তামুলপুৰ মহকুমাৰ পথাৰত এতিয়া সৰিয়হ চপোৱাত কৃষকৰ ব্যস্ততা ৷ তামুলপুৰ দ্বাৰকুছি গান্ধীবাৰী গোসাইগাওঁ গোৰেশ্বৰৰ লগতে চৌদিশে এতিয়া ব্যস্ত সৰিয়হৰ চপোৱাত ৷
ধানৰ খেতি চপোৱাৰ পাছতে কৃষক সকল হাত সাবতি বহি থকা নাই ৷ নিজৰ মাটি দৰাত দুগুন উৎপাদনৰ আশাত সৰিয়হ তেলা জুই চাই দাম ৰ প্ৰতি লক্ষ্য ৰাখে কৃষক সকলে সৰিয়হ খেতি কৰিছিল ৷ এটা সময়ত চৌদিশে সৰিয়হ ফুলে হালধীয়া আৱৰন লোৱা পথাৰত এতিয়া পৈনত সৰিয়হৰ চপোৱাত ব্যস্ত কৃষক ৷
লগতে পঢ়ক-
এতিয়া পাৱাৰলুম নালাগে: অভিজিত দুৱৰাই সাজি উলিয়াইছে কম কষ্টতে চলা যঁতৰ
কোনোবাই যদি সৰিয়হ তোলাত ব্যস্ত কোনোবাই মৰনা মৰাত ব্যস্ত হৈ পৰিছে ৷ এইবেলি সৰিয়হৰ খেতি কিছুমানৰ ভাল হ’ল যদিওঁ একাংশৰ খেতি জলবায়ুৰ পৰিবৰ্তন জলসিঞ্চনৰ অভাৱ ভেজাল ৰাসয়নিক সাৰ প্ৰয়োগৰ কাৰনে সৰিয়হৰ ফল কিছু পৰিমানে হ্ৰাস পাইছে ৷
আনহাতে কিছুমানত বলৰৰ ফলত মোৱা পোকে গছৰ ডালতে সৰিয়হ ৰ বীজবোৰ নষ্ট কৰাত খেতিয়ক সকল বিপাঙত পৰা দেখা গৈছে ৷ ইপিনে এইবাৰ সৰিয়হৰ দাম যোৱাবাৰা তুলনাত কম হোৱাত কৃষক সকল কিছু আশাহত হোৱাও দেখা গৈছে।
লগতে পঢ়ক-