1. এগ্ৰিপেডিয়া

মিৰি আলু বা মিঠাআলুৰ খেতিও কৰিব পাৰি অক্টোৱৰ-ছেপ্টেম্বৰৰ মাহতে

KJ Staff
KJ Staff
মিৰি আলুৰ খেতি
মিৰি আলুৰ খেতি

সাৰুৱা, পলসুৱা আৰু বালঅহীয়া মাটি মিঠা বা মিৰি আলু খেতিৰ বাবে উপযোগী। এই খেতিয়ে খৰাং বতৰ সহ্য কৰিব পাৰে৷ গতিকে নদীৰ চাপৰি বা নদীৰ পাৰৰ বালীয়া মাটিত এই খেতি কৰিব পাৰি। যিহেতু এই ঠাইসমূহত আন শস্যৰ খেতি ভাল নহয়। চেপ্তেম্বৰ-অক্টোবৰৰ সময়ছোৱাত সাধাৰণতে এই মিৰি আসুৰ খেতি কৰা হয়। মিঠা আলুৰ পূৰঠ লতাবোৰক টুকুৰা টুকুৰকৈ কাটি  ৰোপন কৰা হয়৷

এই লতাবোৰ দুই তিনিটা গাঠি ৰাখি ২০-২৫ চে:মিটাৰ দীঘলকৈ কটা হয়। এই খেতিৰ বাবে মাটিখিন চহাই এফুট পৰা ডেৰফুট ব্যৱধানত দীঘল ভেঁটি বনাই টুকুৰা-টুকুৰকৈ কটা মিৰি আলুৰ লতাবোৰ ৰোপন কৰা হয়। মিঠা আলুৰ শস্যই পৰ্য্যাপ্ত পৰিমানে মাটিৰ পৰা সাৰ সংগ্ৰহ কৰে, গতিকে অধিক উৎপাদন পাবলৈ হ’লে নিয়মিত সুষম সাৰ মাটিত প্ৰয়োগ কৰিব লাগে৷ গোবৰ নাইবা পচন সাৰ হেক্টৰে প্ৰতি ১০ টন বা প্ৰতি বিঘাত ১.৫ টন মাটি প্ৰস্তুত কৰাৰ সময়তেই প্ৰয়োগ কৰিব লাগে ৷

Sweet potato
Sweet potato

প্ৰতি হেক্টৰ মাটিৰ বাবে নাইট্ৰোজেন ৭৫ কি:গ্ৰাম, ফছফৰাছ ৫০ কি:গ্ৰাম আৰু পটাছ ৭৫ কি:গ্ৰাম নাইবা প্ৰতিবিঘাত নাইট্ৰোজেন ১০ কি:গ্ৰাম, ফছফৰাছ ৬.৫ কি:গ্ৰাম আৰু পটাছ ১০ কি:গ্ৰামৰ প্ৰয়োজন হয়৷ ৰোৱাৰ ৪-৫ সপ্তাহৰ পিছত শস্য ডৰাৰ পৰা বনবাত নিৰাই দিব লাগে আৰু গছৰ গুৰিত মাটি চপাই দিব লাগে ৷ এই সময়তে ৰাসায়নিক সাৰৰ বাকী থকা অংশও প্ৰয়োগ কৰিব পাৰে ৷

বিজ্ঞানসন্মত পদ্ধতিৰে কৰা মিৰি আলুৰ খেতি
বিজ্ঞানসন্মত পদ্ধতিৰে কৰা মিৰি আলুৰ খেতি

গছবোৰ মাজে সময়ে লৰায় থাকিলে গছৰ শিপাত অনাৱশ্যকভাৱে বাঢ়িবলৈ লোৱা আলুবোৰ বঢ়াত সহায়ক হয়৷ ৰোৱাৰ ৩০ আৰু ৪৫ দিনৰ পিছত গছত চি চি চিৰ ১০০০ পি পি এম দ্ৰৱ্ স্প্ৰে কৰিলে গছৰ উৎপাদন ২৫ শতাংশলৈ আৰু বঢ়াব পাৰি৷জাতৰ ভিন্নতাৰ ওপৰত নিৰ্ভৰ কৰি শস্য ৰোৱাৰ ৫-৪ মাহৰ ভিতৰত শস্য চপাব পৰা হয়৷ গছৰ পাতবোৰ যেতিয়া হালধীয়া পৰিবলৈ আৰম্ভ কৰে তেতিয়া শস্য ডৰা চপোৱাৰ ব্যৱস্হা কৰিব লাগে৷

লগতে পঢ়ক- অসমত দাম বৃদ্ধি হ’লেই হুলস্থুল লগা এবিধ পাচলি পিঁয়াজ

English Summary: Sweet potato Cultivation

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.