1. News

তামুলপুৰত পাৱাৰলুমত উৎপাদিত বস্ত্ৰৰ বিৰুদ্ধে অভিযান মহকুমা প্ৰশাসনৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
তামুলপুৰত  পাৱাৰলুমত উৎপাদিত বস্ত্ৰৰ বিৰুদ্ধে অভিযান মহকুমা প্ৰশাসনৰ
তামুলপুৰত পাৱাৰলুমত উৎপাদিত বস্ত্ৰৰ বিৰুদ্ধে অভিযান মহকুমা প্ৰশাসনৰ

অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰশিল্প বিভাগে ৰাজ্যজুৰি থলুৱা উৎপাদিত কাপোৰৰ চাহিদা বৃদ্ধি কৰা আৰু ইয়াৰ বিপৰীতে পাৱাৰলুমত উৎপাদিত কাপোৰৰ বজাৰ বন্ধ কৰিবলৈ এক ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে ৷ আজি তামুলপুৰ মহকুমাৰ প্ৰশাসনৰ উদ্যোগত হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ অধীক্ষক কাৰ্যলয়ৰ সহযোগত পাৱাৰলুমত উৎপাদিত গামোচা ,মেখেলা - চাদৰ , আৰনাই আৰু দখনাৰ বিৰুদ্ধে তামুলপুৰৰ বস্ত্ৰ ব্যৱসায়ীৰ  দোকানে দোকানে অভিযান চলায় ৷

অভিযান কালত তামুলপুৰৰ কেইবাখনো কাপোৰৰ দোকানত তালাচী চলাই পাৱৰালুমত তৈয়াৰ কৰা গামোচা,  নানাৰঙী মেখেলা-চাদৰসহ আন আন কাপোৰ জব্দ কৰিবলৈ সক্ষম হয় ।  হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰৰ তামুলপুৰৰ অধীক্ষক গৰাকীয়ে জনোৱা মতে, সোমবাৰৰ দিনটোত প্ৰায় এক লাখ টকা মূল্যৰ কাপোৰ জব্দ কৰিবলৈ সক্ষম হয়  ৷

লগতে পঢ়ক- 

সৰু আৰম্ভণিৰ সৈতে শীৰ্ষ কৃষি ব্যৱসায়ৰ ধাৰণা

লগতে অধীক্ষকগৰাকীয়ে জনায় যে এই অভিযান অধিক তীব্ৰতৰ হ’ব ৷ যিসকলে পাৱাৰলুমত উৎপাদিত বস্ত্ৰ বিক্ৰী কৰি আছে সেই সকলৰ বিৰুদ্ধে অনাগত দিনতো অভিযান চলাই থকা হ’ব আৰু আইন গত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ উল্লেখ্য যে হেণ্ডলুম ৰিজাৰ্ভেশ্চন এক্ট আৰ্টিকলচ্‌ ফৰ  প্ৰডাক্টচন এক্ট  ১৯৮৫  ৰ অধীনত এই অভিযান চলাইছে প্ৰশাসনে।

আজিৰ অভিযানৰ সময়ত তামুলপুৰ মহকুমা প্ৰশাসনৰ হৈ সহকাৰী আয়ুক্ত হিতেশ বড়ো , হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ তামুলপুৰৰ অধীক্ষক ৰিয়াজুল হক, স্থানীয় আৰক্ষীৰ দল আৰু বিভগীয় বিষয়া-কৰ্মৰ্চাৰীসকলে অভিযানত সহায় কৰে ৷ অভিযানত জব্দকৃত কাপোৰ প্ৰশাসনে সন্মুখতে চীল কৰি হস্ততাঁত বিভাগৰ কাৰ্যৰ্লয়ত জমা ৰাখিছে ৷ অধীক্ষকগৰাকীয়ে জানিব দিয়া মতে জব্দকৃত বস্ত্ৰসমূহ শীঘ্ৰেই পৰীক্ষাৰ দিহা কৰা হ’ব ৷

লগতে পঢ়ক- 

অভিজিত দুৱৰাই সাজি উলিয়াইছে কম কষ্টতে চলা যঁতৰ

English Summary: Campaign against textiles produced in Powerlooms

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.