1. News

মৌ পালনেৰে মধুময় হৈছে খনীন, ৰূপমহঁতৰ জীৱন

Mrigakshi Phukan
Mrigakshi Phukan
HONEY FARMING
HONEY FARMING

মৌৰসৰ উপকাৰিতাৰ কথা প্ৰায় সকলোৱে জানে। খাদ্য, ঔষধৰপৰা প্ৰসাধনলৈকে মৌৰসৰ ব্যৱহাৰ ক’তনো নাই! পূৰ্বে গাঁৱে ভূঞে ঘৰে ঘৰে মৌ পালনৰ নিয়ম আছিল। এতিয়া ব্যস্ততাৰেভৰা জীৱনত সকলোৰে বাবে ঘৰত মৌ পালন সম্ভৱ নহয়। সেয়ে বানিজ্যিকভাৱে মৌ পালন কৰি বিভিন্নজনে জীৱিকাৰ বাট মুকলি কৰিবলৈ সক্ষম হৈছে।

একাগ্ৰতাৰে কৰিলে মৌ পালনো হ’ব পাৰে জীৱিকাৰ উৎস৷  বাক্সাত কেইগৰাকীমান যুৱকে মৌ পালন আৰু মৌ ৰস উৎপাদনেৰে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন৷ মৌৰস বিক্ৰী কৰি বছৰি উপাৰ্জন কৰিছে লক্ষাধিক টকা৷ বাক্সা জিলাৰ বৰবৰীত বাক্সা বিকিপাৰ এণ্ড এগ্ৰো প্ৰডিউচাৰ নামৰ এটা কোম্পানী স্থাপন কৰি যুৱককেইজনে বহি: ৰাজ্যলৈও ৰপ্তানি কৰিছে মৌৰস৷ উল্লেখ্য যে নাবাৰ্ডৰ সহযোগত তথা গ্ৰীণ এনভাইৰনমেন্ট ট্ৰাস্ক ফোৰ্ছ নামৰ এটা এন জি ওৰ উদ্যোগত প্ৰশিক্ষণ গ্ৰহণ কৰি মৌ পালনৰ বাবে আগবাঢ়ি আহিছিল বাক্সা জিলাৰ বৰবৰী অঞ্চলৰ খনীন মদাহি, ৰুস্তম মদাহি, দীপ মদাহি, বাবুৰাম বড়োকে ধৰি কেইবাজনো যুৱক৷ 

তাৰ পিচতে যুৱক কেইজনে নিজৰ প্ৰচেষ্টাত বাক্সা বিকিপাৰ এণ্ড এগ্ৰো প্ৰডিউচাৰ কোম্পানী স্থাপন কৰি মৌ পালনৰ লগতে সংগ্ৰহ কৰি আহিছে মৌ ৰস৷ পৰৱৰ্তী সময়ত কোম্পানীটোৱে তেওঁলোকৰ দ্বাৰা উৎপাদিত মৌ সমূহ বন্ধনৰ সহযোগত তথা ট্ৰাইআচামৰ উদ্যোগত পেকেজিং কৰি ট্ৰাইআচাম আৰু "খামৰিহানি" নামেৰে বজাৰত মুকলি কৰি দিয়ে৷

সম্প্ৰতি ২৭০ জন সদস্য থকা কোম্পানীটোৱে প্ৰতিবছৰে প্ৰায় পোন্ধৰৰপৰা বিশ কুইন্টল মৌ ৰস উৎপাদন কৰাৰ লগতে বিক্ৰী কৰি আহিছে ৷ নেৰিম, ট্ৰাইফেড আদিয়ে মৌ ৰস সমূহ ক্ৰয় কৰাৰ লগতে স্থানীয় বজাৰতো বিক্ৰী কৰি আহিছে কোম্পানীটোৰদ্বাৰা উৎপাদিত মৌৰস৷ জানিব পৰা মতে চেৰিনা ইণ্ডিকা আৰু মেলিফেৰা নামৰ দুটা প্ৰজাতিৰ পৰা সংগ্ৰহ কৰা মৌ ৰসসমূহ প্ৰতিলিটাৰ পাঁচশ টকা দৰত বিক্ৰী কৰি অহা হৈছে৷ সেইদৰে মৌ বাকচ তৈয়াৰ কৰিও কোম্পানীটোৱে এক বুজন পৰিমানৰ ধন আহৰণ কৰিবলৈ সক্ষম হৈছে৷

উল্লেখ্য যে মৌ ৰস বিক্ৰী কৰি বছৰি কেইবালক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱা কোম্পানীটোৱে ইতিমধ্যে মৌৰ চাকৰ পৰা মমবাতি তৈয়াৰ কৰাৰো পৰিকল্পনা হাতত লৈছে৷ বাক্সাৰ খনীন, ৰুষ্টম দীপ, বাবুৰাম আদিৰ দৰে যুৱকসকলক আদৰ্শ হিচাপে লৈ আন যুৱক-যুৱতীসকলেও মৌ পালনক জীৱিকা হিচাপে গ্ৰহণ কৰিব পাৰে। কেৱল মৌ পালনেই নহয়, গ্ৰাম্য অৰ্থনীতিক সামগ্ৰিকভাৱে গুৰুত্বসহকাৰে লৈ অসমৰ যুৱ সমাজে দেশৰ অৰ্থনৈতিক বিকাশত হাত উজান দিব পাৰে।

আৰু পঢ়কঃ মাগি খোৱাৰ পৰা সফল কৃষকলৈ ধনীৰাম চেতিয়াৰ এক যাত্ৰা

English Summary: HONEY CULTIVATION

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.