1. News

‘লুকাই লুকাই নহয়, মুকলিকৈ খাওক ৰহি-সাজ’- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

KJ Staff
KJ Staff
Himanta biswa sarma
Himanta biswa sarma

এইবাৰ অসম চৰকাৰে দিলে মুকলিকৈ মদ খোৱাৰ অনুমতি। দেশী সুৰা পান কৰিবলৈ এতিয়া আৰু লাজ কৰিব নালাগে। স্বয়ং অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই অনুমতি প্ৰদান কৰিছে। মেলা বিহু আদিত মুকলিকৈ সকলোৱে জনজাতীয় সুৰা পান কৰিব পাৰিব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ। জনজাতীয় পৰম্পৰা যাতে হেৰাই নাযায়, তাৰ বাবে সাজ, ৰহি আদি জনজাতীয় পানীয় খোৱাত অনুমতি মু্খ্যমন্ত্ৰীৰ। অৱশ্যে অত্যাধিক সুৰা পান নকৰিবলৈও আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জোনবিল মেলাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, দোকানৰ পৰা যদি ব্ৰেণ্ডি-হুইস্কি কিনি খাব পাৰে, তেন্তে সকলোৱে দেখাকৈ খাব পাৰিব অসমৰ জনজাতীয় পানীয়ও।

ৰাম-হুইস্কি কিনি খাব পাৰিলে সাজ-ৰহিও খাব পাৰিব।য'ত মেলা হ'ব তাতেই ৰহি-সাজ থাকিব। ব্ৰেণ্ডি, হুইস্কি খাই দিলে পুৰণা পানীয়বোৰ হেৰাই যাব। সাজ-ৰহি লুকাই লুকাই খাব নালাগে, সকলোৱে দেখাকৈ পৰম্পৰাগত পানীয় গ্ৰহণ কৰিব পাৰিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

অৱশ্যে চুলাই নাখাবলৈ তেওঁ সৰ্বসাধাৰণক আহ্বান জনায়। তেওঁ কয়- ‘চুলাই নাখাব, কিন্তু পৰম্পৰাগত সুৰা সেৱন নকৰিব বুলি নকওঁ। থলুৱা নিচাযুক্ত পানীয় সুৰা নহয়, ই হেৰিটেজ লিকাৰ। হেৰিটেজ লিকাৰ সুৰাৰ সংজ্ঞাত নপৰে।‘ থলুৱা নিচাযুক্ত পানীয় খালে শৰীৰ ভালে থাকে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে।

উল্লেখ্য যে, ২০১৬ৰ ২০ ফেব্ৰুৱাৰীত অসম চৰকাৰে ৰাজ্যত নতুন সুৰা নীতি প্ৰৱৰ্তন কৰে, য’ত পৰম্পৰাগত সুৰাৰ উতপাদন আৰু বিতৰণক বিদেশী সুৰাৰ সমকক্ষ কৰি তুলিবলৈ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা হয়। এই সুৰা নীতিৰ জড়িয়তে অধিক ৰাজহ সংগ্ৰহ আৰু স্বাস্থ্যসন্মত সমাজ গঢ়াৰ লক্ষ্য স্থিৰ কৰা হৈছিল। ইয়াৰ লগতে স্থানীয় নিবনুৱাৰ সংস্থাপনৰ প্ৰতি লক্ষ্য ৰাখি দেশীয় সুৰাৰ খুচুৰা অনুজ্ঞা ১০,০০০ টকাতে পাব পৰাৰ ব্যৱস্থা কৰা হৈছিল। অৱশ্যে অসম চৰকাৰৰ এই নতুন সুৰা নীতি সেই সময়ত যথেষ্ট সমালোচনাৰ সন্মূখীন হয়।

লগতে পঢ়কঃ জৈৱিক সাৰ, অজৈৱিক সাৰ আৰু কীট নাশকৰ বিষয়ে প্ৰাথমিক তথ্য

English Summary: CM Himanta Biswa Sharma urges public to have traditional liquor openly during festivals

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.