1. News

বুলেটৰে গাখীৰ বিক্ৰি কৰি চৰ্চাত বকোৰ ডেইজী

PANKAJ KHANIKAR
PANKAJ KHANIKAR
ফটো - বকোৰ বুলেট গাৰ্ল
ফটো - বকোৰ বুলেট গাৰ্ল

অসমীয়াত এষাৰ কথা আছে যি লাগি খায় সি মাগি নাখায়। আৰু যিয়ে কাম কৰি য়ায় সি হাৰি নাযায়। তাৰেই যেন এতিয়া এক জলন্ত উদাহৰণ হৈ থিয় দিছে বকোৰ এটা পৰিয়াল আৰু পৰিয়ালটোৰ জে এন কলেজৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰী ডেইজি। এগৰাকী কলেজীয়া ছাত্ৰী হ’লেও ডেইজীয়ে পুৱাই ঘৰতে উৎপাদন হোৱা গাখীৰ অঞ্চলটোৰ ঘৰে ঘৰে গৈ বিক্ৰি কৰে। এইদৰে দীৰ্ঘদিন ধৰি মাক-দেউতাকক সহায় কৰি অহা ডেইজীয়ে শেহতীয়াকৈ গাখীৰ বিকি কৰা পইচাৰে এখন বুলেট কিনি লৈছে।

বৰ্তমান বুলেট চলাই বকোৰ লগতে হাহিম অঞ্চলত গাখীৰ যোগান ধৰে ডেইজীয়ে। এনেদৰে বুলেট চলাই গাখীৰ বিক্ৰি কৰা বাবে বকো অঞ্চলটোৰ লগতে জে এন কলেজত সকলোৱে মৰমতে বুলেট গাৰ্ল  বুলি কয় ডেইজীক। বৰ্তমান এক বিশেষ চৰ্চা লাভ কৰিছে পশুপালন আৰু দুগ্ধ উতপাদনৰে জড়িত বকোৰ এই পৰিয়ালটো। দুজনী গাই গৰুৱে ২০১৪ চনতে আৰম্ভ কৰা ডেইজীহঁতৰ ফাৰ্মখনে এতিয়া দৈনিক ৮০ পৰা ৯০ লিটাৰ গাখীৰ উৎপাদন কৰে। তদুপৰি গাখীৰ পৰা উৎপাদিত পনি, দৈয়ো বিক্ৰি কৰি আহিছে পৰিয়ালটো। এনেদৰে পশুপালন আৰু দুগ্ধ উৎপাদনেৰে স্বাৱলম্বী পৰিয়ালটোৱে ঘৰতেই আধুনিক প্ৰযুক্তিৰে সাজি উলিয়াইছে গো পালনৰ এখন ফাৰ্ম।

বৰ্তমান ফাৰ্মখনত আছে বৰ্তমান ২০ টাতকৈ অধিক উন্নত প্ৰজাতিৰ গো-ধন। এই সন্দৰ্ভত ডেইজীৰ পিতৃয়ে কয় যে  বৰ্তমান গুজৰাটৰ গীৰ গায়ো কৃত্ৰিম প্ৰজনন ঘটাই পোৱালি উৎপাদন কৰিছে তেওঁলোকে। উল্লেখ্য যে প্ৰথমতে কেৱল ২ জনী গাই আৰম্ভ কৰিছিল এই ফাৰ্মখন। কিন্তু এই ফাৰ্মখনৰ পৰা এতিয়া দৈনিক ৮০-৯০ৰ পৰা ১০০-১৫০ লিটাৰকৈ গাখীৰ উৎপাদন হয়।

তেওঁ নিৱনুৱা যুৱক-যুৱতীসকলক উদ্দেশ্যি কয় যে উঠি অহা প্ৰজন্মই চাকৰি নাপালো বুলি নিজকে ভাঙি নেপেলায় ঘৰতে  এনেদৰে পশুপালন, দুগ্ধ উৎপাদনৰ জৰিয়তে স্বাৱলম্বী হ’ব পাৰে। বৰ্তমান চৰ্চাত  থকা পশুপালন আৰু দুগ্ধ উতপাদনৰে জড়িত বকোৰ এই পৰিয়ালটো নিৱনুৱাসকলৰ বাবেও প্ৰেৰণা হৈ  পৰিছে।

লগতে পঢ়ক- ধেমাজিৰ সফল কৃষক দেৱজিৎ চাংমাইলৈ ‘দীনদয়াল উপাধ্যায় অন্ত্যোদয়া কৃষি বঁটা

English Summary: MILKMAN BULLET GIRL

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.