1. News

বছৰেকত কেইটামান দিন পচলা খায়েই দূৰতে থাকক এই কেইটা ৰোগৰ পৰা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
পচলাৰ ঔষধি গুণবোৰ
পচলাৰ ঔষধি গুণবোৰ

অসমীয়া মানুহৰ খাদ্য তালিকাৰ অন্যতম পচলা। পচলাৰ লগত বিভিন্ন অন্য পাচলি যোগ কৰি বিভিন্ন সুস্বাদু ব্যঞ্জন বনোৱা হয়। ই পাৰৰ মাংস, মৰ্টন, কুকুৰাৰ মাংসৰ লগতে বিভন্ন ধৰণৰ পাচলিৰ লগত ৰন্ধা হয়। ঘৰৰ বাৰীতে পোৱা এই পচলাটোৰ বহুতো ৰোগ প্ৰতিৰোধী ঔষধি গুণেৰে ভৰপূৰ। কল পচলা আমাৰ শৰীৰৰ বাবে অতি উপকাৰী আইৰণ, পটাছিয়াম, ফাইবাৰ, ভিটামিন-বি আদি উপাদান পোৱা যায় ।

তলত কলপচলাই আমাৰ শৰীৰটোক নিৰাপত্তা দিয়াত কেনেদৰে সহায় কৰে সেই বিষয়ে আলোচনা কৰা হ’ল-

  • কল পচলাই শৰীৰৰ বৰ্জনীয় পদাৰ্থ বাহিৰ কৰাত সহায় কৰে ।
  • কল পচলাই কিডনিত পাথৰ হোৱাত প্ৰতিৰোধ কৰে ।
  • ইউৰিক এচিডৰ সমস্যাত কল পচলা উপকাৰী ।
  • ডায়েবেটিছ ৰোগীৰ বাবে উপযোগী । কল পচলাত থকা ভিটামিন-বি য়ে ইনচুলিন উৎপন্ন হোৱাত সহায় কৰে ।

লগতে পঢ়ক- 

Stevia : বহি:ৰাজ্যই দখল কৰাৰ পূৰ্বে অসমীয়া কৃষকে ষ্টেভিয়াৰ খেতি কৰক

  • লগতে ডায়েবেটিছ ৰোগৰ পৰা হোৱা আন সমস্যা দূৰ কৰে ।
  • আইৰণ থকাৰ বাবে ৰক্তহীনতা সমস্যাত উপকাৰী ।
  • কল পচলাত থকা পটাছিয়ামে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে ।
  • হৃদযন্ত্ৰ আৰু স্নায়ুতন্ত্ৰক সবল কৰি ৰাখে ।
  • ফাইবাৰ যুক্ত কল পচলাই কোষ্ঠকাঠিন্যতা সমস্যা দূৰ কৰে ।
  • মূত্ৰনলী সংক্ৰমণ , প্ৰস্ৰাৱৰ বিভিন্ন সমস্যাত কল পচলা উপকাৰী ।
  • কলেষ্টৰলৰ সমস্যাত কল পচলা উপকাৰী ।
  • কল পচলাৰ ৰস লগালে কটা ঘাঁৰ ৰক্ত ক্ষৰণ বন্ধ হয় ।
  • ফেটি লিভাৰ , জণ্ডিচ আদি লিভাৰ জনিত সমস্যাত কল পচলা উপকাৰী ।

বৰ্তমান সময়ত আমাৰ নতুন প্ৰজন্মই এই খাদ্যসমূহৰ প্ৰতি অনীহা প্ৰকাশ কৰা দেখা যায়। কিন্তু এই খাদ্যসমূহৰ গুণগত মান কিমান ওপৰৰ এই কথাবোৰ বুজাই দিয়াতো জ্যেষ্ঠ আৰু জনা-বুজাসকলৰ দায়িত্ব।

লগতে পঢ়ক- 

মহিলা আৰু শিশুৰ পৰিপুষ্টিত সৰু মাছ

English Summary: Bumper Health Benefit of the Kolpasola

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.