1. News

মাখানা কিয় আৰু কেনেকৈ খায়? মিথিলাৰ মাখানালৈ GI টেগ

Mrigakshi Phukan
Mrigakshi Phukan
MAKHANA
MAKHANA

আপুনি মাখানাৰ বিষয়ে জানেনে? মাখানা এক বীজজাতীয় খাদ্য যাক ইংৰাজীত ফক্স নাট(fox Nut) বুলি কোৱা হয়। দেশৰ বিভিন্ন প্ৰান্তত ইয়াক বহুলভাৱে গ্ৰহণ কৰা হয়। বিশেষকৈ বিহাৰৰ মিথিলাত উৎপাদিত মাখানাৰ দেশজুৰি এক সুকীয়া সমাদৰ আছে। শেহতীয়াকৈ মিথিলাৰ মাখানাই লাভ কৰিছে GI টেগৰ স্বীকৃতি। কেন্দ্ৰীয় চৰকাৰৰ এই স্বীকৃতিয়ে মাখানাৰ উৎপাদকসকলক অধিক উৎসাহী কৰি তুলিব বুলি আশা কৰা হৈছে।

মিথিলা মাখানা কি?

মাখানাৰ বৈজ্ঞানিক নাম Euryale Ferox Salisb। বিহাৰৰ মিথিলা অঞ্চলত ইয়াক Aquatic Fox Nut ৰ এক অনন্য ৰূপ হিচাপে স্বীকৃতি দিয়া হৈছে। নেপালৰ কাষৰীয়া অঞ্চলতো এই মাখানা পোৱা যায়। নৱবিবাহিত দম্পতীৰ বাবে অনুষ্ঠিত কোজাগৰা পূজাৰ সময়ত মৈথিলী ব্ৰাহ্মণে এই খাদ্য গ্ৰহণ কৰে বুলি জনা যায়।

মিথিলা মাখানাৰ উপকাৰিতা

মিথিলা মাখানা এক অত্যন্ত স্বাস্থ্যকৰ আৰু সুস্বাদু আহাৰ। ইয়াত প্ৰ’টিন আৰু ফাইবাৰ অধিক পৰিমাণে থাকে। ইয়াত কেল'ৰি, চৰ্বি, কলেষ্টেৰল, ছডিয়াম কম থাকে বুলি কোৱা হয়, যাৰ বাবে ই ওজন কমাবলৈ ইয়াক এক উৎকৃষ্ট জলপান হিচাপে বিবেচনা কৰা হয়।

মাখানাত যথেষ্ট পৰিমাণে মেগনেছিয়াম আৰু কম পৰিমাণে ছ'ডিয়াম থাকে বাবে উচ্চ ৰক্তচাপ, হৃদৰোগ আৰু অ'বেছিটীত ভুগি থকা লোকসকলৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। এই বীজসমূহত এনজাইম থাকে যি বাৰ্ধক্য ৰোধ কৰাত সহায় কৰে। কফিতো উপস্থিত থকা প্ৰাকৃতিকভাৱে পোৱা ফ্লেভন’ইড কেম্পফেৰলে প্ৰদাহ কমায় আৰু বয়স বৃদ্ধি প্ৰক্ৰিয়া লেহেমীয়া কৰে।

আয়ুৰ্বেদিক তত্ত্ব অনুসৰি মাখানাত এনে এষ্ট্ৰিনজেণ্ট গুণ থাকে যিবোৰ বৃক্কৰ বাবে ভাল। মাখানাত প্ৰ'টিন প্ৰচুৰ পৰিমাণে থাকে, গ্লুটেন কমকৈ থাকে আৰু কাৰ্বহাইড্ৰেট বেছিকৈ থাকে।

তদুপৰি ইয়াত মেগনেছিয়াম, কেলচিয়াম, ফছফৰাছ, আইৰণ আদি অণুপুষ্টিকৰ (micronutrient) উপাদান থাকে। আপুনিও এতিয়া আপোনাৰ ডায়েট প্লেনত এই জি আই টেগযুক্ত খাদ্যবিধ অন্তৰ্ভুক্ত কৰিব পাৰে।

 

মখানা কেনেকৈ ব্যৱহাৰ কৰিব পাৰি?

খাদ্য উপাদান হিচাপে মাখানাক বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰি। গুড়ি কৰি চিৰাৰ দৰে বা পায়সৰ দৰে ৰান্ধি মখানা খাব পাৰি। মুখৰোচক হিচাপেও ইয়াক ভাজি খাব পাৰি। বিহাৰৰ মিথিলা অঞ্চলত পোৰা (roasted)মাখানা সঘনাই খোৱা হয়। হিন্দু ধৰ্মৰ ব্ৰতৰ অন্যতম প্ৰিয় আহাৰ মাখানাৰ পায়স। ওপৰত উল্লেখ কৰা পদ্ধতিসমূহৰ উপৰি সমগ্ৰ বিশ্বতে বিভিন্ন প্ৰকাৰে মাখানা সেৱন কৰা হয়।

লগতে পঢ়ক- নেমু খেতিৰ A TO Z
English Summary: Newly GI-Tagged Mithila Makhana

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.