1. News

কৃষি বিভাগৰ উদ্যোগত ৰাজ্যৰ চুকে-কোণে কাতি বিহু পালন

Mrigakshi Phukan
Mrigakshi Phukan
Kati Bihu celebration by Department of Agriculture
Kati Bihu celebration by Department of Agriculture

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কালি পালন কৰা হ’ল কাতি বিহু। প্ৰতিজন অসমীয়াই ঘৰে ঘৰে চাকি-বন্তি জ্বলাই কঙালী বিহু পালন কৰে। কৃষি বিভাগে লোৱা উদ্যোগ অনুসৰি কালি বিভিন্ন জিলাত চৰকাৰীভাৱেও কাতি বিহু পালন কৰা হয়। নলবাৰীৰ সূতাৰকুছিত বৰক্ষেত্ৰী মহকুমা কৃষি বিভাগৰ উদ্যোগত সজাগতামূলক সভাৰ লগতে কাতি বিহু উদযাপন কৰা হয়।

সজাগতামূলক সভাত আকাশ বন্তি জ্বলাই কাতি বিহু উদযাপন কৰে বিভাগটোৱে। সূতাৰকুছি মধ্য ইংৰাজী প্ৰাথমিক বিদ্যালয় খেল পথাৰত অনুষ্ঠিত সজাগতামূলক সভাখনত কৃষি বিভাগৰ বিভিন্ন আঁচনি সন্দৰ্ভতো আলোচনা কৰা হয়। কৃষি বিভাগৰ বিভিন্ন আঁচনি সন্দৰ্ভত ৰাইজক পৰামৰ্শ আগবঢ়ায় কৃষি বিষয়া উৰ্মিল বৰঠাকুৰে। আকাশ বন্তি প্ৰজ্বলেনেৰে পালন কৰা হয় কাতি বিহুৰ পৰম্পৰা। সভাখনত উপস্থিত থাকে বৰক্ষেত্ৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি প্ৰীতম গোস্বামী, লোহাৰকাঠা আদাবাৰী গাওঁ পঞ্চায়তৰ সভানেত্ৰী জিলিমা বেগম, বৰক্ষেত্ৰী মহকুমা কৃষি বিভাগৰ কৃষি বিষয়া নীলমণি মেধিকে ধৰি কেইবাজনো কৃষি বিষয়া আৰু অঞ্চলটোৰ একাংশ কৃষক।

শিৱসাগৰ জিলাতো কৃষি বিভাগৰ উদ্যোগত বুধবাৰে ডিমৌত কাতি বিহু উদযাপন কৰা হয়। ৰাইজৰ লগত পথাৰত চাকি জ্বলাই সেৱা কৰে শিৱসাগৰ জিলাৰ উপায়ুক্তই। শিৱসাগৰ জিলা কৃষি বিভাগৰ উদ্যোগত ডিমৌ মহকুমা কৃষি বিভাগ আৰু শুকানপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত গোহাঁই গাঁৱৰ ৰাইজৰ সহযোগত কাতি বিহু উদযাপন কৰা হয়। অসমীয়াৰ পৰম্পৰা ৰক্ষা কৰি আয়োজিত কাতি বিহুৰ অনুষ্ঠানত পথাৰত বন্তি প্ৰজ্বলন কৰে শিৱসাগৰ জিলা উপায়ুক্ত আদিত্য বিক্ৰম যাদৱে। তেওঁ খেতিডৰাৰ সমৃদ্ধি কামনা কৰি সেৱা-প্ৰাৰ্থনা জনায়। অনুষ্ঠানত শিৱসাগৰ জিলা কৃষি বিষয়া বলীন্দ্ৰ নাথ চেতিয়া, ডিমৌ ৰাজহ চক্ৰ বিষয়া ফিলিচ ভি. এল. ৰাংচাল, প্ৰাক্তন অধ্যক্ষ হিতেশ্বৰ বৰগোহাঁইৰ লগতে কেইবাশতাধিক ৰাইজ উপস্থিত থাকে।অনুষ্ঠানত স্থানীয় কেইবাজনো আৰ্দশ কৃষকক কৃষি বিভাগে সম্বৰ্দ্ধনা জনায়।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিমৌৰ কাষৰীয়া ঐতিহাসিক বেজপথাৰতো উলাহ-আদৰেৰে অসমীয়াৰ বাপতিসাহোন কাতি বিহু পালন কৰা হয়। বেজপথাৰৰ ১নং শিঙৰাজান নৱজ্যোতি নামঘৰ সমাজৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে কাতি বিহু পৰম্পৰাগতভাৱে পালন কৰা হয়। সন্ধিয়া নামঘৰৰ প্ৰাংগনৰ লগতে ঐতিহাসিক বেজপথাৰত এহেজাৰ বন্তি প্ৰজ্বলন কৰা হয়। বেজপথাৰৰ লগতে বিভিন্ন কাষৰীয়া গাঁৱৰ প্ৰতিগৰাকী চহা কৃষকে ঘৰৰপৰা ওলাই আহি পথাৰত বন্তি জ্বলাই সেৱা আগবঢ়ায়। এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে গাঁওখনৰ জ্যেষ্ঠ নাগৰিক তথা নামঘৰীয়া ভোগেশ্বৰ বৰুৱা, অৱসৰপ্ৰাপ্ত শিক্ষক লক্ষ্মীনাথ গগৈ আৰু সমাজকৰ্মী যোগেশ্বৰ গগৈয়ে। নিশালৈ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীও প্ৰদৰ্শন কৰা হয়।

উত্তৰ শালমাৰা মহকুমা কৃষি বিভাগৰ উদ্যোগত অভয়াপুৰীৰ সোণাখুলিতো কাতি বিহু উদযাপন কৰা হয়। কৃষি বিভাগৰ উদ্যোগত চক্ৰভৌম অঞ্চলৰ ৰাইজৰ উপস্থিতিত পৰম্পৰাগত ৰীতি-নীতিৰে কাতি বিহু পালন কৰা হয়। কৃষি বিভাগৰ বিভিন্ন আঁচনি সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত কৰি কৃষক ৰাইজক চৰকাৰী বিভিন্ন আঁচনি সম্পৰ্কে অৱগত কৰাৰ লগতে কৃষক ৰাইজৰ লগত পালন কৰা হয় কাতি বিহু। এই সভাতে অঞ্চলটোৰ কেইবাজনো কৃষকক কৃষি সামগ্ৰী প্ৰদান কৰে উপস্থিত কৃষি বিষয়া,  মহকুমাধিপতি আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰ বিষয়াই।

লগতে পঢ়কঃ বিদেশত বাঢ়িছে ভাৰতীয় আলুৰ চাহিদা, ১০ বছৰত ৮.৬ গুণ ৰপ্তানি বৃদ্ধি

English Summary: kati bihu celebration by department of agriculture

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.