1. News

নেমু খেতিৰ A TO Z

PANKAJ KHANIKAR
PANKAJ KHANIKAR
সত্য মিলি, নেমু খেতিয়ক
সত্য মিলি, নেমু খেতিয়ক

সু-স্বাস্থ্যৰ বাবে অসমৰ কাজি নেমু কিমান প্ৰয়োজনীয় সেই কথা এতিয়া বিশ্বই বুজি পাইছে। শেহতীয়াকৈ ভূটান, মধ্যপ্রাচ্য, লণ্ডন আৰু ইউৰোপৰ বজাৰতো ভোট জলকীয়া, জহা চাউল, ক'লা চাউল, মুগা চাউল, আদা, ৰঙালাও, কঁঠাল, লিচু, হালধি, পাণ, বাচমতি চাউলৰ লগতে নেমুৱেও স্থান পাইছে। বিদেশৰ কথা বাদ দিলো অসমতে আছে নেমুৰ এখন বৃহত বজাৰ। এই বজাৰখনৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ কৃষকসকলে নেমু খেতি আৰম্ভ কৰিব পাৰে। আপুনি হয়তো জানে কেতবোৰ সময়ত গুৱাহাটীৰ বজাৰত এটা নেমুৰ দাম ১০ পৰা ১৫ পোন্ধৰ টকা হয়গৈ। ধান ভাল নোহোৱা বালিচহীয়া মাটি নেমুৰ বাবে উপযোগী। গতিকে অসমৰ কৃষকসকলে ধান ভাল নোহোৱা এই মাটিবোৰত নেমুখেতি কৰাৰ সুযোগ আছে।

নেমু খেতিৰ বাবে বালিচহীয়া হোৱা ভাল। মাটি চহাই আহল-বহুল গাত কৰি মাজত প্রায় ০.৩ মিঃ দ কৰি মাজত  প্ৰায় ১ মিটাৰ ঠাই ৰাখি পুলিবোৰ ৰোপন কৰিব লাগে। নেমু পুলি পুলি সমূহ বাৰিষাৰ আগে আগে ৰোপন কৰিলে ভাল। অৱশ্যে মে’ৰ পৰা আগষ্ট মাহলৈকে নেমু পুলি ৰুৱ পাৰি। প্ৰশ্ন হ’ব পাৰে  নেমুৰ যিহেতু গুটিৰ পৰা নহয় ইয়াৰ পুলি আপুনি ক’ত পাব! নেমুৰ পুলি আপুনি নাৰ্চাৰীৰ পৰা সংগ্ৰহ কৰিব পাৰে। আজিকালি প্ৰায়বোৰ নাৰ্চাৰীতে নেমুৰ পুলি পোৱা যায়। নাপালেও নাৰ্চাৰীত গৈ অৰ্ডাৰ কৰিলে নাৰ্চাৰীৰ কৰ্তৃপক্ষই আপোনাক সময়মতে আনি দিব। নাইবা আপোনাৰ ঘৰৰ ওচৰে-পাজৰে থকা নেমু খেতিয়ক সকলৰ পৰাও নেমুৰ পুলি সংগ্ৰহ কৰিব পাৰে। কাৰণ নেমুৰ গছত ডাল ধৰি, পত্র-মুকুলৰ পৰা পুলি প্ৰস্তুত কৰা হয়।

লগতে পঢ়ক- নেমু গছজোপাৰ অলাগতিয়াল ডাল-পাত কেনেকৈ চিকুণাব?

খেতিৰ যতন

সাধাৰণতে মাহত এবাৰ খেতিডৰাত গজা অপতৃণ বা ঘাঁহ-বনবোৰ উভালি নেমু খেতিডৰা চিকুণাই ৰাখিব লাগে। খেতিডৰা চিকুণাই ৰখাৰ বাবে ধান খেৰ বা ক'লা পলিথিনো ব্যৱহাৰ কৰিব পাৰি।

জলসিঞ্চন:

 বাৰিষাৰ পাছৰ সময়ছোৱাত বতৰ শুকান হৈ পৰাৰ সময়ত নেমু গছত পানী দিয়াৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন। পুলি ৰোৱাৰ সময়ত আৰু ডিচেম্বৰৰ পৰা মার্চলৈকে পাৰিলে ১৫-২০ দিনৰ অন্তৰে অন্তৰে জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে।

কীট-পতংগৰ আক্রমণ:

পাতখোৱা পোক: টেঙা গছৰ নতুন পাত ওলোৱাৰ সময়ত পলুৱে ইয়াৰ কোমল কোমল পাতবোৰ খায় । ইয়াৰ উপৰি বিছাৰ দৰে কীটেও গছৰ পাত খাই নেমু গছৰ ক্ষতিসাধন কৰে। আনহাতে চৰহা বা মোৱা পোকে নতুন পাত তথা কেঁহবিলাকত ৰস চুহি খায়। এনেধৰণৰ পাোক তথা কীট নিয়ন্ত্ৰণৰ বাবে প্রতি লিটাৰ পানীত মন’ক্রট'ফছ ২.৫ গ্রাম অথবা ডিমেথট (ৰগৰ) ১.৫ গ্রাম এক লিটাৰ পানীত মিহলাই ব্যৱহাৰ কৰিলে সুফল পাোৱা যায়। আনহাতে নেমুৰ গছক সহজে আক্রমণ কৰা এবিধ পোক হ’ল কেৰোণ। কেৰোণে গছৰ ছাল ফুটাই গা-গছত প্ৰৱেশ কৰে আৰু গছডাল ফোঁপোলা কৰি পেলায়।

ৰোগ 

টুইগ ব্লাইট: এই ৰোগত আক্রন্ত গছত সৰু সৰু ডাল বা শাখাবোৰ শুকাই যাবলৈ ধৰে। এই ৰোগে ধৰা ডাল বা শাখাবোৰ কাটি পেলাব লাগে আৰু কটা অংশটোৰ বৰডিয়াক্স পানীত সানি প্রলেপ দিব লাগে। ইয়াৰ উপৰি বৰডিয়াক্স ১% বা কপাৰ অক্সিক্লৰাইড প্রতিলিটাৰ পানীত ২.৫ গ্রাম হিচাপত মিহলাই ছটিয়ালে সুফল পোৱা যায়।

নেমু ছিঙাৰ সময় 

অসমৰ নেমু গছত ফুল ধৰে বছৰত দুবাৰ অর্থাৎ বসন্ত কালত (ফেব্ৰুৱাৰী-মার্চ) আৰু হেমন্ত কালত (ছেপ্টেম্বৰ-অক্টোবৰত) নেমু পুৰঠ হাোৱাৰ পাছত ইয়াক গছৰ পৰা ছিঙিব পাৰি। পুৰঠ নেমুৰ ৰং আকর্ষণীয় সেউজীয়া আৰু সামান্য হালধীয়া বৰণৰ হয়। সাধাৰণতে জুন-জুলাই আৰু ডিচেম্বৰ-জানুৱাৰী মাহত নেমু ছিঙিব পৰা হয়। ইয়াৰ উপৰি বছৰত আন সময়তো কম পৰিমাণে নেমু লাগে। তিনি বছৰীয়া এজোপা গছৰ পৰা ৪০-৫০টা নেমু পাব পাৰি।

           বৰ্তমান দেখিবলৈ পোৱা গৈছে নেমু খেতি এক লাভজনক ব্যৱসায়লৈ ৰূপান্তৰ হৈছে। নিৱনুৱাৰ লগতে বহু যুৱকে বিভিন্ন কোম্পানীৰ কাম এৰি নেমু খেতি কৰি লাভান্বিত হৈছে। শেহতীয়াকৈ নাৰায়ণপুৰৰ সত্য মিলি নামৰ শিক্ষকগৰাকীয়ে প্ৰাদেশীকৰণৰ আশা এৰি নেমু খেতিত মনোনিৱেশ কৰিছে আৰু প্ৰাদেশীকৰণৰ আশাত বন্দী হৈ থকা বহু শিক্ষকৰ আদৰ্শ হৈ পৰিছে।

লগতে পঢ়ক- আপোনাৰ বাৰীত নেমুটেঙাৰ গছ আছেনে? নাই যদি এজোপা ৰুৱক

English Summary: A to Z of the lemon cultivation

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.