1. News

জোনাইক পোক আক্ৰান্ত পথাৰত গৰু মেলি দিলে কৃষকে

KJ Staff
KJ Staff
Insect attack paddy field in jonai
Insect attack paddy field in jonai

ধেমাজি জিলাৰ জোনাইৰ মধন দিকাৰী গাঁও পঞ্চায়ত অন্তৰ্গত বৰদণ্ডি অঞ্চলত বৃহৎ কৃষি ভূমি এতিয়া খেৰনিলৈ পৰিৱৰ্তন হৈছে। বৃহৎ কৃষি ভূমিত অচিন পোকে চলাইছে ত্ৰাস ৷ যাৰ ফলত হাহাকাৰ লাগিছে কৃষকসকলৰ মাজত ৷ উপায়হীন হৈ ধাননি পথাৰত পশুধন মেলি দিছে কৃষকে ৷

কিন্তু দুৰ্ভাগ্যৰ কথা যে জিলাখনৰ কৃষিবিভাগত এইক্ষেত্ৰত কৃষকসকলক ধেমাজি জিলা কৃষি বিভাগ কোনো সহযোগিতা নকৰাৰ অভিযোগ উত্থাপিত হৈছে । বৃহত্তৰ জোনাইৰ কেইবাখনো গাঁৱৰ কৃষকৰ ভৰসাস্বৰূপ একমাত্ৰ পথাৰখন নষ্ট হোৱাৰ পিছতো কৃষকৰ সমস্যাৰ প্ৰতি জিলা কৃষি বিভাগে তিলমানো গুৰুত্ব প্ৰদান কৰা নাই বুলি কৃষকসকলে অভিযোগ উত্থাপন কৰিছে । আনকি কৃষি বিভাগে কোনো ধৰণৰ কীটনাশক ঔষধ যোগান নধৰা আৰু ক্ষতিগ্ৰস্ত কৃষকৰ কাষলৈ নহাৰো অভিযোগ উত্থাপিত হৈছে।

এনেদৰে এতিয়া ভাদ মাহৰ খেতিডৰা পোকৰ উপদ্ৰৱত সেউজীয়া হোৱাৰ বিপৰীতে হালধীয়া হৈ পৰিছে । এনেস্থলত খেতিয়কসকলে মূৰত হাত দি বহি থকাৰ বাহিৰে উপায় নোহোৱা হৈছে ।

যাৰবাবে এতিয়া ধাননি পথাৰত উপায়ন্ত হৈ কৃষকে গৰু মেলি দিবলৈ বাধ্য হৈছে। বান আৰু খৰাঙকো প্ৰত্যাহ্বান জনাই কৰা খেতিডৰা কৃষকসকলে অচিন পোকৰ ওচৰত হাত দাঙিবলৈ বাধ্য হ’ল।

লগতে পঢ়ক- মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ঘৰৰ শাকনিবাৰীত ছিঙিলেই লাই-মূলা

English Summary: insect attack paddy in jonai

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.