1. News

ৰজনীগন্ধা আৰু নাৰ্জি ফুলৰ খেতিৰ স্বাৱলম্বী তিতাবৰৰ কোষেশ্বৰ কছাৰী

KJ Staff
KJ Staff
ফুলৰ খেতি
ফুলৰ খেতি

অসমত ফুল সাধাৰণতে ঘৰখনৰ সৌন্দৰ্যবৰ্ধনৰ বাবে ৰুৱা হয়। কিন্তু সম্প্ৰতি ফুলৰ চাহিদা আৰু সামগ্ৰী তৈয়াৰৰ বাবে ফুলৰ ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়। ফুলৰ এই চাহিদা প্ৰতি লক্ষ্য কৰি অসমৰ কৃষকসকলে ফুলৰ খেতি কৰিব পাৰে। উল্লেখ্য যে ফুলৰ খেতি কৰি বৰ্তমান অসমৰ বহু কৃষক স্বাৱলম্বী হৈছে।

অসমত ৰজনীগন্ধা আৰু নাৰ্জি ফুলৰ খেতিৰ স্বাৱলম্বী কৰি তোলাৰ লগতে এগৰাকী আদৰ্শৱান কৃষক হিচাপে পৰিণত হৈছে তিতাবৰৰ এগৰাকী ব্যক্তি। তিতাবৰৰ শিলিখাবাৰী নিবাসী কোষেশ্বৰ কছাৰী নামৰ কৃষকগৰাকীৰ বাৰীখনত এতিয়া নাৰ্জি ফুলৰ সৌন্দৰ্য্যৰ মাজত ৰজনীগন্ধাৰ সুবাস। জীৱনযুদ্ধত কেতিয়াও হাৰ নমনা এইগৰাকী কৃষকে কেনেদৰে সংগ্ৰাম কৰিব লাগে শৈশৱতে শিকিছিল পিতৃ-মাতৃৰ পৰা। ১৯৭৬ চনত ভূমিহীন পৰিয়ালৰূপে শিলিখাবাৰীত ৫ বিঘা মাটি চৰকাৰৰ তৰফৰ পৰা আবন্টন পাইছিল।

১৯৮১ চনৰ পৰা এই মাটিত স্থায়ীভাৱে থাকিব লৈ কোষেশ্বৰ কছাৰীয়ে, কবি, বিলাহী আৰু মচুৰ মাহৰ খেতি কৰিবলৈ লয়। এই ক্ষেত্ৰত কৃষি বিভাগে সহায়-সহযোগেৰে মচুৰ মাহ আৰু সেই খেতিৰ প্ৰতি উদগনি যোগাইছিল। কৃষিৰ প্ৰতি থকা উদগনি যোগাইছিল। কৃষিৰ প্ৰতি থকা শ্ৰদ্ধা আৰু আত্মনিৰ্ভৰশীলতাৰ কাৰণে তেওঁৰ লগতে অঞ্চলটোৰ কৃষকক অনুপ্ৰাণিত কৰিবৰ কাৰণে অসম কৃষি বিশ্ববিদ্যালয়ে শিলিখাবাৰীক কৃষিৰ আদৰ্শ গাঁওৰূপে চিহ্নিত কৰি কৃষকসকলৰ বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আহিছে।

২০১১ বৰ্ষত কৃষি বিশ্ববিদ্যালয়ৰ মুখ্য বিজ্ঞানী ড০ মধুমিতা তালুকদাৰৰ সহযোগত কোষেশ্বৰ কছাৰীয়ে পৰীক্ষামূলকভাৱে ১০ হেজাৰ পুলিৰ ৰজনীগন্ধাৰ খেতি কৰে। কৃষকগৰাকীয়ে জানিবলৈ দিয়া মতে প্ৰতি পুলিৰ পৰা প্ৰথমবৰ্ষত এপাহ বা দুপাহ ফুল, দ্বিতীয় বৰ্ষত ২ ৰ পৰা ৫ পাহ ফুল আৰু তৃতীয়  বৰ্ষত অধিক সংখ্যক ফুলৰ উৎপাদন হয়। বৰ্তমান ৰজনীগন্ধা ফুলৰ প্ৰতি কিলোৰ দৰ ১৫০ টকা। ৰজনীগন্ধা ফুলৰ সমান্তৰালভাৱে ২০১১ বৰ্ষৰ পৰা নাৰ্জি ফুলৰ খেতি কৰে। নাৰ্জি ফুলৰ ১ মিটাৰ মালাৰ ক্ষেত্ৰত লাভ কৰে ১০ টকা। বৰ্তমান প্ৰতিদিনে ২০০ ডাল নাৰ্জি ফুলৰ মালা বিক্ৰী কৰি আহিছে। ২০১৪ বৰ্ষত কৃষকগৰাকীয়ে নিজৰ ফুলৰ খেতিৰ মাজতে গেডুলাচ ফুলৰ খেতি কৰিছে।

লগতে পঢ়ক- অসমত দাম বৃদ্ধি হ’লেই হুলস্থুল লগা এবিধ পাচলি পিঁয়াজ

English Summary: MARIGOLD & RAJONIGANDHA FLOWERS CULTIVATION

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.