1. News

মাহটোৰ প্ৰথমটো দিনৰ ডাঙৰ খবৰ! ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম হ্ৰাস !

PANKAJ KHANIKAR
PANKAJ KHANIKAR
What is  Commercial  gas price today
What is Commercial gas price today

মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ জনতাক। এই সময়তে মধ্যবিত্তৰ বাবে সকাহৰ খবৰ যে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম হ্ৰাস পাইছে। ১৯ কিলোগ্ৰামৰ বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম আছিল ১৮৫৯.৫০ টকা। বৰ্তমান দাম হ্ৰাস পোৱাত হ’লগৈ ১৭৪৪ টকা।

ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম নকমিলেও কমিছে বাণিজ্যিক চিলিণ্ডাৰৰ দাম। প্ৰতিটো চিলিণ্ডাৰত ১১৫.৫০ টকা হ্ৰাস পাইছে বাণিজ্যিক চিলিণ্ডাৰত। ইয়াৰ ফলত কলকাতাত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম হ’ল ১৮৪৬ টকা, পূৰ্বে এই দাম আছিল ১৯৯৫.৫০ টকা। মুম্বাইত বাণিজ্যিক চিলিণ্ডাৰৰ দাম আছিল ১৮৪৪ টকা, বৰ্তমান দাম ১৬৯৬ টকা।

লগতে পঢ়ক- 

এবিঘা মাটিত এৰাগছ বা কেছেৰু গছ ৰুলে কিদৰে লাভ কৰিব বছৰি ১ লাখ টকা

চেন্নাইত বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম আছিল ২০০৯.৫০ টকা। এতিয়া দাম ১৮৯৩ টকা। বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম কমাৰ ফলত কিছু স্বস্তিৰ সকাহ পাব মধ্যবিত্তই। ইয়াকে লৈ ধাৰাবাহিকভাৱে ৬বাৰ কমিল বাণিজ্যিক চিলিণ্ডাৰৰ দাম। অক্টোবৰত বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ২৫.৫ টকা কমিছিল।

চৰকাৰৰ এই সিদ্ধান্তৰ পাছতে বিৰোধী নিৰ্বাচনী টোপ দিছে বুলি মন্তব্য কৰিছে। তেওঁলোকে কয় যে আগন্তুক পাঁচ ৰাজ্যত অনুষ্ঠিত হ’ব নিৰ্বাচন। এই নিৰ্বাচনৰ বাবে ৰন্ধন গেছৰ মূল্য হ্ৰাসেৰে ভোট কিনাৰ চেষ্টা চলাইছে। তেওঁলোকে কয় যে নিৰ্বাচনৰ পাছতে ৰন্ধন গেছৰ পুনৰ দাম বৃদ্ধি পাব।

লগতে পঢ়ক- 

ব্যৱসায় আৰু উদ্যোগিক দৃষ্টিকোণেৰে এৰী পলু পালনৰ লাভালাভ

English Summary: What is gas price today

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.