1. News

এই কৃষক মহিলাসকলক আদৰ্শ হিচাপে ল'বলৈ ৰাজ্যৰ মহিলাসকলক আহ্বান

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Women farmers
Women farmers

কৃষিখণ্ডৰ সামগ্ৰিক উন্নয়ন আৰু গ্ৰাম্য অৰ্থনীতিৰ ভেটি সুদৃঢ়কৰণত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰা শোণিতপুৰ জিলাৰ পুঠিমাৰী, বাপুটিৰ জয়মতী কৃষক উৎপাদক কোম্পানীৰ কৃষিভূমি আজি পৰিদৰ্শন কৰে কৃষি মন্ত্রী অতুল বৰাই।

কৃষক উৎপাদক কোম্পানীটোৰ ৪৩৫গৰাকী মহিলা কৃষকে ৩,০০০তকৈও অধিক বিঘা ভূমিত মূলতঃ আলু, সৰিয়হ, বিলাহী, ৰঙালাউ আদিৰ খেতি কৰি স্বাৱলম্বী হৈছে৷ লগতে উদ্যমী মহিলা কৃষকসকলে শোণিতপুৰ জিলা কৃষি বিভাগ আৰু এপাৰ্টৰ সহযোগত পেপচিকো কোম্পানীৰ সৈতে চুক্তিবদ্ধ হৈ ১০০ বিঘা মাটিত চিপছ তৈয়াৰ কৰা FC ১১ আলুৰ খেতি কৰি ১৯ ৰ পৰা ২২ লক্ষাধিক টকাৰ লাভ অর্জন কৰিবলৈ সক্ষম হৈছে।

লগতে পঢ়ক- 

Indigenous paddy seeds : ৫০০ থলুৱা ধানৰ বীজ আৰু বিপন্ন শস্যৰ বীজ সংৰক্ষণ

তদুপৰি চলিত বৰ্ষটোতে ১০০০ বিঘা মাটিত সৰিয়হৰ খেতিৰে ৫০ লক্ষাধিক টকা উপাৰ্জন কৃষক উৎপাদক কোম্পানীটোৱে । কেৱল মহিলাৰ দ্বাৰা গঠিত এই কৃষক উৎপাদক কোম্পানীটোৰ আদৰ্শ অনুকৰণ কৰি ৰাজ্যখনৰ নৱ প্ৰজন্মক কৃষিখণ্ডৰ মাজেৰে স্বনিয়োজনৰ পথ মুকলি কৰিবলৈ কৃষি মন্ত্রীগৰাকীয়ে।

পৰিদৰ্শনকালত অতুল বৰাৰ সৈতে সৈতে উপস্থিত থাকে বৰচলা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বু, উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ৰ সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰা, কৃষি মন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া পংকজনাভ দাস, জিলা কৃষি বিষয়া পঙ্কজ শইকীয়া প্ৰমুখ্যে অন্যান্য বিষয়ববীয়া তথা জয়মতী কৃষি উৎপাদক কোম্পানীৰ সদস্যসকল আৰু অঞ্চলটোৰ কৃষক ৰাইজ ।

লগতে পঢ়ক- 

মীনপালকে পুখুৰীত ড্ৰপ নে স্পন পোনা এৰিলে অধিক লাভৱান হব!

English Summary: Women farmers cultivate Rabi crops on 3,000 bighas in Sonitpur

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.