1. News

বিদেশত বাঢ়িছে ভাৰতীয় আলুৰ চাহিদা, ১০ বছৰত ৮.৬ গুণ ৰপ্তানি বৃদ্ধি

Mrigakshi Phukan
Mrigakshi Phukan
Rise in indian potato export
Rise in indian potato export

বিদেশত ক্ৰমাৎ বৃদ্ধি পাইছে ভাৰতীয় দেশী আলুৰ সমাদৰ। ২০১৩ বৰ্ষৰ এপ্ৰিল-আগষ্ট মাহৰ তুলনাত ২০২২ বৰ্ষৰ এপ্ৰিল-আগষ্ট মাহত দেশৰ আলু ৰপ্তানিৰ পৰিমাণ ৪.৬ গুণ বৃদ্ধি পায়। উল্লেখ্য যে, ২০১৩-১৪ অৰ্থনৈতিক বৰ্ষত দেশৰপৰা ৭৭ কোটি টকাৰ আলু ৰপ্তানি কৰিছিল। তাৰ বিপৰীতে ২০২২-২০২৩ ৰ এপ্ৰিল-আগষ্ট অৰ্থনৈতিক বৰ্ষত দেশে ৰপ্তানি কৰে ৩৬০ কোটি টকা মূল্যৰ আলু। অৰ্থাৎ ২০১৩ৰপৰা ২০২২ বৰ্ষৰ ভিতৰত দেশৰ আলু ৰপ্তানি ৪.৬ গুণ বৃদ্ধি পাইছে। এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোয়েলে।

উল্লেখ্য যে, আলু হৈছে ভাৰতৰ অন্যতম মুখ্য খাদ্য শস্য আৰু দেশৰ বিভিন্ন ৰাজ্যত ইয়াৰ খেতি কৰা হয়। ই ভাৰতত ব্যৱহৃত আটাইতকৈ জনপ্ৰিয় পাচলি আৰু অন্যান্য পাচলিৰ সৈতে ৰন্ধা বঢ়াত আলু ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়। অৱশ্যে, আলু কেৱল ঘৰুৱা ৰন্ধনৰ পাচলি হিচাপেই ব্যৱহাৰ কৰা নহয়।ইয়াক অন্যান্য বিভিন্ন উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰা হয়। ভাৰত হৈছে এক প্ৰধান আলু উৎপাদনকাৰী দেশ। ই প্ৰয়োজনীয়তাৰ হিচাপত দেশত ব্যৱহাৰ কৰা হয় আৰু বাকী পৰিমাণৰ আলু দেশে ৰপ্তানি কৰে।

ভাৰতে বিশ্বৰ ৩০ খনতকৈও অধিক দেশলৈ আলু ৰপ্তানি কৰে। নেপাল হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ আলু ৰপ্তানিৰ অংশীদাৰ। ২০১৭ চনত ভাৰতৰ আলু ৰপ্তানিৰ ৪৪.৮% নেপাললৈ হৈছিল, যাৰ মূল্য আছিল ২১.৮৯ নিযুত আমেৰিকান ডলাৰ। অৱশ্যে ২০১৬-১৭ বৰ্ষত নেপাললৈ আলুৰ ৰপ্তানি ৪৩% হ্ৰাস পাইছে। আলু ৰপ্তানি তথ্য অনুসৰি ২০১৩ আৰু ২০১৭ৰ ভিতৰত ১১% মূল্য বৃদ্ধি হৈছে।

শ্ৰীলংকা হৈছে ভাৰতৰ আলুৰ দ্বিতীয় সৰ্ববৃহৎ ৰপ্তানিৰ দেশ। তথ্য মতে, ২০১৭ত ভাৰতৰ পৰা শ্ৰীলংকালৈ ৮.২২ নিযুত আমেৰিকান ডলাৰৰ আলু ৰপ্তানি কৰা হৈছল ই সেই বৰ্ষৰ মুঠ ৰপ্তানি মূল্যৰ ১৬.৮% আছিল।

আনহাতে ওমান হৈছে ভাৰতৰ আন এক মুখ্য আলু ৰপ্তানি বজাৰ। ওমানে ভাৰতৰ মুঠ আলু ৰপ্তানি মূল্যৰ ৮.২% সামৰি লৈছে আৰু ২০১৭ চনত ৪.১ নিযুত আমেৰিকান ডলাৰৰ আলু ভাৰতে ওমানলৈ ৰপ্তানি কৰিছিল। দেশৰ শীৰ্ষ আলু ৰপ্তানি বজাৰৰ তালিকাত থকা আন সৰ্ববৃহৎ দেশসমূহ হৈছে ইণ্ডোনেছিয়া, মালয়েছিয়া, কুৱেইট, ছেনেগাল, ইউ.এ.ই., মৰিচাছ আৰু মালদ্বীপ।

ভাৰতে মুখ্যতঃ সতেজ বা শীতল আলু আৰু বীজ আলু- এই দুটা প্ৰকাৰৰ আলু ৰপ্তানি কৰে। অৱশ্যে মুঠ ৰপ্তানিৰ ৯০% তকৈও অধিক সতেজ আলু। বিশ্ববজাৰত ভাৰতৰ বীজ আলুৰ চাহিদা যোৱা পাঁচ বছৰত ২৫% বৃদ্ধি হৈছে। ভাৰত হৈছে বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ আলু উৎপাদক দেশ। ভাৰতৰ শীৰ্ষ আলু খেতি কৰা ৰাজ্যকেইখন হৈছে উত্তৰ প্ৰদেশ, পশ্চিম বংগ, বিহাৰ আৰু গুজৰাট।

লগতে পঢ়কঃ কৃষকলৈ ভাল খবৰ। সৰিয়হৰ লগতে ৬ বিধ শস্যৰ নন্যূতম সমৰ্থন মূল্য বৃদ্ধি

English Summary: Indian potato export increases

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.