1. এগ্ৰিপেডিয়া

Malta Farming : আপুনিও এই খেতি কৰি লাখ লাখ টকা উপাৰ্জন কৰিব পাৰিব!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Bipul chndra Nath
Bipul chndra Nath

বিপুল চন্দ্ৰ নাথ গোৱালপাৰাৰ মৰনৈস্থিত সৈনিক স্কুলৰ নিকটৱর্তী দহিকটা গাঁৱৰ এজন বাসিন্দা। উচ্চ শিক্ষিত বিপুল চন্দ্ৰ নাথে মেট্ৰিক পৰীক্ষাত ইংৰাজীত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ ইংৰাজী মেজৰ লৈ বিএপাছ কৰে। কিন্তু বৰ্তমান তেওঁৰ পৰিচয় এজন উদ্যমী কৃষক হিচাপেহে। খেতি আৰম্ভ কৰাৰ পূৰ্বে চৰকাৰী চাকৰিৰ বাবে চেষ্টা কৰিছিল যদিও প্ৰতাৰণাৰ বলি হৈ চাকৰি আশা ত্যাগ কৰি কৃষিত মনোনিৱেশ বিপুল চন্দ্ৰ নাথে।

প্ৰথম অৱস্থাত ১২ বিঘা মাটিত ৰবৰৰ খেতি আৰম্ভ কৰা বিনোদ চন্দ্ৰ নাথে মাজতে ৪ বিঘা মাটিত আৰম্ভ কৰে থাইলেণ্ড প্ৰজাতিৰ বগৰীৰ খেতি। তেনেসময়তে তেওঁ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত কৃষক আব্দুল হালিমৰ সংস্পৰ্শলৈ আহে । আৰু আব্দুল হালিমৰ পৰামৰ্শৰ মতেই পশ্চিমবংগৰ পৰা ৫৩০ টা মাল্টাৰ পুলি ক্ৰয় কৰি আনি অভিজ্ঞ কৃৰ্ষি কৰ্মীৰ জৰিয়তে ৰোপণ কৰে । নাথৰ এই কাৰ্যত সহায় কৰে তেওঁৰ জ্যেষ্ঠ ভাতৃ ধীৰেণ চন্দ্ৰ নাথ আৰু পুত্ৰ হীৰক জ্যোতি নাথে ।

লগতে পঢ়ক-

Patchouli farming : মাহে মাহে হাতলৈ আহিব ২০ ৰ পৰা ৩০ হাজাৰ টকা

এই গোটেই প্ৰক্ৰিয়াটোত ৪ লাখ ৫০ হেজাৰ টকা খৰচ হয় বুলি জানিবলৈ দিয়ে কৃষক বিনোদ চন্দ্ৰ নাথে। গছ ৰোৱা ৩ বছৰ পাছত সাধাৰণতে মাল্টাৰ গছত ফল লাগে। কিন্তু দুবছৰতে নাথৰ বাৰীত লমা-লমে লাগিল ফল। ৫৩০ জোপা মাল্টাত প্ৰথম বাৰতে প্ৰায় ২২ কুইন্টল মাল্টা টেঙা লাগে। এই মাল্টা টেঙাসমূহ নাথে প্ৰতিকেজিত ১০০ টকাকৈ বিক্ৰি কৰে। আৰু প্ৰথম বাৰতে ২২০,০০০ টকা উপাৰ্জন কৰে নাথে। বৰ্তমান তেওঁ মাল্টা খেতিৰে অসমতে নহয় উত্তৰ-পূৰ্বাঞ্চলত এক নাম অৰ্জন কৰিছে। জানিব পৰা মতে, উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমবাৰৰ বাবে মাল্টা খেতিৰে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে নাথে।

মাল্টা টেঙাৰ খেতিৰ কেইটামান লাভদায়ক কথা-

১। গৰু-ছাগলীয়ে মাল্টা টেঙাৰ গছত মুখ নিদিয়ে।

২। দেখিবলৈ মৌচুমীৰ দৰে হ’লেও ৰস আৰু সোৱাদ মৌচুমীতকৈ অধিক বেছি

৩। এবাৰ ৰুলে ২০ বছৰলৈ মাল্টা জোপাই ফল দি থাকে।

৪। বছৰৰ সকলো সময়তে মাল্টা গছত ফল লাগে।

গতিকে এই লাভালাভবোৰ সন্মুখত ৰাখি, পৰিকল্পনাৰে আগ্ৰহী কৃষকসকলে এই খেতি কৰি আৰ্থিকভাৱে লাভ হোৱাৰ যথেষ্ট সম্ভাৱনা আছে।

লগতে পঢ়ক- 

এই জাতৰ মধুৰি পুলিৰ বাবে উল্লিখিত নম্বৰত ফোন কৰক

English Summary: Malta Farming, Bipul chandra Nath & others

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.