1. News

মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ঘৰৰ শাকনিবাৰীত ছিঙিলেই লাই-মূলা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ঘৰৰ শাকনিবাৰীত ছিঙিলেই লাই-মূলা
মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ঘৰৰ শাকনিবাৰীত ছিঙিলেই লাই-মূলা

গ্ৰামাঞ্চলত দেখা যায় নিজৰ বাৰীখনত বহু মাটি থকা স্বত্তেও বহু মানুহে শাক বা জলকীয়া পুলি এটা নোৰুৱে। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে দোকান-বজাৰৰ পৰা শাক-পাচলি কিনি আনে আৰু কোতিয়াবা ওচৰৰ ঘৰৰ পৰা খুজি আনে।

ইয়াৰ পৰিৱৰ্তে একাংশ মানুহ আছে যি চাকৰি কৰে আৰু তেওঁলোকে বজাৰ পৰা কিনিবলৈ সামৰ্থ্য থাকে অথচ ঘৰতে শাক-পাচলি বাৰী এখন ঘৰৰ শাক-পাচলি খায়। লগতে আজৰি বা ব্যস্ততাৰ মাজতে অকণমান সময় শাক-পাচলি বাৰীখনত দিয়ে বিনিময়ত শাক-পাচলি পোৱাৰ লগতে এক নান্দনিক সুখ পায়।

ৰাতিপুৱাই শুই উঠি শাক-পাচলিবাৰীখনত এপাক ফুৰি কিমান ভাল লাগে সেয়া এনেদৰে ঘৰতে খাবৰ বাবে শাক-পাচলি খেতি কৰা প্ৰতিজন ব্যক্তিয়ে উপলব্ধি কৰে। পুৱাই উঠি নিয়ৰত তিতা শাক-পাচলি বাৰীখনৰ সুগন্ধই কেনেদৰে মতলীয়া কৰে সেয়া বৰ্ণনা কৰা কৰিব নোৱাৰি মাথোঁ ইয়াক উপলব্ধি কৰিব পাৰি।

ওপৰত বৰ্ণনা কৰাৰ দৰে এখন শাক-পাচলিবাৰী আছে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। খাব পৰা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বাৰীৰ শাক। এই সন্দৰ্ভত তেওঁ টুইটত দুখন ফটো শ্বেয়াৰ কৰিছে। লগতে লিখিছে- ''আজি প্ৰাতঃভ্ৰমণ কৰি অহাৰ পিছত ঘৰতে হোৱা কিছু লাই আৰু মূলা শাক চিঙি আনিছোঁ ভাতৰ লগত এসাঁজ খাম বুলি।''

লগতে পঢ়ক- আপুনিও কৰক ঘৰতে এই কেইবিধ খেতি

English Summary: Ranjeet kumar das's vegetable garden

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.