1. News

অসমৰ দৰে কেৰালাতো বৃদ্ধি পাইছে ছোৱাইন ফ্লুৰ প্ৰাৰ্দুভাৱ। কিন্তু বিপদকো সম্পদ কৰি লৈছে ৰাজ্যখনৰ প্ৰশাসনে।

KJ Staff
KJ Staff
ছোৱাইন ফ্লুৰ  ক্ষেত্ৰত ব্যতিক্ৰমী পদক্ষেপ কেৰেলাৰ পশুপালন বিভাগৰ
ছোৱাইন ফ্লুৰ ক্ষেত্ৰত ব্যতিক্ৰমী পদক্ষেপ কেৰেলাৰ পশুপালন বিভাগৰ

অসমত বৰ্তমানেও কমা নাই ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ। গতিকে ৰাজ্যৰ গাহৰি পালকসকলৰ মাজত বৰ্তমানেও ভয় সন্ত্ৰাস অন্তঃ পৰা নাই। বৰ্তমানেও গাহৰি মাংসৰ বিক্ৰিৰ ক্ষেত্ৰত বহু অঞ্চলত জাৰি আছে নিষেধাজ্ঞা।

ইফালে চৰকাৰেও ছোৱাইন ফ্লুৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে।লগতে ৰোগত আক্ৰান্ত গাহৰিসমূহ নিধন কৰি গাঁতত পুতি থোৱাৰ ব্যৱস্থা কৰিছে।কিন্তু কেৰেলাত এইক্ষেত্ৰত ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্যখনৰ পশুপালন বিভাগে। কেৰালাত ছোৱানা ফ্লুত  আক্ৰান্ত গাহৰিসমূহ পালকসকলৰ পৰা চৰকাৰে ক্ৰয় কৰিছে।

গাহৰিসমূহ ক্ৰয় কৰি বিজ্ঞানসন্মতভাৱে সংসাধিত কৰি অৰ্থাত গাহৰিসমূহ কাটি পেক কৰি অন্য ৰাজ্যলৈ ৰপ্তানিৰ ব্যৱস্থা কৰিছে। কাৰণ পৰীক্ষাৰ অন্তত এটা কথা স্পষ্ট হৈছে যে আফ্ৰিকান ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱৰ ফলত গাহৰিৰ মৃত্যু আৰু পালকসকলৰ লোকচান হোৱাৰ সম্ভাৱনা আছে। কিন্তু ই মানুহৰ স্বাস্থ্যক প্ৰভাৱিত নকৰে।

এই সন্দৰ্ভত ৰাজ্যখনৰ পশু চিকিৎসা বিশেষজ্ঞ অৰুণ জাকাৰিয়াই সাংবাদিক কয় "ই মানৱ স্বাস্থ্যক প্ৰভাৱিত নকৰে। কিন্তু ই গাহৰিৰ সংখ্যা আৰু পশু অৰ্থনীতিক ধ্বংস কৰিব।’’ গতিকে কেৰালা চৰকাৰে গাহৰিসমূহ পালকসকলৰ পৰা ক্ৰয় কৰি বিজ্ঞানসন্মতভাৱে সংসাধিত কৰি সেইবোৰৰ পেকেজ কৰি ৰপ্তানিৰ ব্যৱস্থা কৰিছে। ইয়াৰ বিপৰীতে অসম চৰকাৰে পূৰ্বৰ দৰেই পৰম্পৰাগত ধ্যান ধাৰণাৰে নিধন কৰা শ শ গাহৰি মাটিত পুতি আহিছে।

লগতে পঢ়ক- যুৱ-প্ৰজন্মই খেতি নকৰে কিয়?

English Summary: SWINE FLU : ASSAM VS KERALA

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.