কাইলৈ কাতি বিহু। প্ৰতি বছৰৰ দৰে এইবাৰো বিহুটি পালন কৰিবলৈ সাজু হৈছে অসমৰ ৰাই। কৃষি প্ৰধান অসমীয়া সমাজখনত কাতিবিহুৰ গুৰুত্ব অপৰিসীম। এয়া কোনো ভোগৰ উৎসৱ নহয়। কাৰণ এই সময়ত কৃষক ৰাইজৰ ভৰাল উদং হয়। অৱশ্যে ইয়াৰ বিপৰীতে পথাৰত থোক মেলে সোণগুটিয়ে। সেয়ে অনাড়ম্বৰভাৱে অনুষ্টুপীয়াকৈ অসমীয়া ৰাইজে কাতি বিহু পালন কৰে।
জেঠ, আহাৰ আৰু শাওণ মাহ খেতিৰ বতৰ। এই সময়ত কঠোৰ পৰিশ্মৰমৰ অন্তত খেতিয়কে পথাৰত ভূঁই ৰুই অন্ত কৰে। অন্তৰত এটাই হেঁপাহ, এদিন সোণ গুটিৰে ভঁৰাল ভৰিব, শেষ হ’ব কঙালী দিন। এই সপোন দেখা খেতিয়ক শৰতৰ বতৰত উৎফুল্লিত হয়। শইচৰ ফুল ফুলে, সোণগুটি লাগিবৰ হয়। এনে সময়ত শস্যৰ নষ্টকাৰী কীট-পতংগৰো উৎপাত বেছি হয়, পোক-পৰুৱা, চৰাই-চিৰিকটি, নিগনি-এন্দুৰৰ লগতে প্ৰাকৃতিক উপসৰ্গ সমূহে নকৈ ফুলাম হৈ পৰা ধাননি ডৰাৰ যাতে অপকাৰ সাধিব নোৱাৰে, তাৰ বাবে খেতিয়ক সজাগ হয়। শস্যৰৰ নিৰাপত্তাৰ বাবে বিধি-বিধান পালন কৰে। কাতি বিহু উপলক্ষে প্ৰতিঘৰ অসমীয়াই ঘৰ-দুৱাৰ, আলি-পদূলি, পৰিষ্কাৰ-পৰিচ্ছন্ন কৰে। ঘৰৰ চৌপাশ চিকুণাই সুন্দৰ কৰি থয়।
লোকবিশ্বাস মতে কাতি বিহুৰ দিনা ঘৰ-দুৱাৰ, চোতাল-পদূলি চাফা হৈ থাকিলেহে শস্যৰ প্ৰতীক লক্ষ্মীদেৱীৰ গৃহস্থৰ ঘৰলৈ আগমন ঘটে। অসমীয়া লোকে কাতি বিহুৰ দিনা চোতালৰ আগৰ ভৰালৰ কাষত নতুন ৰঙা মাটিৰে ঢিপ তুলি তুলসী-ভেটি স্থাপন কৰে। এটি সুন্দৰ তুলসী পুলি ৰুই মচি – কাচি নিকা কৰি থয়। কোনো কোনোৱে তুলসী – ভেটিৰ চাৰিও ফালে চাৰিটা কলৰ পুলিও ৰোৱে। সন্ধিয়া এই তুলসী তলৰ উপৰি গোঁসাই ঘৰ, ভঁৰাল ঘৰ, ধাননি-পথাৰ, ঢেঁকীশাল, গোহালি, পঢ়া কোঠা আৰু হাঁহ – ছাগলীৰ গৰালৰ সন্মুখতো মাটিৰ চাকি জ্বলোৱা হয়।
কাতি বিহুৰ মূল উপাদান – স্বৰুপ তুলসী গছৰ বৈজ্ঞানিক প্ৰমাণযোগ্য ব্যৱহাৰ মানৱ জীৱনৰ বাবে বৰ উপকাৰী। সাম্প্ৰতিক বিজ্ঞানে তুলসী গছক উপকাৰী উদ্ভিদ বুলি স্বীকৃতি প্ৰদান কৰা বহু আগতেই কৃষিজীৱি লোকে উপকাৰী বুলি গণ্য কৰি আধ্যাত্মিক ভক্তিৰ সমল ৰুপে গ্ৰহণ কৰিছিল। সেয়ে তুলসী তলত চাকি জ্বলাই আন্তৰিকতাৰে কামনা কৰে : ‘অকাল মৃত্যু হৰণং, সৰ্বব্যাধি বিনাশনম’। এই ঔষধি গুণসম্পন্ন তুলসী জোপাৰ বৈজ্ঞানিক নাম হ’ল Ocimum Sanctum. ই Labiataee গোত্ৰৰ অন্তৰ্ভুক্ত। বিশ্ব স্বাস্থ্য সংস্থাই উওলসী গছক কাঁহ আৰু চৰ্দিত উত্তম ঔষধি হিচাপে ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিছে। তুলসীৰ সৈতে অনেক পৌৰাণিক কাহিনী জড়িত হৈ আছে। আয়ুৰ্বেদত আছে তুলসী য’ত থাকে সেই ঠাইত ম’হ – মাখি আদি থাকিব নোৱাৰে। সেয়ে হয়তো তুলসী গছক এতিয়াও বন্তি জ্বলাই সন্মান যচা হয়। আনহাতে অসমীয়া ৰাইজে তুলসীক লখিমী হিচাপে গণ্য কৰে। এই লখিমী দেৱী সন্তষ্ট হ’লেই সকলো দুখ – দুৰ্দশাৰ পৰা গৃহস্থই পৰিত্ৰাণ পায় বুলি গঞাই বিশ্বাস কৰে।
তথ্য উৎস- বিকাশ পিডিয়া
লগতে পঢ়কঃ ৩ শীতকালীন বাজৰা, পুষ্টিবিদসকলে আপোনাৰ আহাৰত অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিয়ে