1. News

চিৰাঙত কৰ্মৰে অসমীয়াগিৰি হেমন্তৰ

KJ Staff
KJ Staff
হেমন্ত ৰায়,  মালভোগ কলৰ  খেতিয়ক, চিৰাঙ
হেমন্ত ৰায়, মালভোগ কলৰ খেতিয়ক, চিৰাঙ

নিজৰ একাগ্ৰতা শ্ৰম আৰু মনোবল থাকিলে খেতি কৰিও যে স্বাৱলম্বী হ’ব পাৰি ইয়াৰ এক জলন্ত নিদৰ্শন চিৰাং জিলাৰ বাসুগাঁৱৰ হেমন্ত কুমাৰ ৰায়। শেহতীয়াভাৱে তেওঁ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত কৰ্মৰত চাকৰি বাদ দি একাণপটীয়াকৈ কৃষি কৰ্মত নিয়োজিত হৈ পৰিছে৷ চাকৰি কৰি থকাৰ অৱ্স্থাতে আঢ়ৈ বিঘা মাটিত মালভোগ কলৰ খেতি আৰম্ভ কৰিছিল । বৰ্তমান ৪০ বিঘা মাটিত কলৰ খেতি আছে হেমন্তৰ। ক’ভিড পৰিস্থিতি সময়ত মালভোগ কল বিক্ৰী কৰি ছয় লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল হেমন্ত । আনহাতে, এই বছৰত প্ৰতিটো মালভোগ কলৰ পুলি আঠ টকা দৰত বিক্ৰী কৰি মুঠ এক লাখ টকা উপাৰ্জন কৰা বুলিও জানিব দিছে ।

ছয়জনীয়া পৰিয়ালৰ স’তে হেমন্ত‌ই বৰ্তমানলৈ একমাত্ৰ মালভোগ কল খেতিৰ জৰিয়তে কোনো অসুবিধা নোহোৱাকৈ সুন্দৰভাৱে পৰিয়াল পোহপাল দি জীৱন নিৰ্বাহ কৰিছে । উল্লেখযোগ্য যে, বিগত ১০ বছৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মেডিকেল ইউনিট গাড়ী চালক হিচাপে কৰ্মৰত হেমন্তই চাকৰি নিয়মীয়া নোহোৱাত চাকৰি ইস্তাফা দিয়ে। চৰকাৰী কোনো সাহাৰ্য নোপোৱাকৈ মালভোগ কলৰ খেতিৰে স্বাৱলম্বী হ’বলৈ সক্ষম হোৱা হেমন্তক চিৰাং জিলা প্ৰশাসনে বিগত বছৰসমূহত আদৰ্শ খেতিয়ক হিচাপে দুবাৰকৈ সম্বৰ্ধনা জ্ঞাপন কৰে ৷

লগতে পঢ়ক- কিদৰে কৰিব এলোবেৰাৰ খেতি

অঞ্চলটোৰ আদৰ্শ খেতিয়কগৰাকীয়ে আঢ়ৈ বিঘা মাটিৰ পৰা ৪০ বিঘা পৰ্যন্ত মাটিত মালভোগ কলৰ খেতি কৰি নিজৰ লগতে আন বহুজনক কৰ্ম সংস্থাপন দিবলৈ সক্ষম হৈছে ৷ সম্প্ৰতি দৈনিক চাৰি-পাঁচজনকৈ লোকক খেতিৰ কামত নিয়োজিত কৰি কল খেতিৰ বাবে নিজেও চোৱাচিতা কৰি আহিছে হেমন্তই । নিৰ্দিষ্ট পাৰিশ্ৰমিকৰ বিনিময়ত কাম কৰা এইসকল লোকেও হেমন্তৰ বাবেই কোনো অসুবিধা নোহোৱাকৈ নিজৰ পৰিয়াল চলাবলৈ সক্ষম হৈছে ।

হেমন্ত ৰায়ৰ কলৰ বাৰী, চিৰাং
হেমন্ত ৰায়ৰ কলৰ বাৰী, চিৰাং

হেমন্তৰ কল খেতিৰ পৰা সম্প্ৰতি চাপৰ, কোকৰাঝাৰ, বঙাইগাঁও, কাজলগাঁও, বিজনী, বৰপেটা ৰোড আদিত মালভোগ কল ৰপ্তানি হয় । ফলত কোনো অসুবিধা নোহোৱাকৈ ঘৰতে বহি কল বিক্ৰী কৰি ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে খেতিয়কগৰাকীয়ে । সম্প্ৰতি মালভোগ কল খেতিৰে স্বাৱলম্বী হোৱা হেমন্তক দেখি যুৱ প্ৰজন্মৰ বহুতেই খেতিৰ প্ৰতি আগ্ৰহী হোৱা পৰিলক্ষিত হৈছে ৷ কে’বা ঠাইৰ যুৱকে হেমন্তৰ স’তে যোগাযোগ কৰিছে আৰু মালভোগ কলৰ পুলি বিচাৰিছে, এই পুলি বাৰিষাৰ পাছতে আনক দিয়াৰ ব্যৱস্থা কৰিব বুলিও যুৱ কৃষকজনে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক- এইকেইটা কাম কৰিলে অসমৰ কৃষি খণ্ডলৈ আহিব অপাৰ সম্ভাৱনা

English Summary: Banana cultivation

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.