1. News

Krishi Sanyantra, Day-2 : উড়িষ্যাৰ কৃষি সয়ন্ত্ৰ ২০২৩ ৰ আজি দ্বিতীয়টো দিন

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Krishi Sanyantra-2023, Day-2
Krishi Sanyantra-2023, Day-2

উৰিষ্যাত অনুষ্ঠিত হৈ থকা কৃষি সয়ন্ত্ৰা-২০২৩ৰ আজি দ্বিতীয়টো দিন। বালাসোৰৰ কুৰুণ্ড জিলাত ২৫ মাৰ্চৰ পৰা ২৭ মাৰ্চলৈ আয়োজন কৰা তিনিদিনীয়া কাৰ্যসূচী । য’ত বৃহৎ সংখ্যক কৃষকে অংশগ্ৰহণ কৰিছে আৰু কৃষিৰ নতুন কৌশলকে ধৰি খেতিৰ লগত জড়িত বিষয়বোৰ স্থান লাভ কৰিছে। দ্বিতীয় দিনৰ মুখ্য কাৰ্যসূচী হিচাপে ৰাজ্যখনৰ কেইবাগৰাকী বিশিষ্ট কৃষকক সম্বৰ্ধনা জনোৱা হয় ।

কৃষি সয়ন্ত্র ২০২৩ ৰ দ্বিতীয় দিনৰ কাৰ্যূচীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অধ্যাপক এইচ কে পাত্ৰৰ ডীন কৃষি মহাবিদ্যালয় অ’ ইউ এ টি ভুৱনেশ্বৰ, ড০ স্বাগতিকা সাহুৰ জ্যেষ্ঠ বিজ্ঞানী তথা মুৰব্বী কে ভি কে বালাসৌৰ, ড০ অৰবিন্দ দাস, জ্যেষ্ঠ বিজ্ঞানী আৰু মুৰব্বী কে ভি কে ভদ্ৰক, ড° সংঘমিত্ৰ পাটনায়ক (ড° সংঘমিত্ৰ পাটনাইক জ্যেষ্ঠ বিজ্ঞানী আৰু মুৰব্বী কেভিকে ময়ুৰভঞ্জ-১)। লগতে উপস্থিত থাকে কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ মুখ্যসম্পাদক এম চি ডমিনিক। বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিতে কৃষকসকলক সন্মান জনোৱা হয়।

লগতে পঢ়ক- 

মীনপালনেৰ লাখপতি হ’বলৈ এইকেইটা কথা আপুনি জানিবই লাগিব

দ্বিতীয় দিনৰ কাৰ্যসূচীৰ অংশস্বৰূপে দুখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। প্ৰথমখন আলোচন চক্ৰত উন্নত কৃষি যন্ত্ৰপাতি আৰু সঁজুলি (STIHL/ SANY Industries) আৰু দ্বিতীয় অধিবেশন WOW Motors/Ware Energies KISAN ৰ ওপৰত অনুষ্ঠিত হয়। আলোচনাৰ মাজতে বহনক্ষম কৃষি পদ্ধতি আৰু প্ৰযুক্তিৰ জৰিয়তে কৃষকৰ আয় দুগুণ কৰাৰ বিষয়টোৱেও ঠাই পায়।

আজিৰ কাৰ্যসূচীৰ মূল উদ্দেশ্য এই মেলাখনে ওড়িশাৰ কৃষি আৰু সংশ্লিষ্ট খণ্ডসমূহক উৎসাহিত কৰাৰ লগতে বালাসোৰ জিলাৰ কৃষি খণ্ডৰ অধিক উন্নতি সাধন কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিশেষকৈ বালাসোৰৰ কৃষক, কৃষি বিজ্ঞানী, কৃষি অভিযন্তা আৰু কৃষি বিষয়াসকলে এই মেলাত অংশগ্ৰহণ কৰিছে। আজিৰ এই কাৰ্যসূচীৰ মূল উদ্দেশ্য দেশৰ কৃষি খণ্ডক তুলনামূলকভাৱে সমৃদ্ধিশালী আৰু সবল কৰি তোলা, যাৰ অধীনত কৃষকৰ ভৱিষ্যত উজ্জ্বল হ’ব পাৰে।

লগতে পঢ়ক- 

উৰিষ্যাৰ Krishi Sanyantraত উপস্থিত নৰেন্দ্ৰ সিং টোমৰ, পুৰুষোত্তম ৰূপালা

English Summary: Krishi Sanyantra-2023, Day-2 in Odisa

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.