1. News

কৃষি জাগৰণ আৰু চি ইউ টি এমৰ উদ্যোগত "উৎকাল কৃষি মেলা ২০২৩"

PANKAJ KHANIKAR
PANKAJ KHANIKAR
"Utkal Krishi Fair 2023"
"Utkal Krishi Fair 2023"

আজিৰে পৰা ওড়িশাৰ সৰ্ববৃহৎ কৃষি সন্মিলন "উৎকাল কৃষি মেলা ২০২৩" (UTKAL KRISHI MELA 2023) আৰম্ভ।  দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত "উৎকাল কৃষি মেলা ২০২৩" আয়োজন কৰে কৃষি জাগৰণ মিডিয়া গ্ৰুপ আৰু চি ইউ টি এম  অৰ্থাত চেঞ্চুৰিয়ান ইউনিভাৰ্চিটি অৱ টেকন'লজি এণ্ড মেনেজমেণ্ট। আজি পুৱাই মেলাখনৰ শুভাৰম্ভ কৰে অ’ ইউ এ টিৰ উপাচাৰ্য ফমাকা কুমাৰ ৰাউলে।

মেলাত কৃষি আৰু কৃষি উন্নতিক কেন্দ্ৰ কৰি অনুষ্ঠিত হ’ব সকলো কাৰ্যসূচী। অনুষ্ঠানত ভাগ ল’বলৈ ৰাজ্যৰ ভিন্নপ্ৰান্তৰ কৃষকসকল উপস্থিত হৈছেহি মেলাস্থলীত। কৃষি মেলাৰ মূল উদ্দেশ্য হৈছে কৃষক, কৃষি উদ্যোগী, উৎপাদক, ব্যৱসায়ী, বিতৰক, বিজ্ঞানী আৰু বহু চৰকাৰী সংস্থাক এক মঞ্চত সমবেত কৰোৱা।

লগতে পঢ়ক- 

কৃষিলৈ মন মেলাৰ পূৰ্বে এই ৫ টা সম্পদ আপোনাৰ হাতত আছে নাই থিক কৰক

 

Utkal Krishi Mela
Utkal Krishi Mela

টি চেঞ্চুৰিয়ান বিশ্ববিদ্যালয় আৰু কৃষি জাগৰণৰ সহযোগত আয়োজন কৰা এই কৃষি মেলাখনৰ প্ৰথম দিনাই কৃষি জাগৰণৰ প্ৰতিষ্ঠাপক এম চি ডমিনিক, ইউ এ টিৰ উপাচাৰ্য ফামাকা কুমাৰ ৰাউল, এম এছ এছ এছ অ’ এৰ ডীন দেৱেন্দ্ৰ ৰেড্ডী, মুখ্য অতিথি নটবৰ সাৰংগীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁলোকৰ ভাষণৰ জৰিয়তে কৃষিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

আশা কৰা হৈছে এই কৃষি মেলাই সকলো ধৰণৰ কৃষি সমস্যাৰ নিদানৰ সুযোগ সৃষ্টি কৰিব। আধুনিক প্ৰযুক্তিৰে কৃষি কেনেদৰে গঢ়ি তুলিব পাৰি সেই সম্পৰ্কে বিশেষ আলোচনা হয়। একেদৰে কৃষকসকলেও কৃষকসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাসমূহ দাঙি ধৰি কৃষি বিশেষজ্ঞসকলৰ পৰা পৰামৰ্শ লৈ সেইবোৰ সমাধান কৰিব পাৰে। মেলাত দুদিনৰ বাবে উন্নত কৃষি যন্ত্ৰপাতি, বীজ, সাৰ, নতুন জ্ঞান আৰু প্ৰযুক্তিৰ ওপৰত আলোকপাত কৰা হ’ব যাতে ৰাজ্যৰ সকলো কৃষক সহজে উপলব্ধ হয়।

লগতে পঢ়ক- 

Assam spine : কৰ্ণাটক চৰকাৰৰ উদ্যোগত অসমৰ ভাতকেৰেলা খেতি

English Summary: "Utkal Krishi Mela 2023" starts in Odisha

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.