1. News

গুটখা এৰাৰ ১০ টা কাৰণ

KJ Staff
KJ Staff
Avoid Gutkha
Avoid Gutkha

গুটখাৰ বিষয়ে প্ৰায় সকলো মানুহেই কম-বেছি পৰিমাণে জানে যদিও ল’ৰাৰ পৰা বৃদ্ধলৈকে পুৰুষ-মহিলা বহুতেই গুটখা খোৱা দেখা যায়।গুটখাৰ নিচাৰ কবলত তেওঁলোক এনেধৰণেৰে আসক্ত যে সকলোবোৰ কথা জনা সত্ত্বেও এই বস্তুটোৰ পৰা নিজকে আঁতৰাই ৰাখিব নোৱাৰে।গুটখাই শৰীৰত কৰিব পৰা ক্ষতিবোৰ এনেধৰণৰ-

  • গুটখা খোৱাৰ ফলত দাঁত,ওঁঠ,জিভাত ৰং ধৰে।গুটখা খোৱা মানুহৰ মুখৰ পৰা দুৰ্গন্ধ ওলায়।
  • গুটখাত থকা হানিকাৰক ৰাসায়নিক পদাৰ্থই মুখৰ শ্লেমা আৱৰণখন পুৰি পেলায়।ফলত মুখত ঘাঁ হয়।
  • ইয়াৰ লগতে দীৰ্ঘদিন গুটখা ব্যৱহাৰে মুখৰ পেশীৰ পৰিৱৰ্তন ঘটায়।পিছলৈ গুটখা কোৱা লোকজনে ভালদৰে মুখ মেলিব নোৱাৰা হয়।অৰ্থাৎ মুখৰ হনুৰ মেলিলে বিষ অনুভৱ কৰে।
  • গুটখাত থকা হানিকাৰক খহটা পদাৰ্থবোৰে দাঁতৰ এনামেল ক্ষয় কৰে।ফলত দাঁতৰ পৃষ্ঠভাগত কিছুমান গাঁতৰ সৃষ্টি হয়।তদুপৰি এনামেল ভাগ ক্ষয় হোৱাৰ ফলত দাঁতৰ সিৰসিৰণি আৰম্ভ হয়।
  • গুটখা খোৱাৰ ফলত জিভাৰ ওপৰত এটা তৰপ পৰে আৰু সেই তৰপটোৱে জিভাত থকা স্বাদ কণিকাৰ পৰিৱৰ্তন ঘটায়।ফলত গুটখা খোৱা লোকসকলে খাদ্যবস্তুৰ সোৱাদ কমকৈ পায়।
  • গুটখা খোৱা লোকৰ ডিঙিৰ অসুখ বেছিকৈ হোৱা দেখা যায়। এই ক্ষেত্ৰত অস্বাভাৱিক কাঁহ আৰু ডিঙিৰ সুৰসুৰণি এটা লক্ষণ।
  • গুটখা খোৱাৰ ফলত মুখত যি ঘাঁৰ সৃষ্টি হয়,সেই ঘাঁ পিছলৈ প্ৰাৰম্ভিক কেঞ্চাৰৰ লক্ষণো হ’ব পাৰে।এই ক্ষেত্ৰত ইয়াৰ সম্ভাৱনা শতকৰা এশভাগেই থাকে।
  • মুখৰ জ্বলা-পোৰা অনুভৱ কৰে আৰু সেই অনুভৱ দমাই ৰাখিবৰ বাবে পুনৰ গুটখা খোৱাৰ ইচ্ছা অনুভৱ কৰে।

লগতে পঢ়কঃ পুনৰ বাঢ়িছে ক’ভিড সংক্ৰমণঃ অমিক্ৰনৰ নতুন ভেৰিয়েণ্টক লৈ দুঃচিন্তা

English Summary: why should you avoid gutkha

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.