1. News

বাক্সাৰ গোলা গাঁৱত জৈৱিক বজাৰ উদ্বোধন

RAHUL ALI
RAHUL ALI
Organic Market Golagaon, Baksa
Organic Market Golagaon, Baksa

ভাৰত ভূটান সীমান্ত এলেকাৰ বাক্সা জিলাৰ গোলাগাঁৱ সাপ্তাহিক বজাৰত আজি সমগ্ৰ এলেকাটোৰ সদ্যহতে ৭০ গৰাকী কৃষকে একত্ৰিত হৈ উদ্বোধন কৰিলে এখন জৈৱিক বজাৰ। বাক্সা জিলাৰ গোলাগাঁৱ সাপ্তাহিক বজাৰত আজি উদ্বোধন কৰা হয় এই জৈৱিক বজাৰ খন।

এই বিশেষ জৈৱিক বজাৰ খনত জৈৱিক সাৰ আৰু জৈৱিক কিট নাষক দ্ৰব্য ব্যৱহাৰ কৰি উৎপাদন কৰা লাই, মূলা, পালেং, ধনীয়া, ৰঙালাওৰ আগ, শেৱালী ফুল, অমিতাৰ ফুল, অমিতা, ওল কবি, ভোল, কচু, নাৰিকল, ৰঙালাও, লেচেৰা,  মৌচুমী, তামোল, পাণ, কালা আদি বিভিন্ন শাক পাচলি উলিয়াই বিক্ৰীৰ বাবে উলিওৱা দেখা পৰিলক্ষিত হয়।

গ্ৰাহকে শাক পাচলি কিনিবলৈ হেতা ওপৰা লগা এই জৈৱিক বজাৰ খন গোলাগাঁৱ ভিচিডিচিৰ অধ্যক্ষ এন্টনী হাজোৱাৰীয়ে ৰঙা ফিটা কাটি  উদ্বোধন কৰি কয়, " গোলাগাঁৱত আজি সংযোজন কৰা এই জৈৱিক বজাৰ খনে অঞ্চলটোৰ এটা বৃহৎ অভাৱ দূৰ কৰিব। কিন্তু ইয়াৰ সতে জড়িত কৃষক সকলে সততে মনোযোগ দিব লাগিব যে এই বজাৰখনত যাতে কোনো ৰসায়নিক সাৰেৰে উৎপাদন কৰা সাক পাচলি বিক্ৰীৰ সুবিধা নেপায়।

ৰসায়নিক সাৰৰ পাচলি বিক্ৰী কৰিলে এই বজাৰ খনৰ অৰ্থই নেথাকিব। "বিশিষ্ট কৃষক লক্ষীণ বড়োই আঁতধৰা অনুষ্ঠানত গোলাগাঁৱ শাখা সাহিত্য সভাৰ সম্পাদক কামেশ্বৰ দাস, আগশাৰীৰ কৃষক কবিত বড়োকে আদি কৰি কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

লগতে পঢ়ক-ব্যৱসায় আৰু উদ্যোগিক দৃষ্টিকোণেৰে এৰী পলু পালনৰ লাভালাভ

English Summary: Organic Market inauguration at Golagaon, Baksa

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.