৰ-পানী আৰু অলাগতিয়াল বনবোৰ নিওৱাত সহায় হয় লগতে জিকাজোপা বাধা নোপোৱাকৈ বগাই যাব পাৰে। উল্লেখ্য যে জেং বা হেণ্ডালিৰ বিকল্প হিচাপে বহু কৃষকে আজিকালি  ৰচিৰে জাল বনাই সেই জালত জিকা বগাবলৈ দিয়া দেখা যায়।

লগতে পঢ়ক- 

Nuts Farming : অসমৰ কৃষকসকলে জানুৱাৰী-ফেব্ৰুৱাৰীৰ ভিতৰত কৰক বাদামৰ খেতি

 

English Summary: Ridge gourd farming in assam

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.