1. পশুপালন

মীনপালনেৰ লাখপতি হ’বলৈ এইকেইটা কথা আপুনি জানিবই লাগিব

PANKAJ KHANIKAR
PANKAJ KHANIKAR
মীনপালকসকলে জানিব লগা কেইটামান কথা
মীনপালকসকলে জানিব লগা কেইটামান কথা

অসম নদ-নদী, খাল-বিল, জলাশয় আদিৰ বাবে বিখ্যাত। ইয়াৰে কিছুমান খাল-বিল অলপ থিক-থাক বা পাৰকেইটা বান্ধি ল’লেই মাছ পোহাৰ উপযোগী হৈ পৰে। আৰু অসমৰ যুৱক-যুৱতীসকলে সহজে লাখ টকা উপাৰ্জন কৰাৰ স্থল এই খাল-বিলসমূহত লুকাই আছে। মাছপোহাৰ লগতে খাল-বিলসমূহত গোপালন, হাঁহ-কুকুৰা, গাহৰি ফাৰ্মৰ লগতে পুখুৰীৰ পাৰবোৰত কল, অমিতা, নেমু আদিৰ খেতি কৰিব পাৰে। সম্প্ৰতি বহু মীনপালকে এনেদৰে মীন পালন কৰি বছৰি ২ৰ পৰা ৫ লাখ টকা উপাৰ্জন কৰি আছে।

আৰম্ভণিতে ধেৰ খৰচ কৰাৰ কোনো প্ৰয়োজন নাই। সীমিত মূলধনৰ পৰাই আৰম্ভ কৰক মীনপালন, সৰু তথা মজলীয়া আকাৰৰ পুখুৰীত। ভিয়েটনামি কাৱৈ, শিঙি, মাগুৰ, ৰূপচন্দা ক'চ্, পাঙ্গাছ মাছৰ পোণা মেলি কম দিনতে মীনপালকসকল লাভান্বিত হব পাৰে। তলত এজন নতুন মীন পালকে মন কৰিবলগীয়া কেইটামান অতি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিলো। 

লগতে পঢ়ক- 

মোদীৰ বিনামূলীয়া মোবাইল ৰিচাৰ্জে বেংক একাউন্ট খালি কৰিব পাৰে আপোনাৰ!

এই কথাখিনি দীৰ্ঘদিন ধৰি মাছপালনৰ লগত জড়িত বিষ্ণু ডেকা ফেচবুক পেজৰ এটা পোষ্টৰ পৰা অকণমান সম্পাদিত কৰি তুলি দিয়া দিয়া হ’ল-

  • কেৱল মাত্ৰ উন্নত জাতৰ পোণা, উচ্চ প্ৰটিনযুক্ত খাদ্য(দানা/Feed), গুনসম্পূৰ্ন ঔষধৰ হে প্ৰয়োগ তথা ব্যৱহাৰ কৰিব।
  • পোণা মেলাৰ আগতে অভিজ্ঞ ব্যক্তি/প্ৰতিষ্ঠানৰ/মীন বিভাগৰ পৰামৰ্শ লৈ পুখুৰি পোণা মেলিব পৰাকৈ প্ৰস্তত কৰি লৱ,
  • পুখুৰীৰ পাৰ চাফ চিকুনাই ৰাখিব, তদুপৰি পুখুৰী ৰ'দ পৰা ঠাইত হ’লে ভাল,
  • ৰৌ ভকুৱা মাছ পালনৰ বাবে ডাঙৰ পুখুৰী নিৰ্মাণ কৰা উচিত, ডাঙৰ পুখুৰীত কাৰ্প মাছৰ বৃদ্ধি যথেষ্ট ভাল।
  • প্ৰয়োজন অনুসৰি পুখুৰীত পানী ভৰোৱা ব্যৱস্থা কৰিব লাগে, /চেলু মেচিন/মটৰ, ব্ৰয়িংৰ সুব্যৱস্থা থাকিব লাগে।
  • পুখুৰীৰ পাৰ মজবুত কৈ বান্ধিব লাগে, পুখুৰীৰ পাৰত কল, তামোল ৰূপন কৰিও লাভান্বিত হ'ব পাৰি।
  • ডাঙৰ পুখুৰীত হাঁহ, কুকুৰা ফাৰ্ম কৰিও লাভান্বিত হ'ব পাৰি।
  • পানীৰ গুণাগুণ নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে পৰীক্ষা কৰিব লাগে,পা নীখিনি যাতে দূষিত নহয় তাৰবাবে আগতীয়াকৈ সাৱধানীয়তা অৱলম্বন কৰিব লাগে।

লগতে পঢ়ক- 

Rupchandra Fish Farming : ৪-৫ মাহতে ১ কেজি ওজনৰ হয় ৰূপচন্দ্ৰা মাছ

English Summary: Know to become a millionaire in fisheries

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.