1. News

উৰিষ্যাৰ বালাচোৰত Krishi Sanyantra : উপস্থিত নৰেন্দ্ৰ সিং টোমৰ, পুৰুষোত্তম ৰূপালা

RAHUL ALI
RAHUL ALI
Krishi Sanyantra Mela 2023 at Balasore Orissa
Krishi Sanyantra Mela 2023 at Balasore Orissa

কৃষক, কৃষি পেছাদাৰী আৰু চৰকাৰী বিষয়াসকলক একত্ৰিত কৰি কৃষি উদ্যোগৰ শেহতীয়া প্ৰৱণতা আৰু উদ্ভাৱনৰ সন্দৰ্ভত আলোচনাৰ উদ্দেশ্যে ২৫ ৰ পৰা ২৭ মাৰ্চলৈ তিনিদিনীয়াক কাৰ্যসূচীৰে উৰিষ্যাৰ বালাচোৰৰ কুৰুদা ফিল্ডত অনুষ্ঠিত হোৱা কৃষি সান্নিয়ন্ত্ৰ (Krishi Sanyantra) মেলাৰ আজি প্ৰথম দিন। বিশাল উদ্বোধনী অনুষ্ঠানৰ সৈতে আৰম্ভ হোৱা উক্ত মেলাত উপস্হিত থাকে কৃষি আৰু কৃষক কল্যাণ বিভাগৰ মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ (ভাৰ্চুৱেলী), পশুপালন, দুগ্ধ পালন আৰু মীন পালন ৰাজ্যিক মন্ত্ৰী পৰশোত্তম ৰূপালা আৰু সংসদৰ সদস্য প্ৰতাপ চন্দ্ৰ চাৰংগী প্ৰমূখ্যে কৃষি আৰু আনুসংগিক খণ্ডৰ সৈতে জড়িত ভালেসংখ্যক বিশিষ্ট ব্যক্তি।

ভাৰতৰ সৰ্ববৃহৎ কৃষি সংবাদ প্ৰতিস্হান কৃষি জাগৰণৰ উদ্যোগত আয়োজিত কৃষি সান্নিয়ন্ত্ৰ সন্মিলনত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰে কৃষকৰ সুবিধাৰ্থে আয়োজিত এই মেলাৰ বাবে কৃষি জাগৰণক ভূয়সী প্ৰশংসা কৰে। তেওঁ ভাৰত চৰকাৰৰ হৈ সন্মিলনখনক অভিনন্দন জনায় আৰু দেশৰ কৃষকসকলৰ স্বাৰ্থৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমৰ্পণৰ কথা ব্যক্ত কৰে।

ভাষণ প্ৰসংগত তেওঁ প্ৰধানমন্ত্ৰী কিষাণ যোজনাকে ধৰি চৰকাৰে প্ৰৱৰ্তন কৰা বিভিন্ন আঁচনিৰ ওপৰত আলোকপাত কৰে, যাৰ ফলত ইতিমধ্যে সমগ্ৰ দেশৰ ১১.৫ কোটি কৃষক উপকৃত হৈছে। তোমাৰে লগতে কয় যে উৰিষ্যাৰ কৃষকসকলেও এই আঁচনিৰ লাভালাভ প্ৰাপ্ত কৰিছে আৰু তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰিছে। তাৰোপৰি তেওঁ স্বীকাৰ কৰে যে কৃষি সান্নিয়ন্ত্ৰ মেলাত প্ৰদৰ্শিত কৃষি কৌশলৰ আধুনিকীকৰণে কৃষকসকলক লাভান্বিত হ'ব। তেওঁ ভাৰতৰ প্ৰতিখন গাঁৱত কৃষক সাংবাদিকৰ (কৃষি জাগৰণ উদ্যোগ) প্ৰয়োজনীয়তাৰ পৰামৰ্শ আগবঢ়ায়।

সন্মিলনৰ সময়ত পৰশোত্তম ৰূপালাই কৃষি জাগৰণৰ প্ৰতিষ্ঠাপক এম চি ডমিনিক আৰু উৰিষ্যাৰ কৃষকসকলক প্ৰশংসা কৰে। ৰূপালাই যে কৃষি জাগৰণৰ 'কৃষক সাংবাদিক' উদ্যোগৰ সহায়ত ১২০০ কৃষকে জড়িত হোৱা কাৰ্ষক প্ৰসংসা কৰে। তেওঁ লগতে কয় যে কৃষকসকলৰ প্ৰতি কৃষি জাগৰণৰ সমৰ্পণ দেশৰ উজ্জ্বল ভৱিষ্যতৰ বাবে প্ৰশংসনীয় আৰু অপৰিহাৰ্য।

ৰূপালাই ভাৰতৰ প্ৰতিখন গাঁৱতে এজন 'কৃষক সাংবাদিক'ৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ ভাৰতৰ পশ্চিম আৰু পূব অংশৰ বিকাশৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ ওপৰতো আলোকপাত কৰে। ৰূপালাই কয় যে চৰকাৰে সকলো নীতিতে কৃষকসকলক লাভালাভ প্ৰদান কৰাৰ লক্ষ্য ৰাখিছে আৰু কৃষি জাগৰণে এই প্ৰচেষ্টাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।

এই অনুষ্ঠানক সাংসদ প্ৰতাপ চন্দ্ৰ সাৰংগীকে ধৰি বহুতে মেলাখন আয়োজনৰ ক্ষেত্ৰত কৃষি জাগৰণৰ পদক্ষেপক অভিনন্দন আৰু প্ৰশংসা কৰে। সাৰংগীয়ে বালাচোৰৰ কৃষকসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ কৃষি প্ৰচেষ্টাৰ প্ৰতি সমৰ্থন আগবঢ়াই। তেওঁ কৃষকসকলক প্ৰাকৃতিক কৃষি কৌশল গ্ৰহণ কৰিবলৈ আৰু তেওঁলোকৰ পথাৰত ভাৰ্মিকম্পোষ্ট ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে। তদুপৰি, তেওঁ কৃষকসকলক তেওঁলোকৰ জ্ঞান আৰু দক্ষতা বৃদ্ধিৰ বাবে এনে ধৰণৰ অধিক অনুষ্ঠানত যোগদান কৰিবলৈ উৎসাহিত কৰে।

কৃষি জাগৰণৰ প্ৰতিষ্ঠাপক আৰু মুখ্য সম্পাদক এমচি ডমিনিকে কৃষিত উদ্ভাৱনৰ গুৰুত্ব আৰু কৃষকসকলে নতুন ধাৰণা আৰু প্ৰযুক্তিৰ বাবে মুক্ত হোৱাৰ প্ৰয়োজনীয়তা সম্পৰ্কে তেওঁৰ মতামত ব্যক্ত কৰে।

লগতে পঢ়ক-

‘ক্ষুদ্ৰ জলসিঞ্চনে কেৱল পানীয়েই নহয় কৃষকৰ উপাৰ্জনতো নিৰ্ণায়ক ভূমিকা লয় ’

English Summary: Krishi Sanyantra Mela 2023

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.