1. News

মীন পালনৰ বাবে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ জিলাই জিলাই পুখুৰী খনন

KJ Staff
KJ Staff
মীন পালনৰ বাবে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ জিলাই জিলাই পুখুৰী খনন
মীন পালনৰ বাবে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ জিলাই জিলাই পুখুৰী খনন

ৰাজ্যৰ মীন ক্ষেত্ৰখনৰ বাবে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিশেষ পদক্ষেপ। এমজিএনৰেগাৰ অধীনত জিলাই জিলাই মীন পালনৰ বাবে পুখুৰী খান্দিছে বিভাগটোৱে। এনেদৰে এমজিএনৰেগাৰ অধীনত পুখুৰী খন্দাই গ্ৰাম্য জনসাধাৰণৰ বাবে জীৱিকাৰ পথো মুকলি কৰিছে।

মীন উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে শোণিতপুৰ জিলাৰ বিহগুৰি উন্নয়নখণ্ডৰ অন্তৰ্গত জহামাৰীত এমজিএনৰেগাৰ অধীনত পুখুৰীখননেৰে মীন অৰ্থনীতি ত্বৰান্বিত কৰা হৈছে। ইয়াৰ যোগেদি শ্ৰমিকসকলৰ পঞ্চায়তৰ জবকাৰ্ড প্ৰাপ্ত স্থানীয় লোকসকল কৰ্মসংস্থাপন পাইছে।

বঙাইগাঁও জিলাৰ সৃজানগ্ৰাম ব্লকত মহাত্মা গান্ধী এনৰেগা ২০২১-২২ৰ অধীনত এটা ৰাজহুৱা মীন পুখুৰী নিৰ্মাণ কৰা হৈছে। ইয়াতো স্থানীয় লোকসকলে কৰ্মসংস্থাপন লাভ কৰিছে।

ঢেকীয়াজুলিত এনৰেগাৰ অধীনত খন্দা হৈছে এটা ৰাজহুৱা পুখুৰী। ২০২০-২১ বিত্তীয় বৰ্ষত মহাত্মা গান্ধী এনৰেগা আঁচনিৰ অধীনত চৰাইদেউ জিলাৰ মাহমৰা উন্নয়ন খণ্ডৰ হাতীবৰুৱা গাঁওস্থিত ৰূপাইজান পুখুৰীৰ উন্নীতকৰণ কৰা হয়।

লগতে পঢ়ক- মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ঘৰৰ শাকনিবাৰীত ছিঙিলেই লাই-মূলা

English Summary: P&RD

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.