1. News

Lady rosetta : মৰিগাঁৱত এপাৰ্টৰ অধিনত উন্নত প্ৰজাতিৰ লেডী ৰজেটাৰ আলু খেতি

PANKAJ KHANIKAR
PANKAJ KHANIKAR
মৰিগাঁৱত এপাৰ্টৰ অধিনত উন্নত প্ৰজাতিৰ লেডী ৰজেটাৰ আলু খেতি
মৰিগাঁৱত এপাৰ্টৰ অধিনত উন্নত প্ৰজাতিৰ লেডী ৰজেটাৰ আলু খেতি

মৰিগাঁৱৰ কৃষি ভূমিত উন্নত প্ৰজাতিৰ আলু খেতিৰে কৃষি খণ্ডত নতুন যোগৰ সূচনা। মৰিগাঁও জিলা কৃষি বিভাগৰ অধীনত তথা এপাৰ্ট আচঁনিৰ উদ্যোগত আৰু ৰজামায়ং কৃষি চক্ৰৰ সহযোগত কেইবা হেক্টৰ কৃষিভুমিত প্ৰথমবাৰলৈ প্ৰদৰ্শনীমূলক ভাৱে ৰোপন কৰা হৈছিল উন্নত লেডী ৰজেটা প্ৰজাতিৰ আলু।

শেহতীয়াকৈ পথাৰ দিৱসৰ লগত সংগতি ৰাখি মায়ঙৰ হাতীমুৰীয়াত সোনতলী মাকৈ উতপাদক গোটৰ দ্বাৰা প্ৰায় ২ হেক্টৰ ভুমিত ৰোপন কৰা আলু খেতি চপোৱা হয়। উল্লেখ্যযে প্ৰথমবাৰলৈ প্ৰদৰ্শনীমুলক ভাৱে ৰোপন কৰা লেডী ৰজেটা প্ৰজাতিৰ আলুৰ খেতি কৰি অধিক উৎসাহিত কৃষকসকল।

লগতে পঢ়ক- 

Malta Farming : আপুনিও এই খেতি কৰি লাখ লাখ টকা উপাৰ্জন কৰিব পাৰিব!

কৃষকসকলে প্ৰতি বিঘাত প্ৰায় 35 কুইন্টল আলু উতপাদন কৰাৰ বিপৰীতে অসমৰ বজাৰত  ইয়াৰ বজাৰ মুল্য আশাজনক। ইতিমধ্যে কৃষক সকলে খুচুৰা বজাৰত প্ৰতি কেজি আলু প্ৰায় ১৫/১৭ টকাকৈ বিক্ৰী কৰি ভাল উপাৰ্জন কৰিছে। অন্যহাতে এই প্ৰজাতিৰ আলু ক্ৰয় কৰিবলৈ আহিছে Haldhiram, Pepsico আদিকে ধৰি কেইবাটাও বহুজাতিক কোম্পানী।

কৃষক উতপাদক গোটটোৱে প্ৰদৰ্শনীমূলক ভাৱে কৰা বন্ধাকবি আৰু ফুল কবি চপোৱা হয়। হাতীমুৰীয়াৰ প্ৰগতিশীল কৃষক সম্ভু মণ্ডলৰ প্ৰায় ২ হেক্টৰ ভুমিত প্ৰদৰ্শনীমুলক ভাৱে কৰা হৈছিল  wonderball প্ৰজাতিৰ বন্ধাকবি আৰু Madhurika প্ৰজাতিৰ ফুল কবি।

লগতে পঢ়ক- 

Mango farming : ভালকে কৰিলে আমৰ খেতিয়েও আপোনাক লাখপতি বনাব

English Summary: Lady rosette potato farming & its benefits

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.