কাইলৈ লক্ষ্মী পূজা। ঐশ্বৰ্যৰ দেৱীক পূজা কৰিবলৈ সাজু হৈছে পূব ভাৰতবাসী। অসমৰ উজনি আৰু নামনি উভয়তে লক্ষ্মী পূজা উদযাপন কৰা হয়। লক্ষ্মী পূর্ণিমাত দেৱী মূর্তি প্রতিষ্ঠা কৰি শাস্ত্রীয় নিয়মেৰে পূজা কৰা হয় যদিও কোনো কোনো ঠাইত মূর্তি পূজা নকৰাকৈ থাপনা পাতি, নামপ্রসংগ কৰি লখিমী সবাহ অনুষ্ঠিত কৰা হয়।
কিছুমান লোকে লক্ষ্মী পূজা আৰু লখিমী সবাহ একে নহয় বুলি ক’ব খোজে। কিন্তু দুয়োটা ধর্মীয় অনুষ্ঠানৰে লক্ষ্মী দেৱীৰ সৈতে পোনপটীয়া সম্পর্ক আছে।
ভাৰতীয় ধর্মীয় পৰম্পৰাত ঐশ্বর্য-বিভূতি, সৌন্দর্য আৰু উৰ্বৰতাৰ অধিষ্ঠাত্রী দেৱীৰূপে লক্ষ্মীক অর্চনা কৰা হয়। শাৰদীয় দুর্গা পূজাৰ পাছৰটো পূর্ণিমা তিথিত লক্ষ্মী পূজা অনুষ্ঠিত কৰা হয়। পুৰাণত বর্ণনা কৰা মতে, সমুদ্র মন্থনত লক্ষ্মী দেৱীৰ আৱিৰ্ভাৱ হৈছিল। প্ৰতিগৰাকী গৃহিনীৰ আৰাধ্যা দেৱী লক্ষ্মীৰ ধ্যানমন্ত্ৰত থকা দেৱী গৰাকীৰ ৰূপৰ বৰ্ণনা এনেধৰণৰ- দেৱীৰ দক্ষিণে পাশ আৰু জপমালা, বাঁওফালে অংকুশ আৰু পদ্ম।
তেওঁ পদ্মাসনত উপৱিষ্টা, ত্রিভুৱনৰ মাতা, গৌৰবর্ণা, সুৰূপা, সর্বালংকাৰ ভূষিতা। তেওঁৰ বাঁহাতত স্বর্ণপদ্ম আৰু দক্ষিণ হাত বৰদা মুদ্ৰা ৰক্ত।
পূৰ্ণিমাৰ সময়চোৱাত ভক্তসকলে দেৱীলৈ ষোড়শোপচাৰে আগবঢ়াব পূজা-অৰ্চনা। ধৰ্মীয় বিশ্বাস অনুসৰি লক্ষ্মী দেৱীৰ আশীৰ্বাদত অভাৱ-অনাটন, শোক-সন্তাপ, অপায়-অমগল, দুখ-অশান্তি দূৰ হয় আৰু ধন-জন, ঐশ্বৰ্য-বিভূতি, সুখ-শান্তিৰে উপচি পৰে ভক্তিৰ জীৱন। বৰ্তমান লক্ষ্মীপূজাক লৈ ৰাজ্যজুৰি বৈছে উছাহৰ ঢল।
লক্ষ্মী দেৱী হিন্দুসকলৰ ত্ৰিদেৱী সমূহৰ অন্যতম ধন, সম্পদ, উন্নতি, পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস আৰু সৌন্দৰ্যৰ দেৱী। তেওঁ ভগৱান বিষ্ণুৰ ভাৰ্যা। জনবিশ্বাস মতে পূজাৰ দিনা লক্ষ্মী দেৱী তেওঁৰ ভক্ত সকলৰ ঘৰলৈ আহি তেওঁলোকক আশীৰ্বাদ দিয়ে। লক্ষ্মী দেৱীক আদৰিবলৈ ভক্ত সকলে ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰে, ফুল আৰু পোহৰেৰে নিজৰ ঘৰ আলোকিত কৰে, বিভিন্ন প্ৰকাৰৰ মিষ্টান্ন আৰু ভোগ ৰান্ধে।
উল্লেখ্য যে আজি অৰ্থাত শনিবাৰে পুৱা ৩.৩০ বজাৰপৰা দেওবাৰে বিয়লি ২.৩০ লৈ লক্ষ্মী পূজাৰ লগ্ন অব্যাহত থাকিব।
লগতে পঢ়কঃ গেছ চিলিণ্ডাৰৰ বাবে নতুন নিয়মঃ দুবাৰহে কৰিব পাৰিব বুকিং!