1. Government Schemes

আজি ৩৯,৬২,৮৮৫ জন হিতাধিকাৰীৰ একাউণ্টত সোমাল টকা, আপুনি পালেনে?

KJ Staff
KJ Staff
Arunudoi
Arunudoi

আজি ১০ তাৰিখ। একাউণ্টত টকা সোমোৱাৰ দিন। প্ৰতিমাহৰ ১০ তাৰিখে অসম চৰকাৰৰ কেইবাখনো আঁচনিৰ হিতাধিকাৰীয়ে আজিৰ ১০ তাৰিখৰ দিনাই লাভ কৰে টকা। এইবাৰো ইয়াৰ ব্যতিক্ৰম হোৱা নাই। পূৰ্ব প্ৰতিশ্ৰুতি অনুসৰি হিতাধিকাৰীৰ একাউণ্টলৈ টকা প্ৰেৰণ কৰিছে চৰকাৰে। পেঞ্চন আৰু অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টলৈ অসম চৰকাৰে প্ৰেৰণ কৰিছে টকা। মুঠ ৩৯,৬২,৮৮৫ জন হিতাধিকাৰীৰ একাউণ্টলৈ ধন প্ৰেৰণ কৰা হৈছে।

অৰুণোদয়, শ্বহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন, ইন্দিৰা মিৰি সাৰ্বজনীন বিধবা পেঞ্চন, দীনদয়াল দিব্যাংগজন সাহায্য, ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন, ৰাষ্ট্ৰীয় বিধবা পেঞ্চন, ৰাষ্ট্ৰীয় দিব্যাংগজন পেঞ্চনৰ টকা আজি প্ৰদান কৰা হৈছে হিতাধিকাৰীক। প্ৰতিমাহে মুঠ ২৯৩.৭৩ কোটি টকা এই আঁচনিসমূহৰ হিতাধিকাৰীসকললৈ চৰকাৰে প্ৰেৰণ কৰি আহিছে।

এতিয়ালৈকে বিদ্যুত মাচুল হিচাপে চৰকাৰে প্ৰতিজন হিতাধিকাৰীক প্ৰদান কৰা মুঠ টকাৰ পৰিমাণ ১,২৫০ টকা।

উল্লেখ্য যে, অলপতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিছিল অৰুণোদয় ২.০ আঁচনি। দিল্লীৰ পৰা ভাৰ্ছুৱেলী শুভাৰম্ভ কৰা এই আঁচনিত সামৰি লোৱা হয় ১০.৫৪ লাখ হিতাধিকাৰীক। হিতাধিকাৰীৰ সংখ্যা ৩৫ লাখলৈ বৃদ্ধি কৰা হয় অৰুণোদয় ২.০ত।

মুখ্যমন্ত্ৰীগৰাকীয়ে অৰুণোদয় ২.০ আঁচনিত দিব্যাংগসকলক অন্তৰ্ভুক্ত কৰাৰ কথাও প্ৰকাশ কৰিছিল। এই আঁচনিত সামৰি লোৱা হয় তৃতীয় লিংগকো। বিধৱা পেঞ্চন পোৱাসকলেও অৰুণোদয়ৰ ধন লাভ কৰে। অৱশ্যে অযোগ্য ২,৭৫,৩০০ হিতাধিকাৰীৰ নাম এই আঁচনিৰ পৰা ইতিমধ্যে বাদ পৰিছে।

লগতে পঢ়কঃ উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱিক কৃষিৰ বিকাশৰ বাবে যিমান লাগে সিমান পুঁজি দিব কেন্দ্ৰই

English Summary: Today is the day to get money under Arunudoi scheme

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.