1. News

গোলাঘাটৰ বিভিন্ন গাঁওত প্ৰধান মন্ত্ৰী ফচল বীমা যোজনা সন্দৰ্ভত সজাগতা কাৰ্যসূচী

PANKAJ KHANIKAR
PANKAJ KHANIKAR
গোলাঘাটত ফচল বীমা সন্দৰ্ভত সজাগতা সভা
গোলাঘাটত ফচল বীমা সন্দৰ্ভত সজাগতা সভা

গোলাঘাট কৃষি কাৰ্যালয়ৰ উদ্যোগত বোকাখাট সমষ্টিৰ বনগাঁও কৃষিচক্ৰৰ অন্তৰ্গত দুসুটিমুখ গাঁও পঞ্চায়ত আৰু গুলোং টেমেৰা গাঁও পঞ্চায়তৰ বহু কেইখন গাওঁত বুধবাৰে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ সজাগতা সৃষ্টি কৰা হয় লগতে কৃষকসকলক আঁচনিত পঞ্জীয়নৰ প্ৰ-পত্ৰ প্ৰদান কৰা হয়।

উল্লেখ্য যে গোলাঘাট জিলাৰ বনগাঁও কৃষি চক্ৰৰ অন্তৰ্গত কৃষক পৰিয়ালক যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ ফলত কোনো শস্যৰ অনিষ্ট হ’লে সংশ্লিষ্ট কৃষকক আৰ্থিক সকাহ তথা উপযুক্ত সকাহ দিয়াৰ উদ্দেশ্যে এই সজাগতা কাৰ্যসূচী আয়োজন কৰা হৈছে।

লগতে পঢ়ক- 

Mango farming : ভালকে কৰিলে আমৰ খেতিয়েও আপোনাক লাখপতি বনাব

ইফালে গোলাঘাট দুচুতিমুখ আৰু গুলুঙ তেমেৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত বহু কেইখন গাওঁত মাইকিংৰ জৰিয়তে কৃষক ৰাইজক কুঁহিয়াৰ আৰু বৰো ধানৰ খেতিৰ বীমা কৰাবৰ বাবে আহ্বান জনোৱা হয়। এই সজাগতা কাৰ্যসূচীত সংবাদ বিশেষজ্ঞ ভাৰ্গব শইকীয়া আৰু স্থানীয় কৃষি সম্প্ৰসাৰণ সহায়ক হেমন্ত মেধিৰ লগতে বীমা কোম্পানীৰ প্ৰতিনিধিসকল উপস্থিত থাকি কৃষকসকলৰ সৈতে প্ৰধান মন্ত্ৰী ফচল বীমা যোজনা সম্পৰ্কে বিষদভাৱে আলোচনা কৰে লগতে তেওঁলোকক প্ৰ পত্ৰ প্ৰদান কৰে।

ঊল্লেখযোগ্য যে গোলাঘাট জিলাৰ কৃষক সকলে ফচল বীমাৰ সৰ্ম্পূণ লাভ গ্ৰহণ কৰিব পাৰিব।বৰ্তমান প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত কুঁহিয়াৰ আৰু বৰো ধানৰ বীমাৰ অন্তিম তাৰিখ ২৫ ফেব্ৰুৱাৰী। ইচ্ছুক কৃষক ৰাইজে অনতিপলমে গোলাঘাট জিলা কৃষি বিভাগৰ কাৰ্যালয়, নিকটবৰ্তী জন সেৱা কেন্দ্ৰ, সংশ্লিষ্ট বীমা কোম্পানীৰ কাৰ্যালয়ত যোগাযোগ কৰি এই আঁচনিৰ অধীনস্থ শস্যৰ বীমা কৰিব পাৰিব ।

লগতে পঢ়ক- 

মৰিগাঁৱত এপাৰ্টৰ অধিনত উন্নত প্ৰজাতিৰ লেডী ৰজেটাৰ আলু খেতি

English Summary: Awareness Program on PMFBY in Golaghat

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.