1. News

নলবাৰীত মহিলা কৃষকৰ কৃষি বিপ্লৱ গঢ়াৰ সংকল্প!

KJ Staff
KJ Staff
নলবাৰীত মধ্যভোগীৰ পৰা বজাৰ দখলৰ পদক্ষেপ
নলবাৰীত মধ্যভোগীৰ পৰা বজাৰ দখলৰ পদক্ষেপ

অসমৰ অৰ্থনীতিৰ মূলতে হৈছে কৃষি। ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ এক বৃহৎ সংখ্যক লোক কৃষি কাৰ্যৰ লগত জড়িত যদিও এই কৃষি কাৰ্যৰ যোগেদি কৃষকসকল অৰ্থনৈতিকভাৱে বৰ্তমানো টনকিয়াল বুলি কব পৰা নাযায়। পৰ্যালোচনা কৰিলে ইয়াৰ বিভিন্ন কাৰণ ওলাব যদিও ইয়াৰে এটা প্ৰধান সমস্যা মধ্যভোগীৰ কথাটো কলে হয়তো ভূল কৰা নহব। কৃষক সকলৰ জ্ঞানৰ অভাৱ হক অথবা প্ৰত্যক্ষ বজাৰৰ আভাৱেই হওঁক, প্ৰকৃত কৃষকসকলে নিজৰ উৎপাদিত সামগ্ৰী সমূহৰ উচিত বজাৰ মূল্য নাপায়। বিপৰীতে এচাম মধ্যোভোগীয়ে ইয়াৰ সুবিধা লোৱা দেখিবলৈ পোৱা যায় যিতো কোনোপধ্যে কৃষকৰ হিতে নহয়।

সেয়েহে মধ্যভোগীৰ হাতৰ পৰা বজাৰ দখল কৰাৰ উদ্দেশ্যৰে আজি নলবাৰী জিলাৰ দতৰাত সমবেত হয় তিনি শতাধিক মহিলা আৰু পুৰুষ কৃষক। ১২ নং দতৰা গাওঁ পঞ্চায়তৰ কাৰ্যালয় প্ৰাংগনত অনুষ্ঠিত কৃষক সকলৰ এই সভাত মহিলা কৃষক সকলে পথাৰত উৎপাদিত শস্য মধ্যভোগীৰ হাতলৈ যাব  নিদিয়াৰ সংকল্প গ্ৰহণ কৰে।

মহিলা কৃষক সকলৰ মত আমি কৃষি কৰি মধ্যভোগীক লাভাংশ খাবলৈ নিদিও। এই উদ্দেশ্যে ভাৰত চৰকাৰৰ নীতি অনুসৰি কোম্পানীৰ জৰিয়তে একত্ৰিত হৈ উৎপাদিত সামগ্ৰী সমূহ প্ৰত্যক্ষভাৱে কোম্পানীক দিয়াৰ পিছত আমি লাভাংশখিনি প্ৰত্যক্ষভাৱে লাভ কৰিবলৈ সক্ষম হ'ম। সেই উদ্দেশ্যে নলবাৰীত গঠন হোৱা আদৰ্শীক এগ্ৰো প্ৰডিউচাৰ কোম্পানীৰ অধীনত বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ প্ৰায় পাঁচ শতাধিক মহিলা কৃষক ঐক্যবদ্ধ হৈ এই সংকল্প গ্ৰহন কৰিছে।

আজি এই অনুষ্ঠানৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হয়। কিশোৰ কুমাৰ কলিতাৰ সভাপতিত্বত আৰু অনুষ্ঠানৰ সচিব সুভাষ দাসে উদ্দেশ্য বাখ্যা কৰা সভাত জিলা কৃষি বিষয়া হবিবুল হক, যোগেশ্বৰ ৰাজমেধি,কৃষি বিজ্ঞানী ড: মনোজ কুমাৰ ভূঞা,নাবাৰ্ডৰ জিলা প্ৰৱন্ধক উৎপল বেজবৰুৱা, গ্ৰাম্য বিকাশ মঞ্চৰ সম্পাদক দিবাকৰ ডেকাকে ধৰি ভালেমান বিশিষ্ট ব্যাক্তিয়ে অনুষ্ঠানত উপস্থিত থাকি মহিলা কৃষক সকলৰ এনে উদ্যোগৰ শলাগ লোৱাৰ উপৰি কৃষি অৰ্থনীতি টনকিয়াল কৰাৰ স্বাৰ্থত সৰ্বতো প্ৰকাৰৰ সহায় কৰাৰ আশ্বাস দিয়ে।

লগতে পঢ়ক-সমাগত ১৫ আগষ্ট। আয় দুগুণ হ’ল নে কৃষকৰ! কি হ’ব মোডীৰ প্ৰতিশ্ৰুতি!

English Summary: Nalbari Agri News! Resolve Market Capture from the middleman

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.