1. News

তামুলপুৰত অৱসৰপ্ৰাপ্ত জোৱান অজিত কুমাৰ বৰ্মনৰ কৃষি বিপ্লৱ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Ajit kumar Barman
Ajit kumar Barman

অৱসৰৰ পাছতে অধিকাংশ চাকৰিয়ালে ঘৰতে বহি মৃত্যুৰ বাবে অপেক্ষা কৰি থাকে। কিন্তু এইক্ষেত্ৰত তামুলপুৰ অৱসৰপ্ৰাপ্ত জোৱান অজিত কুমাৰ বৰ্মন ব্যতিক্ৰম। সুদীর্ঘ ৩৩ বছৰ কাল চাকৰি কৰি ২০১৯ চনৰ পৰা তেওঁ নিজ গৃহত কৃষি কার্যত জড়িত হৈ আহিছে । সম্প্ৰতি কৰ্মসংস্কৃতিবান অজিত কুমাৰ বৰ্মনে নিজৰ কৃষি ভূমিত ৰঞ্জিত, মাচুৰী, আইজং, কলাজহা, কলা ধান আদি বিভিন্ন জাতৰ ধান খেতি, সৰিয়হ মাকৈ জলকীয়া, বেঙেনা, নহৰু আদিৰ লগতে বিভিন্ন ধৰণৰ শাক পাচলিৰ খেতি কৰে।

অজিত কুমাৰ বৰ্মনৰ কৃষি কার্যত অঞ্চলটোৰ ২০-২৫ গৰাকী পুৰুষ মহিলাই সংস্থাপন লাভ কৰিছে। অৱসৰকালীন সময়খিনি অবাবত ব্যয় নকৰি কৃষি কাৰ্যৰ সতে একাত্ম হৈ ২০-২৫ গৰাকী পুৰুষ মহিলাক কর্মসংস্থাপনৰ দিয়াতো সঁচাকৈ প্ৰশংসনীয় । অজিত কুমাৰ বৰ্মনে জানিবলৈ দিয়া মতে তেওঁ সম্পূর্ণ বিজ্ঞানসন্মত ভাৱে সম্পাদন কৰিছে তেওঁৰ কৃষি কাৰ্য ।

লগতে পঢ়ক- 

কৃষক ৰাইজৰ জ্ঞাতার্থে… গাঁওসমূহত কৃষি বিভাগে স্থাপন কৰিব কৃষি যন্ত্রপাতিৰ বেংক

অভিজ্ঞ ব্যক্তিৰ পৰা তেওঁ লৈছে গঠনমূলক দিহা পৰামৰ্শ । তামুলপুৰ মহকুমা কৃষি বিভাগেও সময়ে সময়ে তেওঁলৈ আগবঢ়াই আহিছে উপযুক্ত দিহা পৰামৰ্শ । কৃষি প্রধান এইখন অসম মুলুকত কর্মসংস্কৃতিবান · অল্পভাষী অজিত কুমাৰ বৰ্মনৰ এনে পদক্ষেপ অৱশ্যেই অনুকৰণীয় ।

উল্লেখ্য যে চাকৰিৰ পৰা অৱসৰৰ পাছতে বহু চাকৰিয়ালে ঘৰতে ইনেই সময়বোৰ কটায়। এনে সময় কটোৱাৰ বাবে বিভিন্নসময়ত তেওঁলোকৰ মনলৈ কিছুমান সমাজৰ বাবে ক্ষতিকাৰক চিন্তাই ক্ৰিয়া কৰে। যিবোৰে সমাজত বিৰোপ প্ৰভাৱ পেলায়। এনেদৰে অৱসৰৰ সময়খিনি ভাল কামত নখটোৱা মানুহখিনিৰ বাব তামুলপুৰৰ অজিত কুমাৰ বৰ্মন আদৰ্শ হ'ব পাৰে।

লগতে পঢ়ক- 

উদঙীয়া গৰুৰ যমকাল Bio Liquid Spray Herboliv+

English Summary: green revolution in Tamulpur by Ajit kumar Barman

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.