ঐতিহাসিক জোনবিল মেলাৰ আজি অন্তিমটো দিন। গোভা ৰজাৰ জোনবিলৰ কাষত পূৰ্বৰ দৰেই বহিল ঐতিহাসিক বিনিময় হাট। তিনি দিন ধৰি বিনিময় প্ৰথাৰে চলিল পাহাৰ ভৈয়ামৰ সমন্বয়ৰ সাঁকো জোনবিল মেলা-২০২৩। এইবাৰ UNESCO ই তথ্যচিত্ৰ নিৰ্মাণ কৰে জাগীৰোডৰ ঐতিহাসিক জোনবিল মেলাৰ। মেলাৰ প্ৰথম দিনা ৰাজ পৰিষদে জোন বিলত মাছ ধৰে আৰু তাৰ পাছদিনাৰ পৰা চুবুৰীয়া গাঁওকেইখনে সমিল-মিলেৰে মাছ ধৰা কাৰ্যত যোগ দিয়ে। অনুষ্ঠানটোৰ শুভাৰম্ভ কৰক বিধায়ক ৰমাকান্ত দেউৰীয়ে । ইয়াৰ পিছতেই পাহাৰৰ মামা-মামীসকলৰ সৈতে ভৈয়ামৰ মামা-মামীসকলৰ পিঠা, লাৰু, জলপানৰ আদান-প্ৰদান আৰম্ভ কৰে লোকসকলে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তিৱা ৰজাসকলৰ বাৰ্ষিক ৰাজভাট্টা প্ৰদান কৰে।
মৰিগাঁও জিলাৰ নিৱাসী ঋজু ৰেখা বৰাই জোনবিল মেলা সন্দৰ্ভত কয়- ‘‘মেলাৰ প্ৰথম দিনা ৰাজ পৰিষদে জোন বিলত মাছ ধৰে আৰু তাৰ পাছদিনাৰ পৰা চুবুৰীয়া গাঁওকেইখনে সমিল-মিলেৰে মাছ ধৰা কাৰ্যত যোগ দিয়ে।মাঘবিহুৰ পাছৰ শনিবাৰে হয় তিৱা সকলৰ উৰুকা । দেওবাৰে বিহু। এই বিহুৰ পূৰ্বেই জোনবিল মেলাত তিৱা সকলে ভৈয়ামলৈ আহি নিজৰ ঠাইত উপলব্ধ আলু, কচু, আদা, জলকীয়া, জালুক শুকান মাছ আজিৰ লগত পিঠা-পনা, সান্দহ আদি বিনিময়ৰ জৰিয়তে সলনা সলনি কৰি বিহুলৈ সাজু হয়। বৰ্তমান যান্ত্ৰিক যুগৰ কৃত্ৰিমতাৰ পৰিৱৰ্তে পাহৰৰ এই সৰল মনৰ ভৈয়ামৰ ব্যক্তিক মামা-মামী সম্বোধন ধৰা লোকসকলক নিজ চকুৰে নেদেখিলে বৰ্ণনাৰে বুজাবলৈ নোৱাৰি যে তেওঁ লোক কিমান সৰল আৰু কিমান সহজ আৰু মসৃণ তেওঁলোকৰ জীৱন শৈলী! প্ৰতিবাৰেই এই মেলালৈ গৈ বিভোৰ হৈ পৰো তেওঁলোকৰ অস্থায়ী তম্বুৰ সন্মুখত চাউল, কচু ঠাৰি, কেঁচা মাছ ,বিলাহী বা যি কোনো পাচলি দি একেলগে ডেক্সিত সিজাই থাকে! কিছুৱে সেই উহুৱা খাদ্য খাই থাকে। এটা কণমানি তম্বুত এটা পৰিয়াল কেঁচুৱা কণ কণ শিশুৰ পৰা ডাঙৰলৈ থাকে। তাৰ পৰিবৰ্তে আমিবোৰৰ জীৱন শৈলীৰ কিমান তফাত্ !ভাৱিলেই আচৰিত লাগে।যি কি নহ'ওক বাৰু মই এই মেলা বহুত উপভোগ কৰোঁ। যদিওবা বিনিময় প্ৰথাৰ প্ৰাধান্য বৰ্তমান কিন্ত্ত জোনবিল মানেই এখন বৃহৎ বস্ত্ৰ, ফাৰ্নিচাৰ, বাচন-বৰ্তন, ৰেষ্টুৰেন্ট, পুৰা মাছ-মাংসৰ বেহা! মই মোৰ মানুহজনৰ লগত মেলালৈ যাওঁ মাত্ৰ চাবলৈ, আমাৰ বস্তু কিনাৰ চখ নাই। ভাল পাওঁ যান্ত্ৰিকতাৰ যুগত সেই মানুহখিনিৰ সৰল জীৱনশৈলীক দৰ্শণ কৰি।।’’
লগতে পঢ়ক-
‘লুকাই লুকাই নহয়, মুকলিকৈ খাওক ৰহি-সাজ’- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
জোনবিল মেলাৰ পৰম্পৰা :
প্ৰতি বছৰে মাঘ বিহুৰ প্ৰথম বা দ্বিতীয় সপ্তাহৰ বৃহস্পতি বাৰৰ পৰা শনিবাৰলৈকে তিৱা সকলৰ পৰম্পৰা ৰীতি নীতি, পূজা পাৰ্বন, কৃষ্টি-সংস্কৃতি লগতে ঐতিহাসিক বিনিময় প্ৰথাৰে মৰিগাঁও জিলাৰ জাগীৰোডৰ পৰা ৫ কিলোমিটাৰ দূৰৈ জোনবিল পাৰত অনুষ্ঠিত হয় এই মেলা। মেলাৰ প্ৰথম দিনা ৰাজ পৰিষদে জোন বিলত মাছ ধৰে আৰু তাৰ পাছদিনাৰ পৰা চুবুৰীয়া গাঁওকেইখনে সমিল-মিলেৰে মাছ ধৰা কাৰ্যত যোগ দিয়ে।মাঘবিহুৰ পাছৰ শনিবাৰে হয় তিৱা সকলৰ উৰুকা ।দেওবাৰে বিহু।এই বিহুৰ পূৰ্বেই জোনবিল মেলাত তিৱা সকলে ভৈয়ামলৈ আহি নিজৰ ঠাইত উপলব্ধ আলু,কচু,আদা,জলকীয়া,জালুক শুকান মাছ আজিৰ লগত পিঠা-পনা,সান্দহ আদি বিনিময়ৰ জৰিয়তে সলনা সলনি কৰি বিহুলৈ সাজু হয়।
জোনবিল মেলাৰ ইতিহাস :
১৪০০ খ্ৰীষ্টাব্দৰ তিৱা গোভা ৰজা পৰ্বত ছিং দেউৰজাৰ ৰাজত্ব কালৰ পৰাই এই জোনবিল মেলা পালন কৰি অহা হৈছে বুলি জনা যায়। কথিত আছে যে এদিন পূৰ্ণিমাৰ নিশা ৰাণীক লগত লৈ দেউৰজাই হেনো বিলৰ পাৰত উপস্থিত হৈছিল। পূৰ্ণিমা জোনৰ পোহৰত বিলৰ মনোমোহা দৃশ্য দেখি ৰজাই অভিভূত হৈ পৰিছিল। তেতিয়া দেউৰজাই ৰাণীক কৈছিল- "চোৱাচোন ৰাণী- পূৰ্ণিমা জোনৰ পোহৰত বিলখন ইমান ধুনীয়া লাগিছে" আৰু তেতিয়াৰ পৰাই বিল খনৰ নাম হল হেনো জোনবিল। জোনবিলৰ পাৰতেই মাঘ বিহুৰ প্ৰথম বা দ্বিতীয় সপ্তাহৰ বৃহস্পতি বাৰে বিলত মাছ ধৰি ন ভাত খোৱাৰ পৰম্পৰা নিয়ম আছিল আৰু মাছমৰীয়া সকলে বিলত মাছ মাৰি যি পায় তাৰে এটা অংশ ৰজাক কৰ হিচাপে আগবঢ়াইছিল। আজিও জোনবিল মেলাৰ প্ৰথম দিনা কাৰ্যসূচীত বিলত মাছ ধৰি ভোজ খোৱাৰ পৰম্পৰা নীতি ৰৈ গ’ল।
লগতে পঢ়ক-