1. News

সৰিয়হৰ ডুলিতে ভুত! ৩ মাহে ধান বিক্ৰিৰ বাবদ পইচাতো বাদে ৰছিদো নাপালে কৃষকে

PANKAJ KHANIKAR
PANKAJ KHANIKAR
ধান
ধান

কৃষকৰ আয় দুগুণ কৰাৰ লক্ষ্যৰে বিভিন্ন আঁচনি, কাৰ্যপন্থা গ্ৰহণ কৰিছে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে। কিষাণ সন্মান নিধি আঁচনি, প্ৰধানমন্ত্ৰীৰ শস্য বীমা আঁচনিৰ জৰিয়তে কৃষক সমাজক আৰ্থিক স্বচ্ছলতা প্ৰদানৰ লক্ষ্য বান্ধি লৈছে কেন্দ্ৰীয় চৰকাৰে। এই ক্ষেত্ৰত অসম চৰকাৰখনেও কেতবোৰ আঁচনি গ্ৰহণ কৰিছে কৃষকসকলৰ বাবে। শেহতীয়াকৈ অসমৰ কৃষকক উতপাদিত ধানৰ  নূন্যতম সমৰ্থন মূল্যৰ আধাৰত ধান ক্ৰয়ৰ বাবে অসম চৰকাৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত মুকলি কৰিছিল ধান ক্ৰয় কেন্দ্ৰ।

কৃষকক উতপাদিত ধানৰ উচিত মূল্য দিবলৈ স্থাপন কৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ধান ক্ৰয় কেন্দ্ৰত ধান বিক্ৰি কৰি ঘটিয়ে ঘটিয়ে পানী খাইছে  নাজিৰা মহকুমাৰ বান্টু গাঁও পঞ্চায়তৰ কেইজনমান কৃষক। প্ৰায় ৩ মাহ পূৰ্বে নাজিৰা মহকুমাৰ কৃষি উন্নয়ন বিষয়াৰ নিৰ্দেশমৰ্মে  আব্দুল মুজিদ , সুমল শীল , আফুন আলী , আব্দুল বাহিদ, পবন চেতিয়া , জিতুল মহন , যোগ বৰুৱা আদিকে ধৰি ৮০ জনৰো অধিক কৃষকে বহু কুইণ্টল ধান জমা দিয়ে ইদেউ জিলাৰ এঙেৰা তিনিআলিস্থিত নাফিদ'ৰ গোদামত।

কিন্তু  কৃষকসকলে আজি পর্যন্ত সেই বিক্ৰি কৰা ধানৰ বিনিময়ত প্রাপ্যৰ ধন পোৱাটো দূৰৰে কথা ধান বিক্ৰীৰ বাবদ দিব লগা ৰচিদসমূহো লাভ কৰা নকৰিলে । বিভাগীয় কর্তৃপক্ষৰ ওচৰলৈ তাঁতবাটি কৰাৰ পিছতো কোনো সঁহাৰি নোপোৱাত প্রাপ্য ধনৰ পৰা বঞ্চিত কৃষকসকলে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ বাবে চৰাইদেউ জিলাৰ উপায়ুক্তক লিখিত অভিযোগ দাখিল কৰিছে। ইফালে কৃষকসকলে ইমান দিনে বিক্ৰি কৰা ধানৰ বিনিময়ত ধন লাভ নকৰাত পৰিয়াল ভৰণ-পোষণত অসুবিধাৰ সৃষ্টি হৈছে।

এনেবোৰ কাৰণতেই এতিয়া চৰকাৰী কাম-কাজবোৰৰ প্ৰতি সাধাৰণ জনতাৰ ক্ৰমশঃ আস্থা নাইকীয়া হৈছে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধান ক্ৰয় কেন্দ্ৰসমূহক কৃষকৰ প্ৰতি সংবেদনশীল মনোভাৱ পোষণ কৰিবলৈ আহ্বান জনাইছিল। উল্লেখ্য যে পূৰ্বেও এনে ধান ক্ৰয় কেন্দ্ৰসমূহে এনে দুৰ্নীতিৰ আশ্ৰয় লৈ আহিছে। কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ উদাসীনতাৰ সুযোগ গ্ৰহণ কৰি এনে কাৰ্য সংঘটিত কৰি অহাৰ অভিযোগ সচেতন মহলৰ।

লগতে পঢ়ক- ২০১৪ চনৰ পৰাহে ভাৰতত কৃষকে উপযুক্ত সন্মান জনাইছে : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ

English Summary: Nazira Farmers In Extreme Paddy To Government Agencies

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.