1. News

কৃষি উন্নতি সন্মিলন ২০২২: ১৭-১৮ অক্টোবৰত ওড়িশাত সৰ্ববৃহৎ কৃষি প্ৰদৰ্শনী

Mrigakshi Phukan
Mrigakshi Phukan
Krishi Unnati Sammelan 2022
Krishi Unnati Sammelan 2022

কৃষি জাগৰণে চেঞ্চুৰিয়ান বিশ্ববিদ্যালয়ৰ এম এছ স্বামীনাথন স্কুল অব এগ্ৰিকালচাৰৰ সহযোগত কৃষক, কৃষি বিশেষজ্ঞ আৰু কৃষি উদ্যোগপতিসকলক একেখন মঞ্চত একত্ৰিত কৰিবলৈ 17 আৰু 18 অক্টোবৰত কৃষি উন্নতি সন্মিলন 2022  “Explore the Unexplored Affluent Agri Odisha” অনুষ্ঠিত কৰিবলৈ সাজু হৈছে।

এই বৃহৎ কৃষি প্ৰদৰ্শনীখনে নতুন উদ্ভাৱন আৰু প্ৰযুক্তিগত আপডেটৰ ওপৰত বিশেষ গুৰুত্ব দিব আৰু ওড়িষাত কৃষি আৰু আনুসংগিক খণ্ডৰ বিকাশৰ বাবে এক মঞ্চ তৈয়াৰ কৰিব। যি ওড়িষাৰ কৃষিখণ্ডত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। প্ৰদৰ্শনীখনৰ বিশেষ আকৰ্ষণ হ'ব ডংৰিয়া জনজাতিৰ কলা আৰু সংস্কৃতি, খাদ্য আৰু কৃষি পদ্ধতি। ডংৰিয়া জনজাতিৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প আন এক আকৰ্ষণৰ বিষয় হিচাপে বিবেচিত হ’ব।

কৃষি উন্নতি সন্মিলন ২০২২ এ অংশগ্ৰহণকাৰীসকলক কৃষি উদ্যোগসমূহক তেওঁলোকৰ শেহতীয়া কাৰিকৰী উদ্ভাৱনসমূহ প্ৰদৰ্শন কৰাৰ বাবে এক মঞ্চ প্ৰদান কৰিব। আৰু ইয়াৰ লগতে, কৃষকসকলে তেওঁলোকৰ পৰম্পৰাগত কৃষি পদ্ধতি প্ৰদৰ্শন কৰিবলৈ এখন মঞ্চ লাভ কৰিব।

অনুষ্ঠানটোৰ মুখ্য উদ্দেশ্য হৈছে কৃষি সংগঠন আৰু পৰম্পৰাগত পদ্ধতিবোৰ অধিক উন্নত কৰাৰ বাবে 'এক্সপ্লোৰ দ্য আনএক্সপ্ল’ৰ্ড' বিষয়ৰ অধীনত কৃষি পৰ্যটনৰ জৰিয়তে এক কৃষিৰ বজাৰ সৃষ্টি কৰা।

লগতে পঢ়ক: অসম কৃষিবিশ্ববিদ্যালয়ে উদ্ভাৱন কৰিছে ধানৰ নতুন প্ৰজাতি

English Summary: Krishi Unnati Sammelan 2022

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.