1. News

ছেপ্টেম্বৰত উৎপাদিত ১৯০ মিলিয়ন কিঃগ্রাঃ চাহৰ ভিতৰত অসমত উৎপাদন ১০৯ মিলিয়ন কিঃগ্রাঃ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Tea Garden, Assam
Tea Garden, Assam

শেহতীয়াকৈ টী ব'ৰ্ড অব্ ইণ্ডিয়াই জনায যে ছেপ্টেম্বৰ মাহত দেশখনত আনুমানিক ১৯০ মিলিয়ন কিল'গ্রাম চাহ উৎপাদন হৈছে আৰু যোৱা বছৰৰ ছেপ্টেম্বৰতকৈ এই পৰিমাণ ১৬.৫ শতাংশ বেছি। বিগত বৰ্যটোৰ ছেপ্টেম্বৰ মাহত দেশখনত ১৬৩ মিলিয়ন কিল গ্রাম চাহ উৎপাদন হৈছিল। উল্লেখ্য যে এই ১৬৩ মিলিয়ন কিল গ্রাম চাহ উৎপাদিত ১০৯ মিলিয়ন কিল’গ্রাম চাহ অসমত উৎপাদিত বুলি জানিবলৈ দিয়ে টী ব'ৰ্ড অব্ ইণ্ডিয়াই।

নিসন্দেহে ই ৰাজ্যখনৰ বাবে ভাল খবৰ। এইক্ষেত্ৰত অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰো ভূমিকা অপৰিসীম। কিন্তু এই ক্ষুদ্ৰ চাহ খেতিয়কসকলে আজিও কেঁচা চাহপাতৰ উপযুক্ত মূল্য লাভ কৰা নাই। ১ কেজি চাহ উৎপাদনত যদি ১৫ টকা খৰচ হয় কিন্তু ক্ষুদ্ৰ চাহ খেতিয়ক লোকচান কৰি ১২ টকাত বিক্ৰি থাকিব লগা হৈছে। মন কৰিবলগীয়া যে চলিত বৰ্ষটোত বিগত বৰ্ষতকৈ অধিক চাহ উৎপাদন হৈছে অসমত।

লগতে পঢ়ক- 

ৰেচন কাৰ্ড থকা ৬০ লাখ পৰিয়ালক বীনামূলীয়া চিকিৎসা প্ৰদান কৰিব অসম চৰকাৰে

২০২১ বৰ্ষটোত ছেপ্টেম্বৰত অসমত উৎপাদন হৈছিল ৯২ মিলিয়ন কিল'গ্রাম চাহ। পশ্চিম বংগত ছেপ্টেম্বৰত উৎপাদন হয় ৫২.৯৪ মিলিয়ন কিল গ্ৰাম চাহ। আগৰ বছৰৰ ছেপ্টেম্বৰত উৎপাদন হৈছিল ৪৬.৩২ মিলিয়ন কিল গ্রাম। মাহটোত উত্তৰ ভাৰতত চাহৰ উৎপাদন আছিল আনুমানিক ১৬৬.৭৫ মিলিয়ন কিল গ্রাম। যোৱা বছৰৰ ছেপ্টেম্বৰত উৎপাদন হৈছিল ১৪২.৫৬ মিলিয়ন কিল গ্রাম। দক্ষিণ ভাৰতত যোৱা মাহত আনুমানিক ২৩.২৮ মিলিয়ন কিল' গ্রাম চাহ উৎপাদন হয়। এবছৰৰ আগতে আছিল ২০.৬১ মিলিয়ন কিল'গ্রাম।

আন এক বাতৰি মতে, ভাৰতীয় চাহ পৰিষদৰ অধ্যক্ষ নলীন খেমানিয়ে যোৱা সপ্তাহত কৈছিল যে অসমৰ চাহ উদ্যোগ বৃহত্তম প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। কাৰণ চাহৰ দাম একে আছে, কিন্তু উৎপাদন ব্যয় বাঢ়িছে আৰু উৎপাদকতা কমিছে। তেওঁ কৈছিল যে অসমত চাহ বাগিচাত প্রতি হেক্টৰত শ্ৰমিকৰ বাবদ খৰচ হয় ৭৮৭.৫০ টকা, কিন্তু দক্ষিণ ভাৰতৰ ৰাজ্যবোৰত ৩৪১.৮০ টকা। তেওঁ লগতে কৈছিল যে যোৱা চাৰি মাহত অসমত শ্ৰমিকৰ ডাঙৰ নাটনি হৈছে, ফলত চাহপাত ছিঙাৰ মান নিম্নগামী হৈছে। অসমৰ চাহ উদ্যোগৰ উৎপাদকতা উন্নত কৰিবৰ বাবে তেওঁ যন্ত্ৰৰ ব্যৱহাৰৰ পোষকতা কৰিছিল।

লগতে পঢ়ক-

নেমু গছৰ ডাল ধৰা পদ্ধতিৰে উৎপাদন কৰা পুলিত এবছৰতে লাগে ফল

English Summary: 190 million kg of tea produced in September, Assam produced 109 million kg

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.