1. News

কৃষকলৈ ভাল খবৰ। সৰিয়হৰ লগতে ৬ বিধ শস্যৰ নন্যূতম সমৰ্থন মূল্য বৃদ্ধি

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Minimum Support Price Hiked For 6 Crops
Minimum Support Price Hiked For 6 Crops

মঙলবাৰে কৃষকৰ উৎপাদন আৰু আয় বৃদ্ধিৰ বাবে ৬ বিধ শস্যৰ নূন্যতম সমৰ্থন মূল্য বৃদ্ধি কৰে কেন্দ্ৰীয় চৰকাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট কমিটীৰ অৰ্থনৈতিক পৰিক্ৰমা সমিতিৰ এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে।

দেশৰ প্ৰধান ৰৱিশস্য ঘেঁহু আৰু সৰিয়হ। এই দুয়োবিধ প্ৰধান ৰবিশস্যৰ MSP বৃদ্ধি কৰা হৈছে। ২০২২–২৩ আৰু ২০২৩–২৪ বৰ্ষৰ বিপণনৰ বাবে ৬ বিধ ৰবি শস্যৰ লগতে এই দুবিধ প্ৰধান ৰবিশস্যৰ দামবৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ২০২১–২০২২ শস্য বৰ্ষত প্ৰতি কুইণ্টল ঘেঁহুৰ এম এছ পি আছিল ২,০১৫ টকা।

লগতে পঢ়ক- 

হেৰাই যাব খোজা কাতি বিহুৰ লোকাচাৰঃ আজি সন্ধিয়ালৈ কি কি কৰাৰ নিয়ম?

চৰকাৰে সিদ্ধান্ত অনুসৰি ঘেঁহুত ১১০ বৃদ্ধি কৰাৰ ফলত ঘেঁহুৰ এম এছ পি হ’লগৈ ২,১২৫ টকা। ইফালে সৰিয়হত ৪০০ টকা বৃদ্ধি কৰাৰ ফলত ইয়াৰ এম এছ পি ৫,৪৫০ টকালৈ বৃদ্ধি হয়।

Centre hikes MSP for Rabi

Table with 4 columns and 6 rows. Currently displaying rows 1 to 6.

 

MSP (2022-23)

MSP (2023-24)

Increase

Wheat

2,015

2,125

110

Barley

1,635

1,735

100

Gram

5,230

5,335

105

Lentil (Masur)

5,500

6,000

500

Rapeseed & Mustard

5,050

5,450

400

Safflower

5,441

5,650

209

 

ইফালে বুটজাতীয় শস্যত বৃদ্ধি কৰিছে ১০৫ টকা, ফলত এই শস্যসমূহৰ নন্যূতম সমৰ্থন মূল্য হয়গৈ ৫,৩৩৫। মছুৰ দাইলত পূৰ্বতে আছিল ৫,৫০০ টকা কিন্তু ৫০০ টকা প্ৰতি কুইন্টলত বৃদ্ধি কৰাৰ ফলত ইয়াৰ নন্যূতম সমৰ্থন মূল্য হয় গৈ ৬,০০০। ৰেপচিডটো বৃদ্ধি কৰা হৈছে ৪০০ টকা। পূৰ্বে ৰেপচিডৰ দাম আছিল ৫০৫০ টকা। এতিয়া হল গৈ ৫,৪৫০ টকা। একেদৰে Safflower পূৰ্বতে প্ৰতি কুইন্টলৰ দাম আছিল ৫,৪৪১। ২০৯ নন্যূতম সমৰ্থন মূল্য বৃদ্ধি কৰাৰ ফলত ৫,৬৫০ টকালৈ বৃদ্ধি হয়।

লগতে পঢ়ক- 

গৰুখুঁটিৰ গিৰ গাইৰ অৱস্থাৰ বুজ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

 

English Summary: Minimum Support Price Hiked For 6 Crops

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.