
সমাগত ১৫ আগষ্ট দিনটোত ৭৫ বছৰ অতিক্ৰম কৰিব স্বাধীন ভাৰতে। এই দিনটো বিশেষ কৰিবলৈ ২০১৬ চনৰ ২৮ ফেব্ৰুৱাৰী দিনটোতে প্ৰধানমন্ত্ৰীয়ে এটা প্ৰতিশ্ৰুতি দিছিল দেশৰ জনসাধাৰণক। প্ৰতিশ্ৰুতি অনুসৰি দেশৰ কৃষকসকলৰ আয় দুগুণ বৃদ্ধি কৰি ভাৰতবাসীক অনন্য উপহাৰ প্ৰদান কৰিব স্বাধীন ভাৰতে ৭৫ বৰ্ষ অতিক্ৰম কৰা উপলক্ষ্য। সমাগত স্বাধীনতা দিৱস। এতিয়া সচেতন মহলৰ মাজত প্ৰশ্ন উত্থাপন হৈছে প্ৰধানমন্ত্ৰীয়ে মোডীয়ে দেশবাসীক উপহাৰ প্ৰদান কৰিব পৰাকৈ দেশৰ কৃষকসকলৰ আয় দুগুণ হৈছে নে!
এই সন্দৰ্ভত বৰ্তমান উদ্বিগ্নতা বৃদ্ধি পাইছে কৃষি মন্ত্ৰালয়ত। পূৰ্বতে কৃষকৰ আয় কিমান আছিল আৰু বৰ্তমান কিমান হৈছে? এই সন্দৰ্ভত এক পৰিসংখ্যা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰা বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে। কিন্তু ২০১৬ চনৰ পূৰ্বে কৃষকসকলে কিমান উপাৰ্জন কৰিছিল এই সন্দৰ্ভত এটা নিৰ্ভৰযোগ্য পৰিসংখ্যা নাই কেন্দ্ৰীয় চৰকাৰৰ হাতত। গতিকে কৃষকসকলৰ উপাৰ্জন দুগুণ হৈছে নে নাই জনাটো অসম্ভৱ হৈ পৰিছে।

ইয়াৰ পৰিৱৰ্তে, মন্ত্ৰী আৰু বিষয়াসকলে যোৱা দুবছৰত এই বিষয়টোত বিভিন্ন ধৰণৰ বিবৃতি দিছে। ২০২১ চনত চৰকাৰৰ থিংক টেংক নীতি আয়োগৰ ৰমেশ চান্দে স্বীকাৰ কৰিছিল যে ২০২০ চনৰ ছেপ্টেম্বৰত সংসদৰ দ্বাৰা গৃহীত তিনিখন কৃষি আইন বাতিল কৰাৰ বাবে কৃষকৰ আয় দুগুণ কৰা লক্ষ্যটো পূৰণ নহ'ব। কাৰণ কৃষকৰ ভালৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহ বাতিল কৰিবলৈ বাধ্য কৰাইছিল আন্দোলনকাৰী কৃষকসকলে।
থিংক টেংকৰ সদস্য ৰমেশ চান্দৰ বক্তব্যৰ বিপৰীতে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে ২০২২ চনৰ সংসদত বাজেট অধিৱেশনৰ সময়ত কেন্দ্ৰৰ দ্বাৰা আৰম্ভ কৰা ১৭ খন আঁচনি তালিকাভুক্ত কৰে আৰু কয় যে উপাৰ্জনৰ তথ্যৰ অভাৱত, এই আঁচনিসমূহৰ প্ৰদৰ্শন নিৰীক্ষণ কৰাটো কৃষকৰ উপাৰ্জন দুগুণ কৰাৰ লক্ষ্য সহজ উপলব্ধতাৰ ভিতৰত আছে বুলি প্ৰমাণ কৰিবলৈ যথেষ্ট। তেওঁ লগতে কয়-"এতিয়ালৈকে কৰা অগ্ৰগতিয়ে সূচায় যে আমি সঠিক পথত আছোঁ,"

উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰতিশ্ৰুতি দিয়া অনুসৰি পূৰণ কৰাৰ উদাহৰণ কম। কাৰণ দেশলৈ এতিয়াও বিদেশত সাঁচি ৰখা ক’লা ধন উভটি অহা নাই। কোনো বাংলাদেশীয়ে টালি-টোপোলা বাংলাদেশমুখী হোৱা নাই।
লগতে পঢ়ক- সৰিয়হৰ ডুলিতে ভুত! ৩ মাহে ধান বিক্ৰিৰ বাবদ পইচাতো বাদে ৰছিদো নাপালে কৃষকে
Share your comments